ৰাণীৰ পুৰাণ শুকুৰবৰীয়াত ঘৰ ভাঙি ধান খাই বন্যহস্তীৰ তাণ্ডৱ ; কথমপি প্ৰাণৰক্ষা গৃহস্থৰ

0

আজাৰা ,৮ ছেপ্টেম্বৰ : গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী অসম মেঘালয় সীমান্তবৰ্তী ৰাণীত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰব । হাতীৰ জাকে প্ৰতিনিশাই চলোৱা তাণ্ডবৰ বাবে সাধাৰণ ৰাইজে উজাগৰী নিশা পাৰ কৰিবলগীয়া হৈছে । তাৰ মাজতেই ৭ ছেপ্টেম্বৰৰ দিনা পুৱতি নিশা প্ৰায় ২ মান বজাত এটা তিনিজনীয়া বন্যহস্তীৰ এটা জাকে মেঘালয় সীমান্তবৰ্তী পুৰাণ শুকুৰবৰীয়াৰ অকণ বালা ৰাভা (৬১) নামৰ মহিলা গৰাকীৰ ঘৰত উপদ্ৰব চলাই আতংকৰ সৃষ্টি কৰে । হাতীৰ জাকটোৱে অকণ বালা ৰাভাৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰি এটা ঘৰৰ বেৰ ভাঙি বস্তাত ৰখা প্ৰায় দুই কুইণ্টল ধান খাই তাণ্ডৱ চলায়। সেই সময়ত পৰিয়ালটোৰ সদস্যসকলৰ টোপনি আহিছিল । কিন্তু বেৰ ভঙাৰ শব্দত সাৰ পাই উঠি আহি হাতী তিনিটা দেখা পাই ভয়তে বিতত হৈ পৰে । অৱশ্যে সোভাগ্যক্ৰমে হাতীকেইটা পুনৰ অহা বাটেৰে উভতি যোৱাত কথমপি পৰিয়ালটোৰ প্ৰাণৰক্ষা পৰে কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিগত প্ৰায় ডেৰ মাহত পুৰাণ শুকুৰবৰীয়াৰ উপৰিও দাঁতি কাষৰীয়া মেঘালয় সীমান্তবৰ্তী বেলগুৰী , নালাপাৰা, চেঁচা, জয়পুৰ, গাৰোপাৰা, টাংগনপাৰা আদি অঞ্চলত বহু লোকৰ ঘৰৰ চৌহদত বনৰীয়া হাতীৰ জাক প্ৰৱেশ কৰি চোতালত থকা ভঁৰাল ঘৰ ভাঙি ধান খাই তাণ্ডৱৰ সৃষ্টি কৰি আহিছে। উল্লেখ্য যে এইবেলি বনৰীয়া হাতীৰ উপদ্ৰৱে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰা পৰিলক্ষিত হৈছে । মাণিকপুৰ, মৈৰাপুৰ,পুৰাণ শুকুৰবেৰীয়া,বেলগুৰি, মৈৰাপুৰ পাটগাওঁ , চেঁচা , গাৰোপাৰা , জয়পুৰ , মাজপাৰা ,নালাপাৰা , বিক্ৰমপুৰ আদিৰ গঞা ৰাইজে হাতীৰ আক্ৰমণৰ ভয়ত নিতৌ উজাগৰে থাকিবলগীয়া হৈছে। ৰাইজে অভিযোগ কৰা অনুসৰি হাতীৰ তাণ্ডৱৰ বিষয়ে বন বিভাগক অৱগত কৰিলেও খণ্ড বন কাৰ্যালয় আৰু বন শিবিৰৰ প্ৰয়োজনতকৈ বনকৰ্মীৰ সংখ্যা কম হোৱা বাবে সময়মতে বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হব নোৱাৰে। তাৰ মাজতো মহিলা হোৱা স্বত্বেও ৰাণীৰ আঞ্চলিক বন বিষয়া ৰজী বৰ্মনে সীমিত সংখ্যক বনকৰ্মীক লগত লৈ হাতীৰ তাণ্ডৱৰ পৰা কৃষক ৰাইজক ৰক্ষা কৰিবলৈ চেষ্টা চলালেও সি এপাচি শাকত এটা জালুকৰ দৰে হৈ পৰিছে । যাৰ বাবে বৃহত্তৰ ৰাণী অঞ্চলৰ সচেতন ৰাইজে বন বিভাগৰ উৰ্দ্ধতম কৰ্তৃপক্ষক ৰাণীৰ খণ্ড বন কাৰ্যালয় আৰু বন শিবিৰ সমূহত পৰ্যাপ্ত পৰিমাণে বনকৰ্মী নিয়োগ কৰিবলৈ দাবী জনাইছে।

Leave A Reply

Your email address will not be published.