পাণ্ডু সদিলাপুৰত এছ ডি ফায়াৰ প্ৰটেকচনৰ কাৰ্যালয় উদ্ধোধন
জালুকবাৰী ,১৬ মে’ : গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ পাণ্ডু সদিলাপুৰ শাখা ডাকঘৰৰ সমীপত সৰ্বসাধাৰণ ৰাইজৰ সুবিধাৰ্থে ১২ মে’ত এছ ডি ফায়াৰ প্ৰটেকচন নামেৰে এটা প্ৰতিষ্ঠানৰ কাৰ্যালয় উদ্ধোধন কৰা হ’য়। মাংগলিক কাৰ্যৰ মাজেৰে শতাধিক লোকৰ উপস্থিতিত কাৰ্যালয়টো উদ্ধোধন কৰে অসম চৰকাৰৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ ৪২ নং ৱাৰ্ডৰ পোষ্ট ৱাৰ্ডেন যতীন্দ্ৰ ভৰালী আৰু ৫ নং ৱাৰ্ডৰ পোষ্ট ৱাৰ্ডেন তথা বৃহত্তৰ জালুকবাৰী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী হৃষিকেশ দাসে । আনহাতে এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত বিশ্ব কলিতা , সঞ্জয় বিশ্বাস , বিনয় কৃষ্ণ ঠাকুৰীয়া, পদুম শৰ্মা, মুকুট দাস, জয়ন্ত কলিতা, অমৰজ্যোতি ডেকা,কনক দাস, বিনয় মজুমদাৰ,হৰেন চন্দ্ৰ দাসকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য যে প্ৰতিষ্ঠানটোত এতিয়াৰে পৰা ঘৰতে সহজে ব্যৱহাৰ কৰিব পৰা অগ্নি নিৰ্বাপনৰ বহু সজুঁলি উপলব্ধ হব।