গুৱাহাটী, ৮ মাৰ্চ,২০২৫: ভাৰতৰ তাঁৰ আৰু কেবোলজাত সামগ্রী নিৰ্মাতা ভি-মাৰ্ক ইণ্ডিয়া লিমিটেডে গুৱাহাটীলৈকে ব্যৱসায়ৰ সম্প্রসাৰণৰ পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰিছে। প্ৰযুক্তি আৰু উদ্ভাৱনৰ আকৰ্ষণৰ বাবে পৰিচিত গুৱাহাটী হৈছে ভি-মাৰ্কৰ শেহতীয়া পৰিসৰৰ উন্নত তাঁৰ আৰু কেবোলজাত সামগ্রী সমাধান প্রৱৰ্তন কৰাৰ এক মুখ্য বজাৰ। বিস্তৃত গৱেষণাৰ জৰিয়তে বিকশিত আৰু ইলেক্ট্ন বীম (eBeam) প্ৰযুক্তিৰ দ্বাৰা চালিত নতুন সামগ্রী ফ্লেক্সি -টি ইউ এফ ই বি-এইচ এফ এফ আৰ তাঁৰ (Flexi-TUF eB-HFFR wires) আৰু ই বি+ (eB+) পাৱাৰ কেবোল শুভাৰম্ভও গুৱাহাটীত মুকলি সন্মিলনত অনুষ্ঠিত হৈছিল। “ভি-মাৰ্ক হৈছে ভাৰতৰ দ্ৰুততম বিকাশশীল তাঁৰ আৰু কেবোলজাত কোম্পানী। ৰাজহুৱা তালিকাভুক্ত কোম্পানী হিচাপে, আমাৰ লক্ষ হৈছে গ্রাহক আৰু অংশীদাৰসকলৰ বাবে সৰ্বশ্ৰেষ্ঠ ফলাফল প্ৰদান কৰা আৰু নতুন ব্যৱসায়িক উলম্ব সৃষ্টি কৰি সামগ্রীসমূহৰ পৰ্টফোলিঅ’ সম্প্ৰসাৰণ কৰা। গুৱাহাটীত আমাৰ সম্প্ৰসাৰণ আৰু শেহতীয়া ইবিম (eBeam) প্ৰযুক্তি-আধাৰিত সামগ্রীৰ শুভাৰম্ভ নবীকৰণযোগ্য শক্তি তথা শক্তি দক্ষতাৰ ওপৰত ভাৰতৰ বৰ্ধিত গুৰুত্ব সহিতে সঙ্গতি ৰাখে” -ভি-মাৰ্ক ইণ্ডিয়া লিমিটেডৰ কাৰ্য্যবাহী সঞ্চালক শ্রীদীপক টিকলে এইদৰে কয়। ফ্লেক্সি-টি ইউ এফ ই বি-এইচ এফ এফ আৰ তাঁৰ আৰু ই বি+ পাৱাৰ কেবোলত ভি-মাৰ্কৰ দ্বাৰা বিকশিত এক অনন্য ইনচুলেচন সামগ্রী আছে, যি বিপদসংকুল পি ভি চিৰ সলনি এক্স এল পি অ’ আধাৰিত পলিমাৰ প্ৰদান কৰে। এই অভিনব সমাধানবোৰে ৮০% অধিক চলিত বহন ক্ষমতা, ৬০ বছৰতকৈয়ো বেছি সেৱা ক্ষমতা, ১৫০ ডিগ্রী চেন্টিগ্ৰেডলৈকে কামৰ তাপমাত্রা সহিব পৰা সামৰ্থ্যবান তথা শ্বৰ্ট চাৰ্কিটৰ বিৰুদ্ধে শক্তিশালী সুৰক্ষা প্ৰদান কৰিব পাৰে।এই পৰিৱেশ অনুকূল ইনচুলেচনে জুইৰ দ্বাৰা সংঘটিত ঘটনাৰ সময়ত ক্লোৰিন নিৰ্গমন প্ৰতিহত কৰে, যাৰ ফলত শ্বাসৰুদ্ধ হোৱাৰ আশংকা বহুলাংশে হ্ৰাস পায়। এই সামগ্রীবোৰত ব্যৱহৃত উন্নত প্ৰযুক্তি ইতিপূর্বেই ইউৰোপ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ পূৱ এচিয়াত সুপ্ৰতিষ্ঠিত হৈছে। “কোম্পানীটোৱে সমগ্র ভাৰতবৰ্ষতে এই ব্যৱসায়ৰ বিকাশ কৰাৰ উদ্দেশ্যে আগত ৰাখি প্ৰধান এক মূল ৰণনীতি হিচাপে ডিলাৰ আৰু ডিষ্ট্রিবিউটৰৰ সৈতে বন্ধুত্ব সূলভ ব্যৱসায়িক সম্পর্ক শক্তিশালী কৰাত বিশ্বাস ৰাখে” শ্রী কৌশিক ভট্টাচার্য্যই, জেনেৰেল মেনেজাৰ, বিক্রী আৰু বিপণন–ইষ্ট ভি-মাৰ্ক ইণ্ডিয়া লিমিটেড এ এই মন্তব্য কৰে। ভি-মাৰ্কৰ বিস্তাৰিত সামগ্রীৰ পৰিসৰ আৱাসিক, বানিজ্যিক, স্বাস্থ্যসেৱী, ঔদ্যোগিক আৰু আন্ত:গাঠনিৰ প্ৰকল্পকে প্ৰমুখ্য কৰি প্ৰতিটো খণ্ডকে সেৱা আগবঢ়োৱাৰ সক্ষমতা আছে। যিবোৰৰ ভিতৰত আছে MVCC (মিডিয়াম ভল্টেজ কভাৰ্ড কন্ডাক্টৰ) আৰু আনুষঙ্গিক সামগ্রী, সঁজুলি তথা নিয়ন্ত্রক কেবোল, স্বয়ংক্রিয় তাঁৰ আৰু হাৰ্নেচ, চুইচ, এম চি বি ৰ (MCBs) ওপৰিও ফেন আৰু গিজাৰৰ দৰে সৰঞ্জামসমূহ।
Leave a Reply