বৰঝাৰ বিমানবন্দৰত জৰুৰীকালীন অনুশীলন “ৰাইন”তপ্ৰদৰ্শন কৰা হল দুৰ্ঘটনাগ্ৰস্ত বিমানৰ জৰুৰী অবতৰণ

আজাৰা ,২১ ডিচেম্বৰ : গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ২০ ডিচেম্বৰত “ৰাইন” ২০২৪ শীৰ্ষক এক জৰুৰীকালীন অনুশীলন অনুষ্ঠিত হয় । অনুশীলনত বিমান বন্দৰ কৰ্তৃপক্ষৰ উপৰিও বিমান নিয়ন্ত্ৰণ কৰ্তৃপক্ষ, প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী ( এন ডি আৰ এফ )কামৰূপ মহানগৰ জিলা প্ৰশাসন, ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগ, চিকিৎসা দল আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে মিলি জৰুৰীকালীন সময়ত কিদৰে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাৰ এক যৌথ অনুশীলন সম্পন্ন কৰা হয় । এই অনুশীলনত এনে এক দৃশ্যপটৰ অনুকৰণ কৰা হয় য’ত – কলকাতাৰ পৰা গুৱাহাটীলৈ ১১৫ জন যাত্ৰীৰে পৰিপূৰ্ণ এখন বিমান– ভিটি-এক্স.এক্স. এক্সৰ ইঞ্জিনৰ বিকল হোৱাৰ খবৰ দিছিল। বিমানবন্দৰৰ ২ নং ৰাণৱেত অৱতৰণ কৰা বিমানখন টেক্সিৱে গ’ল্ফৰ ওচৰত সংঘটিত হোৱা দুৰ্ঘটনাৰ এক দৃশ্যপট উপস্থাপন কৰা হয়।   অনুশীলনত বিমানবন্দৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন দুৰ্ঘটনা সংঘটিত হোৱা স্থানত ততাতৈয়াকৈ উপস্থিত হৈ জুই নিৰ্বাপিত কৰি বিমানত থকা যাত্ৰীসকলক উদ্ধাৰ কৰে। বিয়লি ডেৰ বজাৰ পৰা আৰম্ভ হোৱাৰ অনুশীলন চাৰে তিনি বজাত সামৰণি পৰে ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*