নলগাঁও প্ৰাথমিক বিদ্যালয়ত ছয়খন বিদ্যালয়ৰ সামূহিক উৎসৱ উদযাপন

মিৰ্জা : পলাশবাৰী ৰাজহ চক্ৰৰ অধীনৰ নলগাঁও প্ৰাথমিক বিদ্যালয়ত আজি উত্তৰ ভোলাগাঁও সমল কেন্দ্ৰৰ অন্তৰ্গত এই বিদ্যালয়খনৰ লগতে মেধিপাৰা প্ৰাথমিক বিদ্যালয়,গৰগৰা প্ৰাথমিক বিদ্যালয়,দলেপাৰা প্ৰাথমিক বিদ্যালয়,স্বৰ্গীয় ৰামমোহন গোস্বামী শিশু প্ৰাথমিক বিদ্যালয়, বৰহেৰামদো প্ৰাথমিক বিদ্যালয় এই ছয়খন বিদ্যালয় মিলি সামূহিক উৎসৱ উদযাপন কৰা হয়। এই উপলক্ষে আজি অঞ্চলটোত প্ৰভাত ফেৰী উলিওৱা হয়। লগতে পুৱা পতাকা উত্তোলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ধীৰেণ কুমাৰে,গছপুলি ৰোপন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তুলসী বৰুৱাই,বন্তি প্ৰজ্বলন কৰে শিক্ষয়িত্ৰী মধুস্মিতা দেৱীয়ে,মঞ্চ মুকলি কৰে বিশিষ্ট ব্যক্তি যুগল চন্দ্ৰ দাস আৰু অৱসৰপ্ৰাপ্ত শিক্ষক কিনাৰাম কৈৱৰ্তই। দুপৰীয়া এই নলগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়ন্ত বৰদলৈয়ে আঁত ধৰা এই সমূহীয়া উৎসৱত উত্তৰ ভোলাগাঁও সমল কেন্দ্ৰৰ চি আৰ চি চি প্ৰাঞ্জলী ভট্টই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মাতৃগোটৰ শলাগ লয়। মাতৃসকলে শিশুসকলৰ ভৱিষ্যত নিৰ্মাণত সদায়েই আগভাগ লৈ আহিছে বুলি কয়। তেওঁ ছাত্ৰ ছাত্ৰীসকলক ভালদৰে পঢ়া শুনা কৰি এগৰাকী সুনাগৰিক হ’বলৈ আহ্বান জনায়। শিক্ষয়িত্ৰী মামণি কলিতাই অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলক নিয়মানুৱৰ্তিতা,শিষ্টাচাৰ বজাই ৰাখিবলৈ আহ্বান জনায়। লগতে ভালদৰে পঢ়া-শুনা কৰিবলৈ কয়। লগতে এই অনুষ্ঠানত আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰে। শেষত এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক জয়ন্ত বৰদলৈয়ে ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। ছাত্ৰ ছাত্ৰীসকল এদিন দেশৰ সুনাগৰিক হোৱাৰ তেওঁ আশা প্ৰকাশ কৰে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এই বিদ্যালয় খেইখনৰ পৰিচালনা সমিতি,মাতৃগোট,ছাত্ৰ ছাত্ৰীৰ দ্বাৰা নৃত্য গীত, কবিতা আবৃত্তি,সম্বৰ্ধনা আদি কেইবাটাও কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয়।,

Be the first to comment

Leave a Reply

Your email address will not be published.


*