জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ মাহিলী বৈঠকত কুইজ প্ৰতিযোগিতা

0

জালুকবাৰী ,৩১ ডিচেম্বৰ : জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ ত্ৰিংশ বৰ্ষৰ অষ্টমখন বৈঠক সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত যোৱা ২৮ ডিচেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় l সদস্যাসকলৰ আৰম্ভণী সংগীতৰ পাছতে সম্পাদিকা গীতিকা দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাদেৱৰ বছৰজোৰা জন্ম শত বাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি শাখাৰ সদস্যাসকলৰ মাজত সুধাকণ্ঠৰ ওপৰত এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। আঠটা দুজনীয়া দলৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন সঞ্চালনা কৰে ডঃ অপৰ্ণা গোস্বামী আৰু মূল্যায়ন কৰে ডঃ মালা চলিহাই । কুইজ প্ৰতিযোগিতাখনত প্রথম পুৰস্কাৰ লাভ কৰে অঞ্জু দত্ত শইকীয়া আৰু ভাৰতী চমুৱাই, দ্বিতীয় স্থান লাভ কৰে বিজু মেধি আৰু মল্লিকা বৰা আৰু তৃতীয় স্থান পায় মানসী শৰ্মা বৰুৱা আৰু গীতিকা শৰ্মাই। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই ডঃ মীনা দেৱীয়ে ।

Leave A Reply

Your email address will not be published.