গুৱাহাটী : ভাৰতবৰ্ষৰ অগ্রগণ্য ব্যক্তিগত খণ্ডৰ এইচ ডি এফ চি বেঙ্কে ইয়াৰ ফ্লেগশ্বিপ চি এচ আৰৰ উদ্যোগত “পৰিবৰ্তন” ৰ অধীনত দেশব্যাপী ৰক্তদান অভিযানৰ ষোড়শ সংখ্যক সংস্কৰণৰ আয়োজিত কৰিবলৈ সাজু হৈছে। ৬ ডিচেম্বৰ, ২০২৪ তাৰিখে প্ৰাত: ৯.৩০ বজাৰ পৰা আবেলি ৫.৩০ বজালৈ নিৰ্ধাৰিত এই অভিযান সমগ্ৰ দেশৰ ১১০০+ ৰো অধিক চহৰত সম্পাদিত হ’ব। চলিত বৰ্ষত এইচ ডি এফ চি বেঙ্কে বিগত বৰ্ষসমূহৰ তুলনাত বৰ্ধিত সংখ্যক ৰক্তদাতাৰ অংশগ্রহণৰ মানস কৰিছে, য’ত প্ৰায় ছয় লাখ ইউনিটতকৈয়ো অধিক তেজ সংগ্রহৰ আশা ৰাখিছে। এই অভিযানত অংশগ্রহণকাৰীসকলৰ ভিতৰত থাকিব এইচ ডি এফ চি বেঙ্কৰ কৰ্মচাৰীসকল,গ্ৰাহকসকল,কৰ্প’ৰেট, প্ৰতিৰক্ষা বাহিনীৰ সদস্যসমূহ,শিক্ষার্থীসকল আৰু সাধাৰণ লোকসকল। প্ৰতিষ্ঠানটোৱে সমাজৰ কল্যাণার্থে বেঙ্কৰ প্ৰতিশ্ৰুতিবোৰৰ বিষয়ত গুৰুত্ব আৰোপ কৰে আৰু দেশৰ তেজ যোগানৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ ক্ষেত্রত লেখত ল’বলগীয়া ভূমিকা পালন কৰে। “আমি এইচ ডি এফ চি বেঙ্কে সামূহিক পদক্ষেপৰ পৰিবৰ্তনশীল শক্তিত সুদৃঢ় বিশ্বাস ৰাখো। আমাৰ এই ষোড়শ সংখ্যক সৰ্বভাৰতীয় ৰক্তদান অভিযানৰ জৰিয়তে আমি জনসমাজলৈ এক অৰ্থপূৰ্ণ অৱদান আগবঢ়োৱাৰ সমান্তৰালভাৱে এখন মঞ্চ প্ৰদান কৰাৰ লক্ষ্য সমুখত ৰাখিছো। প্ৰতিটো টোপাল ৰক্তৰে জীবন ৰক্ষা কৰাৰ সম্ভাৱনা আছে।আমি দানৰ লগতে দায়িত্ববোধৰ সংস্কৃতি গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ”, এইচ ডি এফ চি বেঙ্কৰ উপ পৰিচালন সঞ্চালক শ্রীকাইজাদ ভাৰুচাই এইদৰে মন্তব্য কৰে। ওঠৰ বছৰ বয়সৰ পৰা ষাঠি বছৰ বয়সীয়া সুস্বাস্থ্যবান প্ৰতিগৰাকী লোকৰ বাবে এই অভিযান মুকলি থাকিব।ৰক্তদাতাৰ শাৰীৰিক ওজন, হিম’গ্ল’বিনৰ স্তৰ, চিকিৎসা সেৱা মাপক সুস্থতা আৰু ৰক্তচাপ পৰীক্ষাৰ পাছত এগৰাকী লোকে চিকিৎসকৰ অনুমোদন সাপেক্ষে ৰক্তদান কৰিব পাৰিব।মুঠতে ৰক্তদাতাই অন্তিমবাৰ ৰক্তদান কৰাৰ ম্যাদ তিনিমাহৰ পূর্বে হোৱাটো বাঞ্চনীয় আৰু ৰক্তদাতাই যাতে বিগত এসপ্তাহৰ ভিতৰত পানীলগা অথবা জ্বৰ কাঁহ হ’ব নালাগিব।
বিষয়টোৰ প্ৰতি আগ্ৰহীসকলে ৬ ডিচেম্বৰত ৰক্তদান কৰিবৰ বাবে যিকোনো এটা অংশগ্রহণকাৰী শিবিৰত উপস্থিত হ’ব পাৰে। শিবিৰৰ অৱস্থানৰ সম্পূর্ণ তালিকা এইচ ডি এফ চি বেঙ্কৰ ৱেবচাইট তথা অন্যান্য ডিজিটেল প্লেটফৰ্মত উপলব্ধ হ’ব। ই অভিযানৰ শুভাৰম্ভণী ২০০৭ চনৰ পৰা অদ্যবধি ৰক্তদান অভিযানৰ উল্লেখ্য শ্রীবৃদ্ধি হৈছে। ৮৮ কেন্দ্র আৰু ৪,৩৮৫ ইউনিটৰ পৰা ২০২৩ চনত ৭,৪৮৭ শিবিৰ আৰু প্ৰায় ৬ লক্ষ ইউনিটলৈকে অতিসম্প্রতি সম্প্ৰসাৰিত হৈছে। বিগত বৰ্ষত ১,৯০০ মহাবিদ্যালয়, ৭০০ কৰ্প’ৰেট আৰু ১০০ টা প্ৰতিৰক্ষা তথা সেৱা বাহিনীৰ কৰ্মচাৰী গোটে অংশগ্রহণ কৰিছিল। উল্লেখযোগ্য যে এইচ ডি এফ চি বেঙ্কৰ “পৰিবৰ্তন” বাৰ্ষিক ৰক্তদান অভিযানে ২০১৩ চনত “সৰ্ববৃহৎ (একক দিন, একাধিক অৱস্থান) ৰক্তদান অভিযান” পৰিচালনা কৰাৰ বাবে গীনিচ ৱৰ্ল্ড ৰেকৰ্ড স্হাপন কৰিছিল।
Leave a Reply