উত্তৰ প্ৰদেশত মহাকুম্ভ মেলা


গুৱাহাটী ২৪ ডিচেম্বৰ : উত্তৰ প্ৰদেশ চৰকাৰৰ ষ্টাম্প তথা আদালত মাচুল আৰু পঞ্জীয়ন মন্ত্রী শ্রী ৰবীন্দ্ৰ জয়ছোৱালে অনাগত ২০২৫ চনৰ প্ৰয়াগৰাজ মহাকুম্ভৰ প্ৰচাৰৰ বাবে গুৱাহাটীত এটা বিশেষ অনুষ্ঠানত নেতৃত্ব দিয়ে,য’ত উত্তৰ প্ৰদেশ চৰকাৰৰ আধ্যাত্মিকভাবে সমৃদ্ধিশালী,ডিজিটেলী বৰ্ধিত আৰু সুবিশাল অনুষ্ঠান আয়োজনৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মন্ত্রী জয়ছোৱালে এই মহাকুম্ভমেলাক বৈচিত্র্যৰ মাজত ভাৰতবৰ্ষৰ ঐক্যৰ প্ৰতীক হিচাপে অভিহিত কৰে আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ওপৰত আলোকপাত কৰি অসম আৰু উত্তৰ পূবৰ জনসাধাৰণক অনুষ্ঠানটোত অংশগ্রহণ কৰিবলৈ আমন্ত্রণ জনায়।
২০২৫ চনৰ জানুৱাৰী মাহৰ ১৩ তাৰিখৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ নিৰ্ধাৰিত মহাকুম্ভ, ইউনেস্কো (UNESCO) -স্বীকৃত ঐতিহ্যক্ষেত্র প্ৰয়াগৰাজৰ গঙ্গা,যমুনা আৰু সৰস্বতী নদীৰ সুপবিত্ৰ তীৰত অনুষ্ঠিত হ’ব। মন্ত্রী জয়ছোৱালে প্ৰতিশ্ৰুতি দিয়ে যে ২০২৫ চনৰ মহাকুম্ভই ২০১৯ চনৰ সংস্কৰণক জাকজমকতা আৰু মাপকাঠিৰ ক্ষেত্রত দুয়োটা দিশতে অতিক্রম কৰিব আৰু ৪৫০ নিযুততকৈও অধিক তীৰ্থযাত্ৰী,সাধু সন্ত তথা পৰ্যটক উপস্থিত থাকিব বুলি আশা কৰা হৈছে।
পৰিষ্কাৰ, পৰিচ্ছন্নতা, পাৰিপাৰ্শ্বিক স্থিৰতা আৰু ডিজিটেল একত্রিকৰণ নিশ্চিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ সহিতে অনুষ্ঠানটো হ’ব, “স্বচ্ছ, স্বাস্থ্যকৰ,সুৰক্ষিত তথা হৰিৎ মহাকুম্ভ”। ইয়াতে অন্তর্ভুক্ত থাকিব প্লাষ্টিকবিহীন পৰিৱেশ, ৩ লক্ষ বৃক্ষৰোপণ, ৱেবছাইট, মোবাইল এপ, কিউ আৰ আধাৰিত পাছৰ লেখিয়া ডিজিটেল সঁজুলিৰ ব্যৱহাৰ। উপস্থিত অভ্যাগতৰ প্ৰত্যাশিত প্রৱেশ সূচাৰূভাৱে নিয়ন্ত্রণ কৰিবলৈ স্মার্ট পাৰ্কিঙ আৰু এ আই পৰিচালিত ক্ৰাউড মেনেজমেন্ট প্ৰণালীও প্ৰস্তুত হ’ব।
লক্ষ্যনীয় যে তীৰ্থযাত্ৰী, সাধু সন্ত আৰু পৰ্যটকৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি একাধিক চিকিৎসালয় তথা বিশেষ সেৱা গোটকে প্ৰমুখ্য কৰি শক্তিশালী স্বাস্থ্যসেৱা প্ৰদান কৰা হ’ব। উত্তৰ প্ৰদেশ চৰকাৰে সমস্ত লজিষ্টিক, ভিৰ নিয়ন্ত্রণ ব্যৱস্থাপনাৰ সমান্তৰালভাৱে সুৰক্ষা ব্যৱস্থাৰো বাস্তবসন্মত সময় নিৰীক্ষণৰ হকে এটা অত্যাধুনিক ইন্টিগ্রেটেড কন্ট্রোল ক’মাণ্ড চেন্টাৰো স্থাপন কৰিছে।
চৰকাৰৰ তৰফৰ পৰা তীৰ্থযাত্ৰীৰ বাবে ট্ৰেডিঙৰ প্ৰযুক্তি ব্যৱহাৰ কৰি আছে। প্ৰত্যাশিত ৪৫০ নিযুত দৰ্শনাৰ্থীক পৰিচালনা কৰিবলৈ আৰ এফ আই ডি(RFID) ৰিষ্টবেণ্ড, মোবাইল এপ, জি পিএচ(GPS) আৰু কেমেৰা আধাৰিত প্ৰণালী ব্যৱহাৰ কৰা হ’ব। মুম্বাইৰ মেৰাইন ড্রাইভৰ পিছতে আৰ্হি প্ৰস্তুত কৰা ৪৪ টা ঘাটত পুষ্প বৃষ্টি তথা নকৈ বিকশিত নদীৰ সমুখ ভাগত মহাকুম্ভৰ এক পৰিদৃশ্যমান, আকৰ্ষণীয় আৰু আধ্যাত্মিক উত্থানশীল অভিজ্ঞতা প্ৰদৰ্শনৰ প্ৰতিশ্ৰুতি দিয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ নেতৃত্বাধীন এই অনুষ্ঠানত সমগ্র ভাৰতবৰ্ষৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য বিশ্ববাসীৰ সমুখত প্ৰদৰ্শন কৰা হ’ব,সেয়ে সমগ্র ভাৰতবৰ্ষৰ লগতে বিশ্বব্যাপী সকলো লোককে এই পবিত্র তীৰ্থযাত্ৰাত অংশগ্রহণৰ বাবে আমন্ত্রণ জনোৱা হ’ব।

Be the first to comment

Leave a Reply

Your email address will not be published.


*