
কলিকতাৰ “বর্ধমান দ্যা পাপেটিয়াৰ্ছে” যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ “আন্তৰ্জাতিক পুতুল নাট্য উৎসৱ ২০২৫”, ষষ্ঠ পুতুল খেলা লোকমঞ্চ বর্ধমান আৰু গোবৰডাঙা সংস্কৃতি কেন্দ্ৰত চাৰিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায়। যোৱা ১ আৰু ৩ মাৰ্চত অসমৰ লোক সম্পদ পুতলা নাচ সংগীত নাটক অকাডেমীৰ পৰা ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত বিনীতা দেৱীৰ পৰিচালনাত “ৰাৱণ বধ” মঞ্চস্থ হয়। নাটখনৰ ৰচনা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ফেল’স্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ। পুতলা নাটখনত লাঠী পুতলা, ছাঁ পুতলা আৰু সূতা পুতলাৰ জৰিয়তে হিন্দী ভাষাত পৰিৱেশিত হয়। নাট খনৰ হিন্দী অনুবাদ হাৰ্দিক শৰ্মাৰ। “ৰাৱণ বধ” নাটখনে “আন্তৰ্জাতিক পুতুল নাট্য উৎসৱ ২০২৫”ত উপস্থিত থকা দেশ-বিদেশৰ শিল্পী আৰু বিশিষ্ট অতিথি সকলৰ পৰা যথেষ্ট সমাদৰ লাভ কৰে । পুতলা নাট খনত পৰিবেশন কৰা পুতলা সমূহৰ সঞ্চালন প্ৰতিটো দৃশ্য সুন্দৰ ভাৱে উপস্থাপন কৰিছিল। নাট এখনত নাট্য শাস্ত্ৰৰ নৱৰস অন্তৰ্নিহিত হোৱাটো প্ৰয়োজনীয় দিশ। “ৰাৱণ বধ” নাট খনত সকলো ৰসেই দেখুওৱা হৈছিল ৷ নাটৰ চৰিত্ৰ সমূহৰ ৰাম, সীতা, লক্ষণ, ৰাৱণ, সুৰপনাখা আৰু জতায়ুৰ পুতলা সঞ্চালনে দৰ্শকক অভিভূত কৰি তুলিছিল। সুৰপনাখাৰ পৰা সুন্দৰী নাৰীলৈ সলনি হোৱা কলা কৌশল দেখি দৰ্শক অভিভূত হৈ পৰে। লক্ষ্মণে সুৰপনাখাৰ নাক কটা আৰু হনুমানে লঙ্কাত জুই লগাই দিয়া কৌশলৰ দৃশ্যই যথেষ্ট আমোদ দিছিল। হনুমানে লঙ্কা কাণ্ড জ্বলাই দিয়াত হনুমানৰ লগতে দৰ্শক সকলে থিয় হৈ “জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম” বুলি একেলগে উচ্চস্বৰে সেৱা জনাই স্মৰন কৰে। ৰাৱণ আৰু জটায়ুৰ যুদ্ধই দৰ্শকক অভিভূত কৰি তুলিছিল। সীতাক ৰাৱণৰ পৰা উদ্ধাৰ কৰাৰ বাবে জটায়ুৰ যি প্ৰচেষ্টা তাক সুন্দৰ কৈ প্ৰতিফলিত কৰিছে নাটখনত। সাগৰ চৰিত্ৰ দেখাবলৈ কাপোৰৰ জৰিয়তে পুতলা সঞ্চালন দেখাই দৰ্শকক মোহিত কৰিছিল । তেনে নাট সফল ভাৱে পুতলাৰ জৰিয়তে মঞ্চায়ন কৰাটো কঠিন। নাটখনৰে প্ৰতিটো দৃশ্যৰ পুতলা সমূহৰ সঞ্চালনৰ শৈলী দেখি দৰ্শক সকল অভিভূত হৈ পৰে। নাটৰ বিভিন্ন কলা কৌশলী মায়া জালেৰে বান্ধি ৰাখিছে দৰ্শক সকলক । প্ৰতিটো সংলাপেই সাহিত্যৰ প্ৰাণত মিঠা আচোৰ মাৰিছে ৷ কোনো ধৰণৰ অলাগতীয়াল শব্দ ব্যবহাৰ কৰা নাই। নাটত পৰিৱেশ পৰিস্থিতি অনুসৰি অসমৰ লোক সঙ্গীতৰ ব্যৱহাৰে দৰ্শক সকলক হৃদয় স্পৰ্শ কৰিছে। সেয়ে হয়তো দৰ্শকৰ মনপ্ৰাণ প্ৰতিটো দৃশ্যই এক অভিনৱ আকৰ্ষণৰ মাজেৰে ডুবাই ৰাখে ৷ “ৰাৱণ বধ” নাট খনত সংগীত পৰিচালনা অভিজিৎ বৰ্মণৰ । নাটক খনত “আন্তৰ্জাতিক পুতুল নাট্য উৎসৱ ২০২৫” ত আধ্যাত্মিক সংগীত, লোক সংগীত, পাশ্চাত্য সংগীতৰ সংমিশ্ৰণৰ মধুৰ সুৰে সকলোকে মন্ত্ৰ মুগ্ধ কৰি তুলিছিল। পুতলা নাট খনত পুতলা সমূহ সঞ্চালন কৰিছিল বিনীতা দেৱী, প্ৰণৱ জ্যোতি ৰাভা, ধ্ৰুৱ জ্যোতি কলিতা, দেৱ প্ৰতীম গোস্বামী, ৰাকিবুল আহমেদ, কৰিস্মিতা তালুকদাৰ আৰু সীমান্ত শৰ্মাই। নাট খনত আলোক সজ্জা স্বপন দাসৰ। সাজ সজ্জা তৃষ্ণা ৰাজবংশী, দীপা মহন্ত, হিমাংশু দাস, গণেশ বড়ো আৰু কৃতাৰ্থ শৰ্মাৰ। “ৰাৱণ বধ” নাট খনৰ চৰিত্ৰ সমূহত কণ্ঠস্বৰ স্বপন দাস, বিনীতা দেৱী, প্ৰদ্যুৎ বিকাশ দাস, নিৰ্মালি দেৱী, দেৱপ্ৰতীম গোস্বামী, প্ৰাণজিৎ প্ৰতীম কলিতা আৰু দক্ষিণা নাথৰ । “আন্তৰ্জাতিক পুতুল নাট্য উৎসৱ ২০২৫” ত উপস্থিত থকা দেশ-বিদেশৰ শিল্পী আৰু দৰ্শক সকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰাটো পৰিচালক বিনীতা দেৱীৰ কৃতিত্ব দাবী কৰিব পাৰি ৷ বিনীতা দেবীৰ পৰিচালিত নাট সমূহৰ এটা বিশেষত্ব হল সমাজ ব্যবস্থাৰ লগত জৰিত আৰু তাৰ লগতে তেখেতে আধ্যাত্মিক নাটক সমূহো পৰিৱেশিত কৰি আহিছে। “ৰাৱণ বধ” নাট খন অসমীয়া আৰু হিন্দী ভাষাত ভাৰত চৰকাৰৰ অধীনৰ সাংস্কৃতিক মঞ্চত বহু ৰাজ্যত পৰিৱেশন কৰি সমাদৰ লাভ কৰিছে।
Leave a Reply