ভূটানত লকডাউন ঘােষণা।

কোৰােনাৰ সংক্রমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া ৰাষ্ট্র ভূটানত লকডাউন ঘােষণা কৰা হৈছে। মঙলবাৰে ভূটান চৰকাৰে দেশখনত এসপ্তাহৰ বাবে লকডাউন ঘােষণা কৰে। উল্লেখ্য যে ভূটানৰ ৰাজধানী থিম্ফত যােৱা দুদিনত ২৬ গৰাকী ক’ভিড ৰােগীক চিনাক্ত কৰা হৈছিল।