আধৰুৱা হৈ ৰল দক্ষিণ কামৰূপৰ সংবাদ-সাহিত্যৰ বাটকটীয়াস্বৰূপ শিৱচৰণ কলিতাৰ সপোন

মহামাৰী কৰোণাই প্ৰাণ ললে তেওঁৰ। হঠাতে অহা এই দুখৱৰে হতবাক কৰি তুলিলে বহুজনক। অসমীয়া সাহিত্যত ষাঠিৰ দশকৰ পৰাই ‘নতুন অসমীয়া’ কাকতৰ জৰিয়তে সংবাদ সেৱাৰ লগত জড়িত হৈ মৃত্যু পৰ্যন্ত সংবাদ সেৱা আৰু সাহিত্য চৰ্চা কৰি আহিছিল মানুহগৰাকীয়ে। বিশেষকৈ দক্ষিণ কামৰূপত সংবাদসেৱা আৰু সাহিত্য চৰ্চাক সমান্তৰালভাৱে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বাটকটীয়াস্বৰূপ যিসকল ব্যক্তিৰ নাম আমি লব পাৰো সেইসকলৰ অন্যতম আছিল ছয়গাও আলেকজাৰীৰ স্বনামধন্য শিৱচৰণ কলিতা। কিন্তু মহামাৰী কৰোণাৰ গ্ৰাসত পৰি সংকটজনক অৱস্থাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত কেবাদিনো যুজঁ দি অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানি হঠাতে কাহিনীও উভতি নহাৰ বাটেৰে তেওঁ গলগৈ। বহু আধৰুৱা সপোন দিথকত ৰূপ দিবলৈ নাপালে তেওঁ। কালৰ কুটিল সময়ৰ আহ্বানক স্বাগতম জনাই হঠাতে হেৰাই গল অসীমৰ সীমনাত।
‘ নতুন অসমীয়া’ কাকতত সংৱাদসেৱী হিচাপে পাতনি মেলা প্ৰতিবাদী কণ্ঠ, সুবক্তা, নিবন্ধকাৰ শিৱচৰণ কলিতাই সংবাদ আৰু সাহিত্যত মনোনিৱেশ কৰি অহাৰ ফলস্বৰূপে ‘সয়ম বীক্ষণ’ (প্ৰৱন্ধ সংকলন), ‘ নতুন দিনৰ মানুহ ‘ (কাব্য সংকলন) আৰু ‘মেঘে ঢকা স্বদেশ ‘( প্ৰৱন্ধ সংকলন) আদি মূল্যবান গ্ৰন্থ অসমীয়া সাহিত্যৰ ভৰাললৈ উপহাৰ দিছিল। আনহাতে, তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত তথ্য সংগৃহীত তথা বিভিন্নজনৰ লেখাৰে সম্বৃদ্ধ এখন অভিনন্দন গ্ৰন্থ ছপাশালতেই আধৰুৱা হৈ পৰি থাকিল। ১৯৩৮ চনৰ ১৪ চেপ্তম্বৰত জন্মলাভ কৰা ছয়গাও আলেকজাৰীৰ স্বৰ্গীয় কাজিৰাম কলিতা আৰু স্বৰ্গীয়া খঞ্জনিকা কলিতাৰ পুত্র শিৱচৰণ কলিতাই বয়সৰ জোখাৰে চাৰিকুৰিৰ দেওনা পাৰ হৈও মৃত্যু পৰ্যন্ত সংবাদ আৰু সাহিত্যৰ লগত জড়িত হৈ থকাটো দক্ষিণ কামৰূপবাসীৰ বাবে গৌৰৱৰ বিষয় আছিল যদিও হঠাতে কৰোণাই প্ৰাণ কাঢ়ি নিয়াটো আমাৰ বাবে সচাকৈয়ে অসহনীয়। প্ৰথমে শিক্ষকতা আৰু তাৰ পিছত ভাৰতীয় জীৱন বিমা নিগমৰ সহকাৰী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০০১ চনৰ ৩১ মেত অৱসৰ গ্ৰহণ কৰা কলিতা সংবাদ আৰু সাহিত্যৰ জগতত সু প্ৰতিষ্ঠিত আছিল। নলিনীধৰ ভট্টাচাৰ্যই শিৱচৰণ কলিতা সম্পৰ্কত কৈছিল- ‘ কলিতা নিজে জীৱনত নানা খুন্দা-খুন্দুলি, ঠেকা খাই অভিজ্ঞ হৈছে, সমাজৰ কুন্ধচ ৰূপটো সম্পৰ্কে তেওঁ অত্যন্ত সজাগ।এনে সজাগতাই তেওঁৰ যি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে তাৰ প্ৰতিধ্বনি তেওঁ শব্দত ধৰি ৰাখিবলৈ যত্ন কৰিছে।নতুন দিনৰ মানুহটো তেওঁ আশাবাদী, মানুহৰ ওপৰত তেওঁ গভীৰ আস্থা প্ৰকাশ কৰিছে। নতুন মানুহে শোষণ জৰ্জৰ সমাজ পৰিৱৰ্তনত ‘দেওলগা চোলা’ পিন্ধি ভাগ লব।এইবোৰ নিশ্চয় এজন মানৱদৰদী কবিৰ ভাষা। ‘ প্ৰকৃতাৰ্থত এইগৰাকী বাটকটীয়া স্বৰূপ ব্যক্তিৰ সৈতে গভীৰ সম্পৰ্ক ৰক্ষা কৰি সংবাদ আৰু সাহিত্য জগতৰ নানা অভিজ্ঞতা লাভ কৰিছো। সেয়েহে তেওঁৰ আদৰ্শগত দিশ এই লেখকৰ বাবেও আদৰ্শনীয়। আনহাতে, নতুনক পোহৰৰ বাট দেখুৱাই বহুত উপকৃত কৰি নিজৰ বহু আধৰুৱা কাম সংগোপনে বোকোচাত সামৰি অৱশেষত হঠাতে গুচি গল। এয়া নিসন্দেহে অসমীয়া সংবাদ-সাহিত্যৰ বাবে অপুৰণীয় ক্ষতি।
মাদাৰ টেৰেছাই কৈছিল—‘ কুষ্ঠ ৰোগীক গা ধুৱাই দিয়াতকৈও সাংবাদিকৰ মুখামুখি হোৱাটো বেছি টান কাম।’ কিছু বছৰ আগলৈ আমাৰ ৰাজ্যটো সংবাদসেৱীসকলৰ জ্ঞানৰ গভীৰতা যথেষ্ট আছিল আৰু তেওঁলোকৰ আদৰ্শৱো সমাজৰ সৈতে সংপৃক্ত আছিল। সাম্প্ৰতিক সময়ত সংবাদসেৱীসকলৰ জ্ঞানৰ গভীৰতা আৰু আদৰ্শৰ প্ৰতি সততে জনসাধাৰণে প্ৰশ্ন উত্থাপন কৰাৱো পৰিলক্ষিত হয়। তাৰ মাজতো কিন্তু মাদাৰ টেৰেছাই কোৱাৰ দৰে সংবাদসেৱী হিচাপে শিৱচৰণ কলিতাৰ সততা আৰু আদৰ্শ সকলোৰে বাবে প্ৰশংসনীয় দিশ আছিল। তেওঁ ‘ সমাজ, সাহিত্য আৰু দায়িত্ব ‘ নামৰ নিবন্ধত লিখিছিল- ‘ সাম্ৰাজ্যবাদী আৰু পুজিপতিসকলৰ বাঘ নখেৰে ক্ষত-বিক্ষত হোৱা তৃতীয় বিশ্বৰ দেশ ভাৰতবৰ্ষৰ কথাটো বাদেই, খোদ আমেৰিকাতেই মহৎ সাহিত্য পঢ়া লোকৰ সংখ্যা ভয়াবহ হাৰত কমি আহিছে। ইয়াৰ বিপৰীতে অপকৃষ্ট ৰচনা বিশেষকৈ যৌনতাৰ নগ্ন আচোৰ থকা সাহিত্যই পঢ়ুৱৈ সমাজৰ মন মুহিবলৈ ভালেখিনি সক্ষম হৈছে। ‘ কলিতাৰ এনেধৰণৰ চিন্তাশীল লেখনিত প্ৰকৃততে যে মানুহগৰাকীৰ নিৰ্ভিক আৰু নিজস্ব দৰ্শন আছে সেয়া স্পষ্ট হৈ পৰে। মাদাৰ টেৰেছাই কোৱা কথাষাৰৰ দৰেই প্ৰকৃতাৰ্থত সাংবাদিক-লেখকৰ জ্ঞান আৰু অভিজ্ঞতা যথেষ্ট থাকে, সেয়া সদ্য প্ৰয়াত শিৱচৰণ কলিতাৰ ক্ষেত্ৰত স্পষ্ট ৰূপত প্ৰযোজ্য।
জীৱনজোৰা সাধনাৰে সমাজৰ সতে মিলি, ওপজা ঠাইৰ বোকা-পানীৰ সতে সহবাস কৰি জীৱন পাৰ কৰা এইগৰাকী স্বনামধন্য ব্যক্তি শিৱচৰণ কলিতা দক্ষিণ কামৰূপবাসীৰ বাবেই নহয়, অসমীয়া সমাজ জীৱন আৰু দুখীয়া-দৰিদ্ৰ লোকৰ বাবে আদৰ্শ হৈ থাকিব। এগৰাকী ব্যক্তিয়ে চিৰ তৰুণৰ দৰে থাকি সমাজক নতুন পথৰ সন্ধান দি গল। কিন্তু হঠাতে এইদৰে হেৰুৱাব লগা হব বুলি কোনো অনুগামীয়ে হয়তো ভবাই নাছিল। যাও বুলিয়েই সামান্য অযুহাত এটা লৈয়ে মানুহগৰাকী গলগৈ। কাহিনীও উভতি নহাৰ বাটেৰে বাট বুলি হেৰাই থাকিল অসীমৰ সীমনাত। এই লেখকৰে প্ৰতিটো সুখ দুখৰ সম্পৰ্কৰে অতি ঘনিষ্ঠতা আছিল। সকলো সময়তে কিবা নহয় কিবা কামত ব্যস্ত থকা মানুহগৰাকীৰ কৰিবলগীয়া বহু কাম আধৰুৱা হৈ থাকিল। তথাপিও স্বপ্ৰতিভা, স্বমহিমাৰে উজ্জ্বলি থকা মানুহগৰাকীৰ কৰ্মৰাজি সকলোৰে বাবে আদৰ্শ হৈ থাকিব……!

     
      কিশোৰ কুমাৰ কলিতা
      দখলা, বিজয়নগৰ
      দক্ষিণ কামৰূপ
      ৯৯৫৪০৩০৯৩১

Be the first to comment

Leave a Reply

Your email address will not be published.


*