এয়াৰটেলৰ গ্ৰাহকৰ বাবে ৩০,০০০ টকাতকৈ অধিক মূল্যৰ বিশেষ সুবিধা, ‘এয়াৰটেল ইনছাইডাৰ’ৰ জৰিয়তে লাভ কৰিব বিভিন্ন আকৰ্ষণীয় অফাৰ

শ্বপিং, ভ্ৰমণ, খাদ্য, মনোৰঞ্জন আৰু প্ৰিমিয়াম ছাবস্ক্ৰিপচনকে ধৰি আগশাৰীৰ ব্ৰেণ্ডৰ বিভিন্ন অফাৰ এতিয়া একেটা স্থানতে
এয়াৰটেলৰ গ্ৰাহকসকলে এতিয়াৰে পৰা কেৱল উন্নত সংযোগ সেৱাই নহয়, ইয়াৰ লগতে লাভ কৰিব ৩০,০০০ টকাতকৈ অধিক মূল্যৰ বিভিন্ন আকৰ্ষণীয় সুবিধা। ‘এয়াৰটেল ইনছাইডাৰ’ৰ জৰিয়তে গ্ৰাহকসকলে বিভিন্ন আগশাৰীৰ ব্ৰেণ্ড আৰু সেৱাৰ বিশেষ অফাৰ লাভ কৰিব পাৰিব। এই সুবিধাসমূহে গ্ৰাহকৰ দৈনন্দিন অভিজ্ঞতাক অধিক আনন্দদায়ক কৰি তুলিব।
এয়াৰটেল ইনছাইডাৰৰ ধাৰণাটো অতি সহজ। এয়াৰটেলৰ গ্ৰাহক হোৱাৰ অৰ্থ কেৱল সংযোগৰ সুবিধা লাভ কৰাই নহয়, ইয়াৰ জৰিয়তে গ্ৰাহকে অতিৰিক্ত সুবিধাও লাভ কৰিব পাৰে। ডুঅ’লিংগো -ৰ জৰিয়তে নতুন ভাষা শিকা, ক্ৰ’মা -ৰ পৰা বিভিন্ন ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় কৰা, চিনেপলিছ–ত চিনেমা চোৱা অথবা পকেট এফ এম -ত সংগীত উপভোগ কৰাৰ লগতে আন বহুতো সুবিধা গ্ৰাহকে লাভ কৰিব পাৰিব। এই সুবিধাসমূহে গ্ৰাহকৰ নিজৰ পছন্দ আৰু প্ৰয়োজন অনুসৰি বিভিন্ন অভিজ্ঞতা লাভ কৰাত সহায় কৰিব।
এয়াৰটেল ইনছাইডাৰত উপলদ্ধ সুবিধা সমূহ?
শ্ৰেণী ব্ৰেণ্ডসমূহ সুবিধাসমূহ
শিক্ষণ আৰু চাবস্ক্ৰিপচন ডুঅ’লিংগো ছুপাৰ ডুঅ’লিংগোৰ 12 মাহৰ ছাবস্ক্ৰিপচন (মূল্য 3,120 টকা)
শ্বপিং আৰু গেজেটসমূহ ক্ৰ’মা * ক্ৰ’মা/এপলৰ জৰিয়তে আইফোন 15/16/17-ৰ বিভিন্ন মডেলত 23,000 টকা পৰ্যন্ত ৰেহাই।
মনোৰঞ্জন পকেট এফএম পকেট এফএম প্ৰিমিয়ামৰ 3 মাহৰ ছাবস্ক্ৰিপচন
চিনেপলিছ টিকটৰ অফাৰ: 2 টা চিনেমাৰ টিকট কিনিলে 1 টা টিকট বিনামূলীয়াকৈ লাভ কৰক (সৰ্বাধিক 150 টকা পৰ্যন্ত ৰেহাই)।
খাদ্য আৰু পানীয়ৰ অফাৰ: 1,500 টকা বা তাতকৈ অধিক মূল্যৰ খাদ্য আৰু পানীয়ৰ অৰ্ডাৰত 300 টকাৰ ৰেহাই। এই অফাৰ কেৱল এয়াৰটেল পোষ্টপেইড গ্ৰাহকৰ বাবেহে প্ৰযোজ্য।
স্বাস্থ্য আৰু সুস্থতা এপ’ল’ 24×7 এপ’ল’ চাৰ্কল মেম্বাৰশ্বিপৰ ৬ মাহৰ সুবিধা।
- ক্ৰ’মাৰ অফাৰ কেৱল নিৰ্বাচিত আইফোন মডেলসমূহৰ বাবেহে উপলব্ধ। সকলো অফাৰ সংশ্লিষ্ট চৰ্তাৱলী আৰু যোগ্যতাৰ ওপৰত নিৰ্ভৰশীল।
বৰ্তমান উপলব্ধ সকলো অফাৰ ব্যৱহাৰ কৰি গ্ৰাহকসকলে 30,000 টকাতকৈ অধিক মূল্যৰ পুৰস্কাৰ আৰু সুবিধা লাভ কৰিব পাৰে। নতুন কিবা শিকাৰ পৰা আৰম্ভ কৰি নিজৰ গেজেট উন্নীত কৰা, পৰৱৰ্তী বন্ধৰ দিনৰ ভ্ৰমণৰ পৰিকল্পনা কৰা অথবা বাহিৰত খাদ্য গ্ৰহণ কৰালৈকে, এয়াৰটেল ইনছাইডাৰে গ্ৰাহকসকলক দৈনন্দিন খৰচৰ জৰিয়তে অধিক সুবিধা আৰু আনন্দ উপভোগ কৰাৰ সুযোগ প্ৰদান কৰে।
গ্ৰাহকসকলে সহজেই ইয়াৰ ব্যৱহাৰ আৰম্ভ কৰিব পাৰিব।যোগ্য এয়াৰটেল মোবাইল আৰু এয়াৰটেল হোম গ্ৰাহকসকলে এয়াৰটেল এপ খুলি এয়াৰটেল ইনচাইডাৰ শাখালৈ গৈ উপলব্ধ অফাৰসমূহ চাব পাৰিব। তেওঁলোকে নিজৰ পছন্দ অনুসৰি সুবিধাসমূহ বাছনি কৰি অফাৰৰ চৰ্তাৱলী অনুসৰি সেইসমূহ লাভ কৰিব পাৰিব।
এয়াৰটেল ইনচাইডাৰে ইয়াৰ পূৰ্বে অগ্ৰণী ব্ৰেণ্ডসমূহৰ সৈতে অংশীদাৰিত্ব কৰি গ্ৰাহকক লিংকডইন প্ৰিমিয়াম চাবস্ক্ৰিপচন, ইজিডাইনাৰ আৰু মেকমাইট্ৰিপৰ মেম্বাৰশ্বিপ ৰ দৰে সুবিধা প্ৰদান কৰিছিল। এই প্লেটফৰ্মৰ জৰিয়তে আগন্তুক দিনতো নতুন নতুন ব্ৰেণ্ড আৰু আকৰ্ষণীয় অফাৰ সংযোজন কৰা হ’ব, যাৰ ফলত গ্ৰাহকসকলে অধিক সুবিধা লাভ কৰিব পাৰিব। এই পদক্ষেপৰ জৰিয়তে এয়াৰটেল এ গ্ৰাহকৰ সৈতে থকা সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে এয়াৰটেল-ৰ সৈতে জড়িত থকাটো যাতে কেৱল যোগাযোগৰ মাজতে সীমাবদ্ধ নাথাকি বিভিন্ন দিশৰ পৰা লাভজনক হৈ উঠে, তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।