উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধক হিচাপে বিবেক খাৰেৰ কাৰ্যভাৰ গ্ৰহণ

0

মালিগাওঁ, ৩ নৱেম্বৰ : ভাৰতীয় ৰেলৱেৰ ১৯৮৯ বেটচৰ আই আৰ এছএম ই বিষয়া বিবেক খাৰেই পহিলা নৱেম্বৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নতুন মহা প্ৰবন্ধক হিচাপে কৰ্যাভাৰ গ্রহণ কৰে। উল্লেখ্য যে পূৰ্বৰ মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে ৩১ অক্টোবৰত অৱসৰ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ ৰেলৱে মন্ত্ৰণালয়ে বিবেক খাৰেক নতুন মহা প্ৰবন্ধক হিচাপে নিযুক্তি দিছিল। আনহাতে মহা প্ৰবন্ধক হিচাপে তেওঁ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সামগ্রিক কাৰ্যবাহী মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিব। ১০ খন ৰাজ্য ক্ৰমে – অসম, নাগালেও, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্রদেশ, মেঘালয়, ছিকিম , পশ্চিমবংগ আৰু বিহাৰৰ ৩৬ টা লোকসভা সমষ্টি উত্তৰ পূব সীমান্ত ৰেলৱেৰ অন্তৰ্ভূক্ত হৈ আছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে দেশৰ বিভিন্ন ৰাজ্য আৰু ৰে’লৱে সংমণ্ডলত বিস্তৃত হৈ থকা ৰে’লৱে পৰিচালন, ৰক্ষণাবেক্ষণ, কাৰ্যদক্ষতাৰ উন্নয়নৰ লগতে আধুনিকীকৰণৰ দিশত তিনিটা দশকৰো অধিক অভিজ্ঞতাৰে সমৃদ্ধ খাৰেই মহা প্রবন্ধক হিচাপে যোগদান কৰাৰ পূৰ্বে ৰায়বেৰেলীৰ মডার্ণ কোচ ফেক্টৰীত প্রধান মুখ্য যান্ত্রিক অভিযন্তা হিচাপে কৰ্মৰত আছিল। ১৯৯১ চনৰ ৩ মাৰ্চত তেওঁ দক্ষিণ-মধ্য ৰে’লৱেত ভাৰতীয় ৰে’লৱে সেৱাত যোগদান কৰি ছেকেন্দ্ৰাবাদ আৰু বিজয়ৱাড়াত কৰ্মৰত আছিল। ২০০০ বৰ্ষৰ পৰা ২০০৫ বর্ষ পর্যন্ত ৰাইটচত উপ মহা প্ৰৱন্ধক আৰু অতিৰিক্ত মহা প্ৰৱন্ধক হিচাপে ডেপুটেচনত কাৰ্যনিৰ্বাহ কৰাৰ সময়ত তেওঁ ভাৰত আৰু বাংলাদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ দায়িত্ব পালন কৰিছিল। লক্ষ্ণৌস্থিত ৰিচাৰ্ছ ডিজাইনছ এণ্ড ষ্টেণ্ডার্ডছ অর্গেনাইজেচন (আৰডিএছঅ)ত ২০১৩ বর্ষ পর্যন্ত সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত তেওঁ ৰে’লৱেৰ গুৰুত্বপূৰ্ণ পদ্ধতিসমূহৰ গৱেষণা, ডিজাইনৰ মানকীকৰণ আৰু প্ৰযুক্তিগত উন্নয়নৰ বিভিন্ন দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ হায়দৰাবাদৰ আই এছ বিকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানত ৰেলৱে ব্যৱস্থাপনাৰ প্রশিক্ষণো গ্রহণ কৰিছে। জানিব পৰা মতে সোমবাৰে তেওঁ উত্তৰ পূব সীমান্ত ৰেলৱেৰ সদৰ কাৰ্যালয়ত উচ্চপদস্থ বিষয়া – অভিযন্তা সকলৰ সৈতে মিলিত হৈ ৰেলৱে মণ্ডলটোত চলি থকা বিভিন্ন প্ৰকল্পৰ কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

Leave A Reply

Your email address will not be published.