মহাৰাজা নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাক আদৰণি ; মুখ্যমন্ত্ৰীলৈ প্ৰশংসাসূচক পত্ৰ প্ৰেৰণ কোচবিহাৰৰ ৰাজ পৰিয়ালৰ
গুৱাহাটী , ২৪ অক্টোবৰ : অসমৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই কিছুদিন পূৰ্বে পশ্চিমবংগৰ কোচবিহাৰ জিলা ভ্ৰমণ কৰিছিল। ভ্ৰমণকালত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোচবিহাৰত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহা প্ৰয়াণ হোৱা ঐতিহাসিক মধুপুৰ ধাম সত্ৰ পৰিদৰ্শন কৰে । পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিছিল অসম চৰকাৰৰ মন্ত্ৰীদ্বয় অশোক সিংঘাল আৰু অশ্বিনী ৰায় সৰকাৰ, পশ্চিমবংগ চৰকাৰৰ মন্ত্ৰীদ্বয় নিশিথ প্ৰামাণিক আৰু মালতী ৰাভা ৰায় , কোচবিহাৰৰ স্থানীয় বিধায়কসহ কোচবিহাৰ জিলা প্ৰশাসনৰ কেবাজনো বিষয়াই। আনহাতে পৰিদৰ্শনকালত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসম – পশ্চিমবংগ সীমান্তত কোচবিহাৰৰ মহাৰাজা নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ৰ সুবৃহৎ প্ৰতিমূৰ্তি স্থাপন কৰিব বুলি ৰাজহুৱাভাবে ঘোষণা কৰিছিল। আনহাতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সেই ঘোষণাক আদৰণি জনাইছে মহাৰাজা নৰনাৰায়ণ বংশধৰ তথা কোচবিহাৰৰ ৰাজ পৰিয়ালক প্ৰতিনিধিত্ব কৰি অহা দ্যা কোচবিহাৰ ৰয়েল ফেমিলী চাকছেৰ্চৰ ওৱেলফেয়াৰ ট্ৰাষ্টে । ট্ৰাষ্টৰ সভাপতি কুমাৰ জিতেন্দ্ৰ নাৰায়ণ, সচিব কুমাৰ ব্রজেন্দ্ৰ নাৰায়ণ আৰু মুখপাত্ৰ কুমাৰ মৃদুল নাৰায়ণে জানিবলৈ দিয়া মতে ট্ৰাষ্টৰ ফালৰ পৰা যোৱা ১৪ অক্টোবৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ মেইলযোগে এখন প্ৰশস্তি পত্ৰ প্ৰেৰণ কৰা হৈছে। পলমকৈ হলেও অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত মহাৰাজা নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ৰ সুবৃহৎ প্ৰতিমূৰ্তি স্থাপন কৰাৰ ঘোষণাক আদৰণি জনোৱা হৈছে। ১৬ শ শতিকাত মহাৰাজা নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ে নিজৰ পৰাক্ৰম আৰু বীৰত্বৰে তেতিয়াৰ বৰ অসমখনক বাহিৰা শত্ৰুৰ পৰা ৰক্ষা কৰিছিল। দুৰ্বৃত্তই ভাঙি পেলোৱা মা কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। আনকি অসমীয়া জাতিৰ জনক স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱক বৈষ্ণব ধৰ্ম প্ৰচাৰত পূৰ্ণ সমৰ্থন কৰাৰ লগতে কোচবিহাৰৰ মধুপুৰত সত্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো সম্পূৰ্ণ পৃষ্ঠপোষকতা আগবঢ়াইছিল । আমি আশা কৰিছো অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰতে মহাৰাজা নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ৰ সুবৃহৎ প্ৰতিমূৰ্তি নিৰ্মাণ হৈ উঠিব। উল্লেখ্য যে মধুপুৰ ধাম সত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰাৰ সময়ত কুমাৰ জিতেন্দ্ৰ নাৰায়ণৰ নেতৃত্বত যোৱা সঁজাতি দলটোৱে অসমৰ মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল। পত্ৰখনত ঐতিহাসিক মধুপুৰ ধাম সত্ৰখনৰ বেদখল হোৱা মাটি বেদখলমুক্ত কৰি সেই মাটি পুনৰ উদ্ধাৰ কৰা, বৈকুণ্ঠপুৰৰ দামোদৰ ধামৰ উন্নয়নসাধন কৰাৰ লগতে সীমাৰ দেৱাল নিৰ্মাণ কৰা, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণৰত অৱস্থাত থকা অসমৰ ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰী সংযোগী সেঁতুখনৰ নামটো মহাবীৰ চিলাৰায়ৰ নামত নামকৰণ কৰা, অসম – পশ্চিমবংগৰ সীমান্তত থকা কৰ্মতীৰ্থ ভৱনক পৰ্য্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা, এটা সময়ত অসম – পশ্চিমবংগ সংযোগী ঐতিহাসিক গোহাঁই কমল আলি নামৰ প্ৰায় ৩৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা পুনৰ নিৰ্মাণ কৰা, অসম আৰু পশ্চিমবংগৰ পৰম্পৰাগত সংস্কৃতি সংৰক্ষণ কৰা, অসম – পশ্চিমবংগ সীমান্তত মহাবীৰ চিলাৰায়ৰ সুবৃহৎ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা, ঐতিহাসিক মধুপুৰ ধাম সত্ৰকে ধৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত উত্তৰ বংগৰ সকলো সত্ৰ আৰু নামঘৰৰ উন্নয়ন সাধন কৰাৰ বাবে দাবী জনোৱা হৈছিল । ৰাজ পৰিয়ালৰ হৈ ট্ৰাষ্টৰ সভাপতি কুমাৰ জিতেন্দ্ৰ নাৰায়ণ , সচিব কুমাৰ ব্ৰজেন্দ্ৰ নাৰায়ণ আৰু মুখপাত্ৰ কুমাৰ মৃদুল নাৰায়ণে জানিবলৈ দিয়া মতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মধুপুৰ সত্ৰৰ উন্নয়নৰ বাবে ৩৫ কোটি টকাৰ আঁচনি গ্ৰহণ কৰা হৈছে বুলি কৰা ঘোষণাক আমি আদৰণি জনাইছো।