গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ সমীপৰ মেঘালয়ৰ ৰিভয় জিলাৰ উমচাও – বাৰেগাঁৱৰ জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা শ্ৰী শ্ৰীকলিয়া ঠাকুৰ নামঘৰৰ পূৰ্ননিৰ্মাণত সহায়ৰ হাত আগবঢ়াবলৈ অসম চৰকাৰক আহ্বান ;২৭০ ঘৰ ৰাভা জনগোষ্ঠীৰ লোকে নীৰৱে পালন কৰিছে অসমীয়াৰ পৰম্পৰাগত কৃষ্টি – সংস্কৃতি

ৰাণী,২৪ অক্টোবৰ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ পৰা মাত্ৰ ৩৫ কিলোমিটাৰ নিলগৰ মেঘালয়ৰ ৰিভয় জিলাৰ মহকুমা সদৰ পাথৰখামাৰ কাষৰীয়া উমচাও আৰু বাৰেগাঁও নামৰ গাঁও দুখনত অসমৰ অন্যতম প্ৰাচীন জনগোষ্ঠী হিচাপে পৰিচিত ৰাভা জনগোষ্ঠীৰ প্ৰায় ২৭০ টা পৰিয়ালে বাস কৰি আহিছে।পৰিস্থিতিৰ তাগিদাত তেওঁলোকে বেলেগ ৰাজ্যত বাস কৰি আহিলেও পালন কৰি আহিছে অসমৰ সকলো পৰম্পৰাগত কৃষ্টি, সংস্কৃতি , ৰীতি – নীতি সকলো। ইয়াৰ ভিতৰত বাৰেগাঁৱত ১৬০ টা পৰিয়াল আৰু উমচাওত ১১০ টা পৰিয়ালে খাচীকে ধৰি অঞ্চলটোৰ সকলো জাতি – জনগোষ্ঠীৰ লোকৰ সৈতে সম্প্ৰীতিৰ বিৰল নিদৰ্শন দাঙি ধৰি বসবাস কৰি আহিছে। একেদৰে ১৯১০ চনতে বাৰেগাঁৱত স্থাপন কৰা অঞ্চলটোৰ একমাত্ৰ শ্ৰী শ্ৰীকলিয়া ঠাকুৰ নামঘৰত ( গোসাঁইঘৰ ) অব্যাহত ৰাখিছে নামধৰ্ম । নামঘৰটো হৈ পৰিছে ৰাভা জনগোষ্ঠীৰ লোকসকলৰ কৃষ্টি, সংস্কৃতি , ৰীতি- নীতি, নামধৰ্ম পালনৰ কেন্দ্ৰস্থল স্বৰূপ। কিন্তু অঞ্চলটোৰ বাসিন্দা সকলৰ গৰিষ্ঠসংখ্যকেই কৃষি – কৰ্ম , দিন হাজিৰা বা ক্ষুদ্ৰ ব্যৱসায় কৰি পেট – ভাতে চলি থকা বাবে নামঘৰটো জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা স্বত্বেও ধনৰ অভাৱত নতুনকৈ নিৰ্মাণ কৰিব পৰা নাই। এই সন্দৰ্ভত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সুৰেন ছিনাল, উপ সভাপতি প্ৰসন্ন মেগো, সম্পাদক কুমাৰ দিয়া , ভৰালী হৰি পাঠক , যুৱ সমাজকৰ্মী ৰণো চাম্বাই জানিবলৈ দিয়া মতে বাৰেগাঁও আৰু উমচাওৰ মধ্যস্থলত প্ৰায় ৩ বিঘা মাটিত স্থাপিত নামঘৰটোৱে কেৱল ২৭০ ঘৰ ৰাভা জনগোষ্ঠীৰ লোককে নহয় তাৰ অসমীয়া সমাজখনকো একত্ৰিত কৰি ৰাখিছে। প্ৰতি সপ্তাহৰ সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাৰ পৰা নিশা ১০ মান বজালৈ তাৰ মহিলাসকলে নাম – প্ৰসংগ পৰিবেশন কৰি আহিছে। একেদৰে প্ৰতি মাহৰ পূৰ্ণিমা তিথি আৰু অমাৱস্যাৰ দিনা সন্ধিয়া মহিলাসকলে নাম – প্ৰসংগ পৰিবেশন কৰে। ইয়াৰ উপৰিও নামঘৰত শ্ৰী শ্ৰীকলিয়া ঠাকুৰ গোঁসাইৰ বাৰ্ষিকী পূজা, ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী , মহাপুৰুষ দুজনাৰ পুণ্য তিথি পালন কৰি অহা হৈছে। প্ৰতি বছৰে অসমীয়া নৱবৰ্ষৰ বহাগ মাহৰ ৮ তাৰিখে পৰম্পৰাগতভাৱে সুঁৱৰি উৎসৱ পালন কৰা হয় কৰি । আনহাতে মাঘ মাহৰ উৰুকাৰ নিশা ৰাইজে সমূহীয়াভাৱে ভোজ খাই পাছদিনা মেজি প্ৰজ্বলন কৰে । অৱশ্যে ২০১৮ চনত জিৰাং সমষ্টিৰ বিধায়কজনে ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই নামঘৰৰ চাৰিওফালে চৰকাৰী আঁচনিৰ জৰিয়তে সীমাৰ দেৱাল নিৰ্মাণ কৰি দিয়াত এটা বহুদিনীয়া অভাৱ পূৰণ হৈছে । কিন্তু নামঘৰৰ মূল গৃহ তথা ঘৰটোৰ লগতে ভঁৰাল আৰু আন আনুসংগিক গৃহৰ টিনৰ চালি সমুহ ক্ৰমান্বয়ে মামৰে ধৰি জহি খহি গৈ জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে । যাৰ বাবে তাৰ বাসিন্দাসকলৰ আৰ্থিক অনাটনৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে অসম চৰকাৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে যাতে অসমীয়া সংস্কৃতিৰ এক অভিন্ন অংগ স্বৰূপ নামঘৰটোৰ পূৰ্ননিৰ্মাণৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ায়। এইক্ষেত্ৰত অসমৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিষয়টোত বিশেষ গুৰুত্ব দিবলৈও ৰাইজে আহ্বান জনাইছে। কিয়নো তাৰ বাসিন্দা সকলৰ আৰ্থিক অনাটনৰ প্ৰতি লক্ষ্য ৰাখি এইখিনী উপকাৰ কৰিলে অসমীয়া কৃষ্টি , সংস্কৃতি , নামধৰ্মৰ চৰ্চাৰ অন্যতম প্ৰাণকেন্দ্ৰ স্বৰূপ নামঘৰটো ৰক্ষা পৰাৰ লগতে অঞ্চলটোৰ ৰাভা জনগোষ্ঠীৰ লোকসকলৰ এটা বহুদিনীয়া অভাৱ পূৰণ হব। এই সন্দৰ্ভত অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী তথা খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰি কিছু বছৰ আগতে হিন্দু ধৰ্ম গ্ৰহণ কৰা ওৰাল চিংক্লীকে ধৰি একাংশ লোকে জানিবলৈ দিয়া মতে অসমৰ বাহিৰত বসবাস কৰি থকা অসমীয়া লোকসকলৰ পৰম্পৰাগত ৰীতি-নীতি, কৃষ্টি- সংস্কৃতি আদিৰ চৰ্চা, বিকাশৰ সুবিধাৰ বাবে দেশৰ ৰাজধানী নতুন দিল্লীৰ উপৰিও কলকাতা, মুম্বাই, চেন্নাই, বেংগালুৰু আদি মহানগৰীত অসমীয়া সমাজৰ অভিন্ন অংগ স্বৰূপ নামঘৰ নিৰ্মাণ কৰাৰ বাবে শেহতীয়াকৈ অসম চৰকাৰে গ্ৰহণ কৰা তৎপৰতাক আমি আদৰণি জনাইছো। অসমৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত ২০২৫-২৫ বিত্তীয় বর্ষত অসমৰ লগতে ৰাজ্যৰ বাহিৰত নামঘৰ, সত্ৰ আদিৰ উন্নয়ন, নতুনকৈ নির্মাণ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰে ৩২৫.৫৫ কোটি টকা ধাৰ্য কৰিছে। যদি অসমৰ পৰা কেবা হাজাৰ কিলোমিটাৰ নিলগত থকা চেন্নাই, বেংগালুৰু, কলকাতা, মুম্বাই, দিল্লী আদি মহানগৰত নামঘৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে তেন্তে গুৱাহাটী মহানগৰীৰ পৰা মাত্র ৬০ কিলোমিটাৰ নিলগৰ বাৰেগাওঁ – উমচাও নামৰ গাওঁখনৰ জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা শ্ৰী শ্ৰীকলিয়া ঠাকুৰ নামঘৰৰ উন্নয়নৰ বাবে অসম চৰকাৰৰ সহযোগিতা কামনা কৰি আশাৰে বাট চাইছে অঞ্চলটোৰ ৰাইজে। উল্লেখ্য যে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা তালৈ দূৰত্ব খুব বেছি ৪০ কিলোমিটাৰ আৰু মাত্ৰ এঘন্টাৰ বাট । নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যৰ ভঁৰাল অঞ্চলটোৰ বাসিন্দাসকল অতি শান্ত শিষ্ট আৰু অতিথি পৰায়ণ।