এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে উন্নত মনোৰঞ্জনৰ সুবিধা

0

গুৱাহাটী, ২৪ অক্টোবৰ : গ্ৰাহকৰ বাবে মোবাইল ডাটা এতিয়া কেৱল সংযুক্ত হৈ থকাৰ মাধ্যম নহয়। ই এতিয়া বিভিন্ন অনুষ্ঠান আৰু চিনেমা চোৱা, কণ্টেণ্ট ক্ৰিয়েটৰসকলক অনুসৰণ কৰা, সংগীত শুনা আৰু নতুন কণ্টেণ্ট আৱিষ্কাৰ কৰাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হৈ পৰিছে। গ্ৰাহকৰ এই ব্যাপক ব্যৱহাৰৰ ধৰণৰ প্ৰতি লক্ষ্য ৰাখি আৰু ইয়াৰ সৈতে নিজৰ উন্নত সেৱাসমূহৰ সংযোজন ঘটাই, এয়াৰটেলে ইউটিউবৰ সৈতে অংশীদাৰিত্ব কৰি নিজৰ প্ৰিপেইড গ্ৰাহকসকলৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা আগবঢ়াইছে। এই অংশীদাৰিত্বৰ জৰিয়তে গ্ৰাহকসকলে বিজ্ঞাপনবিহীন ইউটিউব অভিজ্ঞতা* লাভ কৰিব, য’ত ইউটিউব শ্বৰ্টছো অন্তৰ্ভুক্ত আছে। ইয়াৰ উপৰি, পটভূমিত ভিডিঅ’ চলোৱাৰ সুবিধা, অফলাইনত চাবলৈ ভিডিঅ’ ডাউনলোড কৰাৰ সুবিধা আৰু ইউটিউব মিউজিক প্ৰিমিয়ামৰ সুবিধাও লাভ কৰিব। *চৰ্ত আৰু নিয়ম প্ৰযোজ্য।
এই আৰম্ভণিয়ে আজিৰ দিনত গ্ৰাহকসকলে নিজৰ মোবাইল ফোন কেনেদৰে ব্যৱহাৰ কৰে, সেই কথাকে প্ৰতিফলিত কৰে। ডাটাৰ জৰিয়তে তেওঁলোকে কণ্টেণ্ট ক্ৰিয়েটৰসকলক অনুসৰণ কৰে, বিভিন্ন অনুষ্ঠান উপভোগ কৰে, সংগীত শুনে আৰু নতুন কণ্টেণ্ট আৱিষ্কাৰ কৰে। ইউটিউব প্ৰিমিয়ামৰ সংযোজনৰ জৰিয়তে এয়াৰটেলে নিজৰ মনোৰঞ্জনমূলক সেৱাৰ পৰিসৰ অধিক সম্প্ৰসাৰিত কৰিছে। এতিয়া ইয়াৰ মনোৰঞ্জনমূলক সেৱাসমূহৰ ভিতৰত প্ৰাইম ভিডিঅ (Prime Video)’, জিঅ’হটষ্টাৰ (JioHotstar), জি৫ প্ৰিমিয়াম (ZEE5 ZEE5 Premium), ছনীলিভ (SonyLIV )আৰু আন ১৮ টাতকৈও অধিক OTT প্লেটফৰ্মৰ লগতে ইউটিউব প্ৰিমিয়ামো অন্তৰ্ভুক্ত হৈছে। এই সকলোবোৰ সেৱা ২০০ টকাৰ OTT টপ-আপৰ জৰিয়তে ৩০ জিবি অতিৰিক্ত ডাটাৰ সৈতে উপলব্ধ।
ইউটিউব প্ৰিমিয়ামৰ সংযোজনৰ জৰিয়তে এয়াৰটেলে নিজৰ প্ৰিপেইড মনোৰঞ্জনমূলক সেৱাৰ পৰিসৰ অধিক বিস্তৃত কৰিছে, যাতে গ্ৰাহকসকলে কণ্টেণ্ট উপভোগ কৰাৰ বিভিন্ন সুবিধা একেটা পেকেজতে লাভ কৰিব পাৰে—সেয়া অনুষ্ঠান আৰু চিনেমা ষ্ট্ৰীমিং কৰাই হওক, কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ ভিডিঅ’ চোৱাই হওক, সংগীত শুনাই হওক অথবা নতুন কণ্টেণ্ট আৱিষ্কাৰ কৰাই হওক। ডাটা, প্ৰিমিয়াম মনোৰঞ্জন আৰু বিভিন্ন ডিজিটেল অভিজ্ঞতা একেটা সুলভ মূল্যৰ পেকেজত উপলব্ধ কৰি এয়াৰটেলে সংযোগ সেৱাৰ সীমা অতিক্ৰম কৰি গ্ৰাহকসকলৰ দৈনন্দিন জীৱনৰ বাবে অধিক প্ৰাসংগিক আৰু মূল্যৱান সুবিধা আগবঢ়োৱাৰ লগতে নিজৰ বিশেষ আৰু পৃথক সেৱাসমূহৰ বিকাশ অব্যাহত ৰাখিছে।
এই টপ-আপটো সক্ৰিয় ৰিচাৰ্জ থকা এয়াৰটেলৰ সকলো প্ৰিপেইড গ্ৰাহকৰ বাবে, বৰ্তমানৰ যিকোনো প্ৰিপেইড প্লেনৰ সৈতে উপলব্ধ। টপ-আপটো ক্ৰয় কৰাৰ পিছত গ্ৰাহকসকলে এয়াৰটেল এপৰ ‘Rewards & OTTs’ শাখাৰ পৰা ইউটিউব প্ৰিমিয়ামৰ সুবিধা লাভ কৰিব পাৰিব। এই মনোৰঞ্জনৰ সুবিধাসমূহ ২৮ দিনৰ টপ-আপৰ ম্যাদ শেষ হোৱালৈকে উপলব্ধ থাকিব। ম্যাদ শেষ হোৱাৰ পিছত গ্ৰাহকে পুনৰ টপ-আপ কৰি ইউটিউব প্ৰিমিয়ামৰ -ৰ সুবিধা লাভ কৰিব পাৰিব।

এই মনোৰঞ্জনৰ সুবিধাসমূহ ২৮ দিনৰ টপ-আপৰ ম্যাদ শেষ হোৱালৈকে উপলব্ধ থাকিব। ম্যাদ শেষ হোৱাৰ পিছত গ্ৰাহকে পুনৰ টপ-আপ কৰি ইউটিউব প্ৰিমিয়ামৰ -ৰ সুবিধা লাভ কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.