১৬ ছেপ্টেম্বৰত অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ পঞ্চদশ সমাৱৰ্তন
গুৱাহাটী , ৮ ছেপ্টেম্বৰ : অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ পঞ্চদশ সমাৱৰ্তনখন অহা ১৬ ছেপ্টেম্বৰত সোণাপুৰৰ সমীপৰ টেপেছিয়াত থকা বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হ’ব । সমাৱৰ্তনত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্যই সভাপতিত্ব কৰিব । সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট তথা গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকিবলগীয়া অনুষ্ঠানটো www.dbuniversity.ac.in ৱেব চাইটযোগে পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব । সমাৱৰ্তনত মুঠ ১,১০৭ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী আৰু ডিপ্ল’মা প্ৰদান কৰা হ’ব। ইয়াৰ ভিতৰত ৩৯৭ গৰাকী স্নাতক আৰু ৬৩২গৰাকী স্নাতকোত্তৰ শিক্ষাৰ্থী আছে । এইবাৰৰ স্নাতক শিক্ষাৰ্থীৰ ভিতৰত ১৮খন দেশৰ ৩৮গৰাকী শিক্ষাৰ্থীক ডনবস্ক’ গ্ল’বেল কেন্দ্ৰৰ দ্বাৰা পৰিচালিত সতাঁৰ আৰু দূৰশিক্ষা পাঠ্যক্ৰমৰ (Online and Distance Education) জৰিয়তে ডিপ্লমা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব । লগতে ৪০ গৰাকী গৱেষকক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ’ব। শৈক্ষিক উৎকৰ্ষতাৰ বাবে ২৪ গৰাকী কৃতি স্নাতকক স্বৰ্ণ পদক প্ৰদান কৰা হ’ব। সমাৱৰ্তনত কেইবাটাও সন্মানীয় বঁটাও প্ৰদান কৰা হ’ব। ইয়াৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ স্নাতকোত্তৰ শিক্ষাৰ্থীৰ বাবে আচাৰ্য্যৰ স্বৰ্ণ পদক, সৰ্বশ্ৰেষ্ঠ স্নাতক শিক্ষাৰ্থীৰ বাবে উপাচাৰ্য্যৰ স্বৰ্ণ পদক প্ৰদান কৰা হ’ব । তদুপৰি শৈক্ষিক উৎকৰ্ষতা, সামাজিক দায়বদ্ধতা, নেতৃত্বৰ গুণ তথা পাঠ্যক্ৰম আৰু পাঠ্যক্ৰম-বহিৰ্ভূত ক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ স্বীকৃতি হিচাপে জে এন বাউৰী স্মাৰক স্বৰ্ণ পদক আৰু ফাডাৰ মাভেলি স্বৰ্ণ পদক প্ৰদান কৰা হ’ব । স্নাতকোত্তৰ মনোবিজ্ঞান বিভাগৰ শ্ৰেষ্ঠ শিক্ষাৰ্থীক পাৰ্থ দে বৃত্তি প্ৰদান কৰা হ’ব । এই বৃত্তি সামগ্ৰিক উৎকৰ্ষতা আৰু অসাধাৰণ কৃতিত্বৰ স্বীকৃতি হিচাপে প্ৰদান কৰা হ’ব। সমাৱৰ্তন অনুষ্ঠান বিয়লি ৪ বজাত আৰম্ভ হ’ব আৰু তাৰ পূৰ্বে ৩:৩০ বজাত সমাৱৰ্তন শোভাযাত্ৰা উলিওৱা হ’ব। উল্লেখ্য যে ২০০৮ চনত প্ৰতিষ্ঠা হোৱা অসম ডন বস্ক’ বিশ্ববিদ্যালয় হৈছে অসমৰ ব্যক্তিগত খণ্ডৰ প্ৰথমখন ৰাজ্যিক বিশ্ববিদ্যালয় আৰু শিক্ষা প্ৰতিষ্ঠানখন ডন বস্ক’ ছ’চাইটিৰ দ্বাৰা পৰিচালিত হৈ আহিছে।