গুৱাহাটীৰ নেমকেয়াৰ বাৰ্ণ ইউনিটলৈ আন্তঃৰাষ্ট্ৰীয় বাৰ্ণ সংস্থাৰ প্ৰতিনিধি দল
গুৱাহাটী , ২৬ আগষ্ট : উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্র অগ্নিদগ্ধ ৰোগীৰ সেৱাত সমর্পিত আৰু বাৰ্ণকেয়াৰ ফাউণ্ডেশ্বনৰ দ্বাৰা পৰিচালিত গুৱাহাটীৰ ভঙাগড়স্থিত নেমকেয়াৰ হাস্পতালৰ বার্ণ ইউনিটটোরে ইতিমধ্যে ৰোগীৰ মৃত্যুৰ হাৰ কমোৱা , আঘাতৰ জটিলতা কমোৱা আৰু অগ্নিদগ্ধ ৰোগীক সম্পূর্ণ সুস্থ আৰু কৰ্মক্ষম কৰি পূৰ্বৰ দৰে সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে । দহখন বিছনাযুক্ত বার্ণ ইউনিটটোত নতুনকৈ প্লাষ্টিক চাৰ্জাৰী বিভাগো সংলগ্ন কৰি এতিয়া ১৫ খন বিছনাযুক্ত ইউনিটলৈ ৰূপান্তৰিত কৰা হৈছে। বার্ণ কেয়াৰ ফাউণ্ডেশ্বনে যোৱা দুটা দশকত জুয়ে পোৰা আঘাতৰ ৰোগীৰ অত্যাধুনিক চিকিৎসাৰ ব্যৱস্থা কৰাৰ উপৰিও চিকিৎসালয়ত কৰ্মৰত চিকিৎসক, নাৰ্ছ আৰু চিকিৎসাকর্মীসকলৰ প্ৰশিক্ষণ, ছাত্ৰ-ছাত্ৰীসকল আৰু সৰ্বসাধাৰণ ৰাইজক অগ্নিদগ্ধৰ প্ৰাথমিক সাহায্য আৰু দুৰ্ঘটনা প্ৰতিৰোধৰ সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে । বার্ণ ইউনিটটোৰ বিভিন্ন সফলতাৰ বিষয়ে অবগত হৈ আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত আন্তঃৰাষ্ট্ৰীয় বার্ণ সংস্থাৰ ((International Society for Burn Injuries) এটা প্রতিনিধি দলে অহা ৩১ আগষ্টত গুৱাহাটীলৈ আহি নেমকেয়াৰ বাৰ্ণ ইউনিটটো পৰিদৰ্শন কৰি মূল্যায়ন কৰিব । উল্লেখ্য যে নেমকেয়াৰ বাৰ্ণ আৰু প্লাষ্টিক চাৰ্জাৰী বিভাগৰ মুৰব্বী চিকিৎসক ডাঃ ভূপেন্দ্র প্রসাদ শৰ্মাই আন্তঃৰাষ্ট্ৰীয় বাৰ্ণ সংস্থাৰ বিশ্বৰ বাৰ্ণ ইউনিটসমূহৰ মুল্যাঙ্কন কৰা সমিতিৰ এজন অন্যতম প্রতিনিধি হিচাপে আফ্ৰিকাৰ চাৰিখন দেশৰ বার্ণ ইউনিটবোৰৰ মূল্যায়ন কৰিবলৈ অহা কেইমাহমানৰ ভিতৰতে ৰাওনা হব বুলি জানিব পৰা গৈছে।