অসমৰ বান পৰিস্থিতিৰ অব্যাহত প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত ‘ডিফলু’ৰ মুক্তি পিছুৱালে বৰলুইট প্ৰডাকচনছে

0


গুৱাহাটী, ২০ আগষ্ট : বৰলুইট প্ৰডাকচনছে তেওঁলোকৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ ‘ডিফলু’ৰ ছবিগৃহত মুক্তি পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ছবিখন ২১ আগষ্ট, ২০২৬ত মুক্তি দিয়াৰ কথা আছিল।
অসমৰ কেইবাটাও অঞ্চলত বানৰ পানী লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে যদিও বানৰ ফলত সৃষ্টি হোৱা ধ্বংসলীলাৰ প্ৰভাৱ এতিয়াও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে। বিশেষকৈ কেইবাটাও দুৰ্গম আৰু বানপীড়িত অঞ্চলত বহু পৰিয়াল এতিয়াও স্বাভাৱিক জীৱনলৈ ঘূৰি আহিবলৈ সংগ্ৰাম কৰি আছে। বহুতে ঘৰ-বাৰী, কৃষিভূমি, পশুধন, সম্পত্তি আৰু জীৱিকাৰ উৎস হেৰুৱাই এতিয়া একেবাৰে নতুনকৈ নিজৰ জীৱন পুনৰ গঢ়ি তোলাৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, ‘ডিফলু’ক এই সময়ত ছবিগৃহলৈ অনাটো উপযুক্ত সময় নহয় বুলি ছবিখনৰ দলটোৱে অনুভৱ কৰে। ছবিখন এতিয়া পৰৱৰ্তী সময়ত মুক্তি লাভ কৰিব আৰু নতুন মুক্তিৰ তাৰিখ নিৰ্মাতাসকলে যথাসময়ত ঘোষণা কৰিব।
‘ডিফলু’ৰ পৰিচালক নেকিবৰ বাবে, যিহেতু এইখনেই তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ, এই সিদ্ধান্ত বিশেষভাৱে কঠিন আছিল। আগষ্টৰ আৰম্ভণিতে নেকিবে নিজে কেইবাখনো বানপীড়িত গাঁও ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈছিল। বানৰ তাৎক্ষণিক পৰিস্থিতি কিছু পৰিমাণে স্বাভাৱিক হ’বলৈ আৰম্ভ কৰিলেও ইয়াৰ পৰৱৰ্তী প্ৰভাৱক উপেক্ষা কৰিব নোৱাৰি বুলি তেওঁ অনুভৱ কৰে।
“সঁচা অৰ্থত, এই সিদ্ধান্তটো আমাৰ সকলোৰে বাবে অতি কঠিন আছিল। ‘ডিফলু’ মোৰ প্ৰথম ছবি আৰু আমি এই দিনটোৰ বাবে বহুদিন ধৰি অপেক্ষা কৰি আছিলোঁ। কাইলৈ দৰ্শকৰ সন্মুখত ছবিখন উপস্থাপন কৰিবলৈ আমি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিলোঁ। কিন্তু যি সময়ত সমগ্ৰ অসমৰ ইমানবোৰ মানুহে এনে দুৰৱস্থাৰ মাজেৰে পাৰ হৈ গৈছে, তেনে সময়ত এখন ছবিৰ মুক্তি উদযাপন কৰাটো উচিত যেন নালাগিল। চলিত মাহৰ আৰম্ভণিতে ক্ষতিগ্ৰস্ত কিছু গাঁও ভ্ৰমণ কৰি পৰিস্থিতি নিবিড়ভাৱে চাবলৈ সুযোগ পাইছিলোঁ। পানী হয়তো পিছুৱাই গৈছে, কিন্তু বহুতৰে বাবে প্ৰকৃত সংগ্ৰাম আৰম্ভ হৈছেহে। ছবিখনে মুক্তিৰ বাবে অপেক্ষা কৰিব পাৰে। এই মুহূৰ্তত আমাৰ চিন্তা আৰু প্ৰচেষ্টা অসমৰ জনসাধাৰণৰ লগতে বানপানীত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিজন ব্যক্তিৰ প্ৰতি নিৰ্দেশিত হোৱা উচিত,” নেকিবে কয়।
‘ডিফলু’ৰ সমগ্ৰ দলটোৱে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দিছে আৰু এই ধ্বংসলীলাৰ পাছৰ পৰিণতিৰ সন্মুখীন হৈ থকা সম্প্ৰদায়সমূহৰ বাবে শক্তি আৰু অবিৰত আৰোগ্যৰ আশা কৰিছে।

Leave A Reply

Your email address will not be published.