স্বাধীনতা দিৱসত মালিগাঁও চাৰিআলিত জ্যেষ্ঠ নাগৰিকক সম্বৰ্দ্ধনা

0

মালিগাঁও, ১৯ আগষ্ট : গুৱাহাটীৰ আন আন প্ৰান্তৰ দৰে জালুকবাৰী থানাৰ সন্মূখত থকা মালিগাঁও চাৰিআলিৰ পিয়লি ফুকন চকত জালুকবাৰী আৰক্ষী থানা আৰু থানা এলেকাৰ জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতিৰ যৌথ উদ্যোগত তথা থানাৰ অন্তৰ্গত সমূহ নাগৰিক কমিটি , গাঁওৰক্ষী বাহিনী, ব্যৱসায়ী সন্থা, অনা চৰকাৰী সংগঠনৰ সহযোগত ১৫ আগষ্টত ৮০ সংখ্যক স্বাধীনতা দিৱস বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰা হয়। পুৱা উপস্থিত দুই শতাধিক লোকৰ অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জালুকবাৰী আৰক্ষী থানাৰ কেন্দ্ৰীয় নাগৰিক সমিতিৰ অধ্যক্ষ কমিটিৰ দ্বিজেন লহকৰে । আনহাতে জালুকবাৰী থানা চৌহদত সকলোৰে অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত কুমাৰ সিঙে । তাৰ পাছত থানাৰ অন্তৰ্গত ১২ টা ৱাৰ্ডৰ ১২ গৰাকী বিশিষ্ট জ্যেষ্ঠ নাগৰিকক স্বৰ্গীয় মাধৱ ভৰালী সোঁৱৰণী ন্যাসৰ ফালৰ পৰা ৰাজহুৱাভাবে সম্বৰ্দ্ধনা জনায় পুত্ৰ বিপুল ভৰালীয়ে । এই উপলক্ষে পাণ্ডুনাথ দেৱালয় পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক নিমাই চন্দ্ৰ দাসে সঞ্চালনা কৰা অনুষ্ঠানটোত নাগৰিক কমিটিৰ সভাপতি দ্বিজেন লহকৰ , জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত সিং , সমাজকৰ্মী ক্ৰমে – সুদেশ কুমাৰ জৈন ( মুন্নাভাই ) , দিলীপ দত্ত ( মুন) , বিপুল ভৰালী, পৰেশ ঠাকুৰীয়া , পিয়াল শংকৰ দে, অজয় চক্ৰৱৰ্তী, নিতাই দে, আশীষ সৰকাৰ , নিৰোদ ৰায়, ৰীণা কাজী , অচ্যুত ৰাজবংশীকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.