২৮ আৰু ২৯ আগষ্টত ভাস্কৰ নাট্য মন্দিৰত কবিতা আবৃতি,তৰ্ক,জুবিন গাৰ্গৰ গীত আৰু সমবেত সংগীত প্ৰতিযোগিতা
গুৱাহাটী ১৯ আগষ্ট: গুৱাহাটী বিদ্যালয়সমূহৰ প্ৰাক্তন ছাত্র সমিতিৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবেলিও আন্ত: বিদ্যালয় বৌদ্ধিক আৰু সাংস্কৃতিক প্ৰতিযোগিতাৰ অংশ হিচাপে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অহা ২৮ আগষ্ট ৰাতিপুৱা ১০ বজাৰ পৰা কবিতা আবৃতি আৰু তৰ্ক প্ৰতিযোগিতা অনুস্ঠিত হোৱাৰ লগতে ২৯ আগষ্ট তাৰিখে ৰাতিপুৱা ১০ বজাৰ পৰা প্ৰানৰ শিল্পী জুবিন গাৰ্গৰ গীত আৰু সমবেত সংগীত প্ৰতিযোগিতা অনুস্ঠিত হব ।ইচ্ছুক প্ৰতিযোগি সকলে নিজ নিজ বিদ্যালয়ৰৰ পৰা প্ৰতিনিধিত্ব কৰিব লাগিব ।প্ৰতিযোগি সকলে ৯৮৬৪০৬০২৫৭, ৮৪৭৩৯৩০৯২৭, ৯১০১৪৭৯২৭২ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে ।