মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ শ্ৰী শ্ৰী লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা কমিটিৰ ৫১ হাজাৰ টকাৰ চেক প্ৰদান

জালুকবাৰী ,১৩ আগষ্টঃ ৰাজ্যৰ বানপীড়িত ৰাইজক সহায়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৫১ হাজাৰ টকাৰ চেক আগবঢ়াইছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক শ্ৰী শ্ৰী লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা কমিটিয়ে ৷ ১১ আগষ্টত দিছপুৰত লোক সেৱা ভৱনত কমিটিৰ এটা প্ৰতিনিধি দলে মুখ্যমন্ত্ৰীক এই সাহাৰ্যৰ চেক প্ৰদান কৰে ৷ প্ৰতিনিধি দলটোত আছিল কমিটিৰ সভাপতি কামিনী কান্ত কলিতা, কাৰ্যকৰী সভাপতি দেৱেন চন্দ্ৰ দাস, সাধাৰণ সম্পাদক যাদৱ চন্দ্ৰ কলিতা আৰু সম্পাদক কমল কাকতি। আনহাতে সাহাৰ্য পুঁজিলৈ আগবঢ়োৱা ৫১ হাজাৰ টকাৰ চেক গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰী শ্ৰী লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা কমিটিৰ এনে জনহিতকৰ কাৰ্যসূচীৰ শলাগ লয়৷