গুৱাহাটীৰ ঐতিহ্য গ্ৰামীণ হেৰিটেজত ‘জিআই ট্ৰেজাৰ্ছ অৱ নৰ্থ ইষ্ট’ গ্ৰন্থ উন্মোচন

গুৱাহাটী, ১২ আগষ্ট : উত্তৰ-পূৱাঞ্চলৰ ভৌগোলিক নিৰ্দেশক (জিআই) সূচকপ্ৰাপ্ত সামগ্ৰীসমূহক লৈ প্ৰস্তুত কৰা এখন সবিশেষ গ্ৰন্থ আজি গুৱাহাটীৰ আমবাৰীস্থিত ঐতিহ্য গ্ৰামীণ হেৰিটেজ এম্পৰিয়ামত উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামীণ বিকাশ বেংক (নাবাৰ্ড)ৰ মুম্বাইস্থিত প্ৰধান কাৰ্যালয়ৰ উপ পৰিচালন সঞ্চালক ডঃ অজয় কে সুদে । উল্লেখ্য যে ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ লগত জড়িত শিপিনীসকলৰ আৰ্থিক স্বাৱলম্বিতাৰ হকে কাম কৰি অহা আভা ক্ৰিয়েচনছ ছ’চিয়েল ইমপেক্ট ফাউণ্ডেচনৰ উদ্যোগত আৰু নাবাৰ্ডৰ সহযোগত পৰিচালিত এই এম্পৰিয়ামখনত উত্তৰ-পূৱৰ জিআই সামগ্ৰী, গ্ৰামীণ হস্তশিল্প আৰু কৃষিভিত্তিক সামগ্ৰী প্ৰদৰ্শনৰ লগতে বিক্ৰী কৰা হয় । গ্ৰন্থখনত উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ পঞ্জীভুক্ত আৰু সম্ভাৱ্য জিআই সামগ্ৰীৰ এখন সুসংহত তালিকা সন্নিৱিষ্ট কৰা হৈছে। বস্ত্ৰশিল্পৰ পৰা কৃষিজাত সামগ্ৰী আৰু হস্তশিল্পলৈকে সামৰি লোৱা এই তালিকাৰ জৰিয়তে ক্ৰেতাসকলৰ মাজত সজাগতা বৃদ্ধি, বজাৰ সংযোগ স্থাপন আৰু গ্ৰামীণ শিল্প অৰ্থনীতিক সবল কৰাই হৈছে মূল লক্ষ্য। আনহাতে এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত জিআই পঞ্জীয়ন আৰু পঞ্জীয়নৰ পিছৰ সহায়ত নাবাৰ্ডৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উপ পৰিচালন সঞ্চালকগৰাকীয়ে কয় যে এই পদক্ষেপৰ জৰিয়তে আমি শিল্পীসকলক, বিশেষকৈ হস্ততাঁত আৰু হস্তশিল্পৰ লগত জড়িতসকলক সাধাৰণ সেৱা যোগান ধৰিছোঁ। ঐতিহ্য গ্ৰামীণ হেৰিটেজ এম্পৰিয়ামৰ জৰিয়তে শিল্পীসকলক স্বচ্ছ হিচাপ ব্যৱস্থা, ডিজাইন উন্নয়ন আৰু প্ৰশিক্ষণৰ দৰে সেৱা যোগান ধৰা হৈছে। ইয়াৰ ফলত শিল্পীসকলৰ উপাৰ্জন বাঢ়িব, জীৱিকা সবল হ’ব আৰু দেশৰ সামগ্ৰিক বিকাশত অৰিহণা যোগাব । অনুষ্ঠানত নাবাৰ্ডৰ অসমৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ মুখ্য মহা প্ৰবন্ধক জি ৰমেশ কুমাৰ, মহাপ্ৰবন্ধক কমৰ জাভেদ, উপ মহাপ্ৰবন্ধক ৰচিত উপ্পল , উপ-মহাপ্ৰবন্ধক ইভান টি মুনছং, কামৰূপ জিলাৰ উন্নয়ন প্ৰবন্ধক কুমাৰ শান্তনু বসাক আৰু প্ৰটকল আৰু নিৰাপত্তা বিষয়া মেজৰ (অৱসৰপ্ৰাপ্ত) গৌৰৱ উপাধ্যায় , আভা ক্ৰিয়েচনৰ প্ৰতিষ্ঠাপক অৰূপ কুমাৰ বৈশ্য আৰু অনু মণ্ডল, হস্ততাঁত আৰু বস্ত্ৰশিল্প , কৃষিখণ্ডৰ কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।