ছাত্ৰ ছাত্ৰীৰ মাজত ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা

0

জালুকবাৰী, ১২ আগষ্ট জালুকবাৰীস্থিত ব্ৰহ্মপুত্ৰ গুৰুকুল একাডেমীত ১১ আগষ্টত বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকা স্বৰ্ণ শাখা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান শাখাৰ তৰফৰ পৰা অহা ৬ চেপ্তেম্বৰত দিনজোৰা কাৰ্যসূচীৰে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৬ ছেপ্টেম্বৰত ডঃ ভূপেন হাজৰিকাই কণ্ঠ নিগৰা গীতৰ ওপৰত স্কুলীয়া (দ্বাদশ শ্ৰেণী লৈকে)ছাত্ৰ-ছাত্ৰীৰ মাজত পূৱা ৯ বজাৰ পৰা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক বঁটা, মানপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব । লগতে এক বিবৃতি যোগে আগ্ৰহী প্ৰতিযোগীসকলক অহা ৪ ছেপ্টেম্বৰৰ ভিতৰত যোগদানৰ বাবে ৯১০১১৫২৭৪৫ নম্বৰত যোগাযোগ কৰিবলৈ স্বৰ্ণ শাখাৰ সভাপতি অৱসৰপ্ৰাপ্ত অধ্যাপক হাচমত আলীয়ে অনুৰোধ জনাইছে।

Leave A Reply

Your email address will not be published.