গুৱাহাটীত অনুষ্ঠিত ৩৫তম জে কে আৰ্কিটেক্ট অৱ দ্য ইয়েৰ বঁটা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটী ১৬ জুলাই ২০২৬: জে কে চিমেন্ট লিমিটেডৰ উদ্যোগত আয়োজিত ৩৫তম জে কে আৰ্কিটেক্ট অৱ দ্য ইয়েৰ (JK AYA) বঁটা প্ৰদান অনুষ্ঠান ১৫ জুলাই, ২০২৬ তাৰিখে গুৱাহাটীত সফলভাৱে অনুষ্ঠিত হয়। এই অনুষ্ঠানটোত দেশৰ বিশিষ্ট স্থাপত্য, নিৰ্মাণ উদ্যোগৰ বিশেষজ্ঞ, শিক্ষাবিদ আৰু চৰকাৰী গণ্যমান্য ব্যক্তিসকল একত্ৰিত হয়।
এই গৌৰৱময় অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানটোক অধিক গৌৰৱান্বিত কৰে। তেখেতৰ উপস্থিতিয়ে ৩৫ বছৰীয়া এই বিশেষ উপলক্ষত অনুষ্ঠানটোক অধিক মৰ্যাদা, আঞ্চলিক গৌৰৱ আৰু প্ৰেৰণাৰে সমৃদ্ধ কৰি তোলে। এই অনুষ্ঠানত জে কে চিমেন্ট লিমিটেডৰ উপ-অধ্যক্ষ ড° নিধিপতি সিংঘানিয়া, পৰিচালন সঞ্চালক তথা জে কে আৰ্কিটেক্ট অৱ দ্য ইয়েৰ (JK AYA) অধ্যক্ষ ড° ৰাঘৱপৎ সিংঘানিয়া আৰু জে কে আৰ্কিটেক্ট অৱ দ্য ইয়েৰ (JK AYA) প্ৰশাসক ৰানা প্ৰতাপ সিঙে উপস্থিত থাকে। ইয়াৰ উপৰিও দেশ-বিদেশৰ বিশিষ্ট স্থাপত্য, ইয়াৰ উপৰি এছ’চিয়েচন অৱ আৰ্কিটেক্টছ আসাম নেচনেল কাউনচিল (AAA National Council) সদস্য, চৰকাৰী বিষয়া আৰু উত্তৰ-পূৰ্বাঞ্চলসহ ভাৰতৰ বিভিন্ন প্ৰান্তৰ ডিজাইন বিশেষজ্ঞসকলেও অনুষ্ঠানত অংশগ্ৰহণ কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে অতিথিসকলক আদৰণি জনোৱাৰ পিছতে পৰম্পৰাগতভাৱে বন্তি প্ৰজ্বলন কৰা হয়, যিয়ে জ্ঞান, সৃষ্টিশীলতা আৰু অগ্ৰগতিৰ প্ৰতীক বহন কৰে। এই উপলক্ষে ভাষণ প্ৰদান কৰি ড° নিধিপতি সিংঘানিয়াই কয় যে, বিগত ৩৫ বছৰে জে কে চিমেন্ট লিমিটেডএ স্থাপত্যৰ উন্নয়ন, ৰাষ্ট্ৰ গঢ়া আৰু বহনক্ষম বিকাশৰ বাবে নিৰন্তৰভাৱে কাম কৰি আহিছে।
অনুষ্ঠানৰ এক বিশেষ মুহূৰ্ত আছিল জে কে আৰ্কিটেক্ট অৱ দ্য ইয়েৰ বঁটা -ৰ গৌৰৱময় ৩৫ বছৰৰ যাত্ৰাক স্মৰণ কৰা আৰু প্ৰয়াত শ্ৰী যদুপতি সিংঘানিয়াৰ দূৰদৰ্শী চিন্তা আৰু অৱদানক শ্ৰদ্ধাঞ্জলি জনোৱা। তেখেতৰ আদৰ্শ আৰু নেতৃত্বই আজিও নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।
JK AYA-ৰ প্ৰশাসক ৰানা প্ৰতাপ সিঙে অনুষ্ঠানত উপস্থিত সকলো সন্মানীয় অতিথি আৰু স্থাপত্য জগতৰ সদস্যসকলক তেওঁলোকৰ অব্যাহত সহযোগিতা আৰু সমৰ্থনৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।
তেওঁ সকলো বঁটা সযতনে মূল্যায়ন কৰাৰ বাবে জুৰি সদস্যসকল আৰু পেছাদাৰী উপদেষ্টা স্থপতি আইবান এছ. মাওখ্ৰ’ ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। লগতে গুৱাহাটীৰ স্থানীয় আয়োজক দলকো অনুষ্ঠানটো সফল আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে।
অনুষ্ঠানত বিজয়ী প্ৰকল্পসমূহৰ এক বিশেষ প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। এই প্ৰদৰ্শনীলৈ অঞ্চলটোৰ যুৱ স্থপতি, স্থাপত্য পেছাদাৰী আৰু শিক্ষাৰ্থীসকলে যথেষ্ট আগ্ৰহেৰে অংশগ্ৰহণ কৰে। ইয়াৰ জৰিয়তে তেওঁলোকে নতুন, বহনক্ষম আৰু আধুনিক স্থাপত্যৰ ধাৰণাসমূহৰ বিষয়ে জানিবলৈ এক ভাল সুযোগ লাভ কৰে।
শেষত নেটৱৰ্কিং আৰু নৈশভোজৰ আয়োজনৰ মাজেৰে অনুষ্ঠানটোৰ সফল সামৰণি পৰে। এই অনুষ্ঠানটোৱে উত্তৰ-পূৰ্বাঞ্চলত স্থাপত্য, ঐতিহ্য আৰু উৎকৰ্ষতাৰ এক স্মৰণীয় উদযাপন হিচাপে সকলোৰে মনত বিশেষ স্থান দখল কৰে।