গুগল মীট যোগে মুম্বাই সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ চিনাকি পৰ্ব অনুষ্ঠান সম্পন্ন
গুৱাহাটী , ৪ জুন : মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ মাহেকীয়া অনুষ্ঠান ‘চিনাকি পৰ্ব’ অনুষ্ঠানটো গুগল মীটৰ জৰিয়তে ৩১ মে’ৰ দিনা সন্ধিয়া অনুষ্ঠিত হয়। এইবাৰৰ অনুষ্ঠানত অতিথি হিচাপে ৰূপে উপস্থিত আছিল মুম্বাই স্বৰ্ণ শাখাৰ আজীৱন সদস্য, অ এন জি চি ৰ অৱসৰপ্ৰাপ্ত বিষয়া , আন্তঃৰাষ্ট্ৰীয খ্যাতিসম্পন্ন শৰীৰ চৰ্চাবিদ, কবি আৰু আবৃত্তিকাৰ সদানন্দ গগৈ । সম্পাদক দীক্ষা পাঠক খাটনিয়াৰৰ উদ্দেশ্য ব্যাখ্যাৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত ভাগ লোৱা সকলোকে আদৰণি জনায় সভাপতি হিৰণ ভূঞাই কবি সদানন্দ গগৈৰ ৰচিত কবিতা পৰিবেশন কৰে । অনুষ্ঠানত সদানন্দ গগৈৰ বিষয়ে এখন চুটি তথ্যচিত্ৰ পৰিবেশনৰে তেওঁৰ চিনাকি দিয়া হয় । আলোচনী সম্পাদক ইলোৰা ভাগৱতীয়ে গগৈৰ ৰচিত কবিতা পাঠেৰে আপ্লুত কৰে । কবি আৰু আবৃত্তিকাৰ তথা শৰীৰ চৰ্চাবিদ গগৈয়ে শৰীৰ চৰ্চাৰ ওপৰত সুন্দৰ বাখ্যা দাঙি ধৰি কয় যে এটা সুস্থ জীৱন অতিবাহিত কৰিবলৈ ৮০ বছৰ বয়সতো নিয়মীয়াকৈ জিমলৈ গৈ শৰীৰ চৰ্চা কৰি আছে।শুভাকাংক্ষী ৰূপে উপস্থিত থকা অনুবাদক অতুল চন্দ্ৰ শৰ্মা আৰু কবি আৰু আবৃত্তিকাৰ টাজেন হাজৰিকাই স্বৰচিত কবিতা পাঠ কৰি উপস্থিত সকলোকে আপ্লুত কৰে । প্ৰাক্তন সভাপতি সুৰাইয়া জাহানে গগৈক শুভেচ্ছা জ্ঞাপন সহ সম্বৰ্ধনা জ্ঞাপন কৰে । প্ৰাক্তন প্ৰচাৰ সচিব দেৱীকা বৰপূজাৰীয়ে এটি অনুবাদ কবিতা পাঠ কৰে। কুঁহি আলোচনীৰ প্ৰাক্তন সম্পাদক ‘পবিত্ৰা বৰঘৰৰীয়াই চমু বক্তব্য প্ৰদান কৰে। গল্পৰ পৃথিৱী অসম’ৰ সম্পাদক ৰন্টু ৰঞ্জন কলিতা , আজীৱন সদস্যদ্বয় ত্ৰিনয়ন সন্দিকৈ আৰু উত্তম দাসে চমু ভাষণ প্ৰদান কৰে । সম্পাদক দীক্ষা পাঠক খাটনিয়াৰে গগৈৰ ৰচিত কবিতা পাঠ কৰে । অনুষ্ঠানটোৰ কাৰিকৰী দিশসহ সুন্দৰকৈ পৰিচালনা কৰে প্ৰাক্তন কোষাধ্যক্ষ বিনোদ শইকীয়াই। শেষত শলাগৰ শৰাই আগবঢ়াই সহকাৰী সম্পাদক মৌচুমী দাসে। ‘চিৰ চেনেহী মোৰ ভাষা জননী’ আৰম্ভণি গীতটোৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ ‘ ‘অ মোৰ আপোনাৰ দেশ’ শীৰ্ষক গীতটো পৰিবেশন কৰি সামৰণি মৰা হয়।