কলাসমন্বয়ৰ উদ্যোগত ৰবীন্দ্ৰ-নজৰুল সন্ধ্যা অনুষ্ঠিত

গুৱাহাটী, ১ জুন ঃ গুৱাহাটীৰ সাংস্কৃতিক মঞ্চ ‘কলাসমন্বয়’-ৰ উদ্যোগত দেওবাৰ, ৩১ মে’ৰ সন্ধিয়া এক বৰ্ণাঢ্য ৰবীন্দ্ৰ-নজৰুল সন্ধ্যা পালন কৰা হয়।
কামাখ্যানগৰ কমিউনিটি হলত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে পুষ্পাঞ্জলিৰ জৰিয়তে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু কাজী নজৰুল ইছলামক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ইয়াৰ পিছত পাঠ, সংগীত আৰু আবৃত্তিৰ সমন্বয়ে আয়োজিত উদ্বোধনী অনুষ্ঠানত অনুৰাধা পাত্ৰৰ পৰিচালনাত ৰবীন্দ্ৰ-নজৰুলৰ কবিতা আৰু গীত পৰিবেশন কৰা হয়। এই পৰ্বত অংশগ্ৰহণ কৰে সোমা প্ৰামাণিক, কিৰীটি বসু, সুচন্দ্ৰা বসু, নবনীতা মজুমদাৰ, অনুৰূপা চক্ৰৱৰ্তী, স্বপ্না সাহা আৰু ৰাজীৱাক্ষ ৰক্ষিতে।
মূল অনুষ্ঠানৰ প্ৰথম পৰ্বত ‘ৰবি আৰাধনা’ অনুষ্ঠিত হয়। এই পৰ্বত ৰবীন্দ্ৰসংগীত পৰিবেশন কৰে অভিজিৎ দাস, নবনীতা মজুমদাৰ, সোমা প্ৰামাণিক, দেৱৰ্ষি চৌধুৰী আদি শিল্পীয়ে। হাৱাইয়ান গীটাৰত ৰবীন্দ্ৰনাথৰ গীত পৰিবেশন কৰি অনুষ্ঠানত এক বিশেষ মাধুৰ্য সংযোজন কৰে সুনিৰ্মল চক্ৰৱৰ্তীয়ে। গীটাৰত সংগত আগবঢ়ায় নটৰাজ ভট্টাচাৰ্যই। আনহাতে, ৰবীন্দ্ৰনাথৰ কবিতা আবৃত্তি কৰে স্বপন পাল, ডালিয়া সিংহ আৰু নৈঋতা বন্দ্যোপাধ্যায়ে। ৰবীন্দ্ৰ নৃত্য পৰিবেশন কৰি উপস্থিত দৰ্শকক মোহিত কৰে ৰুম্পা কৰ চৌধুৰীয়ে।
অনুষ্ঠানৰ দ্বিতীয় পৰ্বত বিদ্ৰোহী কবি কাজী নজৰুল ইছলামৰ স্মৃতিত নজৰুলগীতি পৰিবেশন কৰে দেৱীপ্ৰিয়া বন্দ্যোপাধ্যায়, কৌশিকী চৌধুৰী, ৰাজীৱাক্ষ ৰক্ষিত, পৌলমী ৰায়, পিয়ালী দে, সোহিনী ভট্টাচাৰ্য আৰু দেৱলীনা চৌধুৰীয়ে।
বিশেষভাৱে উল্লেখযোগ্য যে, ৯০ বছৰত পদাৰ্পণ কৰা সংগীতপ্ৰেমী দেৱব্ৰত চৌধুৰীয়ে অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে উপস্থিত থকাৰ লগতে নিজৰ প্ৰখৰ স্মৃতিশক্তি আৰু সংগীতবোধৰ পৰিচয় দি নজৰুলৰ জনপ্ৰিয় গীত ‘মোৰ প্ৰিয়া হবে এছ ৰাণী’ পৰিবেশন কৰে।
অনুষ্ঠানৰ অন্তিম আকৰ্ষণ হিচাপে সুশান্ত চৌধুৰীয়ে গীত আৰু কথাৰ মাজেৰে কাজী নজৰুল ইছলামক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।