মালিগাঁৱত ‘জুবিন গাৰ্গ ৰেলৱে বিহুতলী সাংস্কৃতিক কেন্দ্ৰ মুকলি ; স্থায়ী ঠিকনা পালে পাণ্ডু বিহু সন্মিলনীয়ে

মালিগাওঁ , ১৩ এপ্ৰিল : অসমৰ মিনি ইণ্ডিয়া হিচাপে পৰিগণিত হৈ অহা তথা বিভিন্ন জাতি-জনজাতি, ভাষা-ভাষী লোকৰ মিলনভূমি মালিগাঁৱত বাস কৰা বিভিন্ন ধর্মালম্বী লোকসকলে মিলি ৬৪ টা বছৰে বিহু উদযাপন কৰি আহিছে। পাণ্ডু বিহু সম্মিলনী , মালিগাঁৱে বিভিন্ন ঘাট-প্রতিঘাটৰ মাজেৰে আহি ৬৫ বছৰত ভৰি দিলে। কিছু বছৰৰ পৰা মালিগাঁৱ ৰেলৱে ষ্টেডিয়ামত উদযাপন কৰি অহা বিহুখনৰ বাবে অলপ জটিলতা আহি পৰিছিল। বিহু উদযাপনৰ বাবে কমেও এমাহৰ বাবে বিভিন্ন খেলৰ অনুশীলন বন্ধ হৈ পৰিছিল ৰেলৱে ষ্টেডিয়ামখনত। ইয়াৰ পৰিপ্ৰেক্ষিতত বিষয়টোৰ এটা স্থায়ী সমাধান সূত্ৰ আৰু সন্মিলনীৰ এটা স্থায়ী ঠিকনা বিচাৰি উত্তৰ পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুনীন্দ্র শইকীয়া , যুটীয়া সাধাৰণ সম্পাদক দিগন্ত বৰুৱাই উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধককে ধৰি ৰেল প্ৰশাসনৰ সৈতে বিগত দিন সমূহত কেবালানি আলোচনাত মিলিত হৈছিল। অৱশেষত ৰেলৱে প্রশাসনে এটি সাংস্কৃতিক কেন্দ্র নির্মাণ কৰিবলৈ সন্মতি প্রকাশ কৰে আৰু নির্মাণ কাৰ্য সম্পূর্ণ কৰা হৈছে। এই সাংস্কৃতিক কেন্দ্রটো এতিয়া হ’ব পাণ্ডু বিহু সন্মিলনৰ স্থায়ী ঠিকনা। বিহুৰ এমাহ বাদ দি যিকোনো সময়তে বিভিন্ন সংগঠন বা ব্যক্তিয়ে এই কেন্দ্রত সাংস্কৃতিক অনুষ্ঠান পাতিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। পাণ্ডু বিহু সম্মিলনীৰ স্থায়ী ঠিকনাটোৰ বাবে এই সাংস্কৃতিক কেন্দ্রটো স্থাপন কৰিবলৈ এম্পলইজ ইউনিয়নৰ ফালৰ পৰা বিগত দিন সমূহত ৰেল প্ৰশাসনক হেঁচা প্ৰয়োগ কৰা হৈছিল। এইখিনিতে উল্লেখনীয় দিশটো হ’ল ইউনিয়নৰ পৰামৰ্শ মানি এই সাংস্কৃতিক কেন্দ্ৰটো “জুবিন গাৰ্গ ৰেলৱে বিহুতলী, মালিগাঁও” হিচাবে নামাকৰণ কৰিবলৈ ৰেল প্রশাসনে মান্তি হৈছে। আনহাতে ১১ এপ্ৰিলত “জুবিন গাৰ্গ ৰেলৱে বিহুতলী, মালিগাঁও” সাংস্কৃতিক কেন্দ্ৰটো মুকলি কৰে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে। মুকলি অনুষ্ঠানত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ , উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰধান মুখ্য কাৰ্মিক বিষয়া কে পি সিং, এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন্দ্র শইকীয়াকে ধৰি ৰেলৱেৰ কেবাজনো শীৰ্ষ বিষয়া, উত্তৰ পূব সীমান্ত ৰেলৱে সাংস্কৃতিক সংস্থাৰ কেবাজনো কৰ্মকৰ্তা উপস্থিত আছিল। উল্লেখ্য যে সাংস্কৃতিক কেন্দ্ৰটো পৰিচালনা কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰধান মুখ্য কাৰ্মিক বিষয়া কে পি সিং আৰু এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন্দ্র শইকীয়াক সম্পাদক হিচাপে লৈ এখন সাতজনীয়া স্থায়ী কমিটি গঠন কৰা হৈছে।