৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিত আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ

0

ৰাজ্যৰ ৯ এপ্ৰিলত ১৬ সংখ্যক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পিছতেই তামুলপুৰৰ জিলা ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰৰ তীব্ৰতৰ হৈ পৰা পৰিলক্ষিত হৈছে। সমষ্টিটোৰ ৮ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছিল। তাৰেই ডিম্বেশ্বৰ ৰাভা নামৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী ২৬ মাৰ্চ তাৰিখে মনোনয়ন পত্ৰ উঠাই লয়। সমষ্টিটোত সৰ্বমুঠ
২,১৩,৮৪৬ গৰাকী ভোটাৰ আছে। পুৰুষ ভোটাৰ ১০৭৪৫৮ টা আৰু মহিলা ভোটাৰ ১০৬৩৮৭ টা । জিলাখনত 61,000 অৰুণোদই লাভ কৰা মহিলা আছে ৪৪ নং গোৰেশ্বৰ বিধানসভা আৰু ৪৩’নং তামুলপুৰ বিধানসভা সমষ্টিত।
৬০ শতাংশ জনজাতীয় ভোটাৰ আৰু 20 শতাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোক আছে আৰু 20 শতাংশ অসমীয়া ভাষী উপৰিও অন্যান্য ভাষীক লোক আছে।
এতিয়া প্ৰথম কথাটো হ’ল তামুলপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰভাৱ কম যদিও ৮ ৰ পৰা ১২ হাজাৰ ভোট লাভ কৰাৰ সম্ভাৱনা আছে। দ্বিতীয়তে বৰ্তমান সময়ত প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে বিটিচি দখল কৰিব নোৱাৰিলে। তামুলপুৰৰ সন্তান তথা সমগ্ৰ ৰাজ্যবাসীৰ উপৰিও জিলা খনৰ জনপ্ৰিয় নেতা প্ৰমোদ বড়ো ৬০ শতাংশ জনজাতীয় ভোটাৰ সৰহ সংখ্যক লোকৰে সমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে। কাৰণ বিটিআৰ চুক্তি আৰু তামুলপুৰত চিকিৎসা মহাবিদ্যালয় স্থাপনে জিলাবাসী ৰাইজৰ মনৰ মাজত সাজ বহাবলৈ সক্ষম হৈছে বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়োৱে। আনপিনে ইউপিপিএল নেতা গৰাকীক একেধাৰে ৰাজ্য সভাৰ সাংসদ আৰু বিটিচিৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ হোৱাক লৈ জিলাবাসী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াও সৃষ্টি হৈছিল।
তৃতীয়তে এনডিএৰ প্ৰাৰ্থী তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক ৰাইজে চালানী নেতা বুলি একাংশ লোকে সামাজিক মাধ্যমত প্ৰচাৰ চলাই আছে যদিও সমষ্টিটোৰ পৰা ২০০১ চনত তামুলপুৰ সমষ্টিৰ বিধায়ক হিচাপে প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছিল। জিলা খনৰ তামুলপুৰ আৰু গোৰেশ্বৰ দুয়োটা সমষ্টিতে ১৫০০০ কৰ্মকৰ্তা আছে। চাবলৈ গ’লে বিজেপি দলৰ প্ৰতি ৰাইজৰ বৰ্তমান আকৰ্ষণ আছে যদিও ৬০ শতাংশ জনজাতীয় লোক আৰু ২০ শতাংশ অজনজাতীয় লোকে বিজেপিৰ পক্ষত থিয় দিয়ে নাই সেইয়াহে লক্ষণীয় হ’ব। লগতে ২০ শতাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে সমষ্টিটোৰ এনডিএৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী আৰু প্ৰমোদ বড়োৰ ভাগ্য নিৰ্ণয় কৰিব বুলি ৰাইজৰ মাজত তীব্ৰ চৰ্চা চলিছে।

Leave A Reply

Your email address will not be published.