কালিনাৰী কেচকেডছত পৰ্যটন আৰু পৰিচয়ক লৈ চিটি ২.০-ৰ বিশেষ চৰ্চা; মেঘালয়ৰ খাদ্য সম্ভাৰ আৰু সাংস্কৃতিক ঐতিহ্যৰ একত্ৰীকৰণ

0

শ্বিলং, ৩০ মাৰ্চ : মেঘালয়ত আয়োজিত হৈ থকা বিশেষ পাক-বৈচিত্ৰ্যৰ যাত্ৰা চিটি ২.০ৰ মাজতে মেঘালয়ৰ সাংস্কৃতিক পৰিচয় আৰু পৰ্যটনৰ সম্ভাৱনাক লৈ শ্বিলঙৰ ৱাৰ্ডছ লেকত অনুষ্ঠিত হয় এক বিশেষ আলোচনা চক্ৰ। উল্লেখ্য যে, কালিনাৰী কাচকেডছ নামৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ সমাজকেন্দ্ৰিক উন্নয়ন আৰু বিকাশশীল অৰ্থনৈতিক সুযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে উপস্থিত বক্তাসকলে।
মেঘালয় পৰ্যটন বিভাগৰ সহযোগত অনুষ্ঠিত এই দুদিনীয়া উৎসৱৰ সৈতে সংলগ্ন কৰা হৈছে খাদ্য ঐতিহ্যৰ বিশেষ কাৰ্যসূচী চিটি ২.০। এই আয়োজনৰ জৰিয়তে খাদ্য, সংস্কৃতি আৰু কাহিনীৰ আদান-প্ৰদানৰ বাবে দুয়োটা মঞ্চই একত্ৰিত হৈ এক নতুন আলোচনাৰ সূচনা কৰে।
অনুষ্ঠানত ভাষণ দি মেঘালয়ান এজ লিমিটেডৰ পৰিচালন সঞ্চালক তথা অধ্যক্ষ ড০ বিজয় কুমাৰ ডি, আই এ এছ-এ কয় যে ৰাজ্যখনৰ স্বকীয় সংস্কৃতি, জনসাধাৰণ আৰু প্ৰাকৃতিক শক্তিক আধাৰ কৰি এক সুকীয়া বিশ্বজনীন পৰিচয় গঢ়াৰ দিশত সজাগভাৱে কাম কৰিছে চৰকাৰে।
ড০ বিজয় কুমাৰ ডিয়ে কয়, “আমাৰ হাতত এক আশ্চৰ্যকৰ কাহিনী আছে আৰু এই কাহিনী সমগ্ৰ বিশ্বৰ আগত উপস্থাপন কৰাৰ প্ৰয়োজন।” মেঘালয়ে নিজৰ অনন্য সত্তা আৰু সম্ভাৱনাসমূহ প্ৰদৰ্শন কৰিবলৈ বিভিন্ন মঞ্চ তথা পাৰস্পৰিক সহযোগিতাক মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে বুলিও তেওঁ মন্তব্য কৰে।
এই বিশেষ কৰ্মপন্থাৰ বিৱৰ্তনৰ কথা উল্লেখ কৰি মেঘালয়ান এজ ফেষ্টিভেলৰ দৰে পূৰ্বৰ পদক্ষেপসমূহৰ প্ৰসংগ টানি আনে ড০ বিজয় কুমাৰ ডিয়ে। অঞ্চলটোৰ নামেৰে নামাকৰণ কৰা বিশ্বজুৰি স্বীকৃত ভূতাত্ত্বিক সময়সীমাৰ পৰা অনুপ্ৰাণিত হৈ ৰাজ্যখনে এতিয়া নিজকে উৎকৃষ্টতা, সৌন্দৰ্য আৰু সুযোগৰ এক প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাতহে অধিক জোৰ দিছে।
ৰাজ্যখনৰ অৰ্থনৈতিক অগ্ৰাধিকাৰৰ দিশটোত আলোকপাত কৰি তেওঁ কয় যে মেঘালয়ৰ উন্নয়নৰ ৰণনীতি মূলতঃ কৃষি আৰু সেৱা খণ্ডৰ ওপৰত কেন্দ্ৰীভূত। ইয়াৰ উপৰিও মূল্য সংযোজন, খাদ্য সংসাধন আৰু পৰ্যটনভিত্তিক সংস্থাপনৰ ওপৰত বৰ্তমান বিশেষ গুৰুত্ব আৰোপ কৰিছে চৰকাৰে।
ৰাজ্যখনে লাকাডঙৰ হালধি, উন্নত মানৰ আনাৰস, আদা আৰু ষ্ট্ৰবেৰীৰ দৰে উচ্চমানৰ জৈৱিক সামগ্ৰী উৎপাদন কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে কৃষক, উদ্যোগী আৰু প্ৰতিষ্ঠানসমূহক সামৰি এক সংসাধন পৰিৱেশ তন্ত্ৰৰ জৰিয়তে ফাৰ্মৰ পৰা বজাৰলৈ সংযোগ স্থাপনৰ ব্যৱস্থা গঢ়ি তোলা হৈছে।
থলুৱা নিযুক্তি আৰু বিশ্বজুৰি লাভ কৰিব পৰা সুযোগ- এই উভয়ৰে বাবে দক্ষতা বিকাশৰ প্ৰয়োজনীয়তাৰ ওপৰতো জোৰ দিয়ে কুমাৰে। এই সন্দৰ্ভত তেওঁ নাৰ্ছসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিযুক্তি প্ৰদান আৰু বিশেষ কৃষি পদ্ধতিৰ ক্ষেত্ৰত গঢ়ি উঠা সহযোগিতাৰ উদাহৰণ দাঙি ধৰে।
পৰ্যটনৰ সন্দৰ্ভত তেওঁ কয় যে মেঘালয়ে এতিয়া পৰিচিত লক্ষ্যস্থানসমূহৰ সীমা অতিক্ৰম কৰি বিকেন্দ্ৰীকৃত নিযুক্তিৰ সুযোগ সৃষ্টি কৰিছে। স্থায়িত্ব নিশ্চিত কৰিবলৈ চৰকাৰে “কম পৰ্যটক, নিম্ন প্ৰভাৱ আৰু উচ্চ মানৰ পৰ্যটন”ৰ এক অনন্য আৰ্হি গ্ৰহণ কৰিছে বুলিও তেওঁ সদৰী কৰে।
আনফালে, বৰ্ধিত বহিঃপ্ৰকাশৰ মাজত সাংস্কৃতিক বিলুপ্তিৰ যি আশংকাই দেখা দিছে, সেই সেন্দৰ্ভত কুমাৰে কয় যে অৰ্থনৈতিক বিকাশ আৰু স্বকীয় পৰিচয় ৰক্ষাৰ মাজত ভাৰসাম্য বজাই ৰাখিবলৈ এক সচেতন প্ৰচেষ্টা অব্যাহত আছে।
তেওঁ লগতে কয়, “আমি শ্ৰেষ্ঠসকলৰ সৈতে জড়িত হৈছোঁ আৰু তেওঁলোকৰ পৰা শিকিছোঁ। কিন্তু আমি আমাৰ নিজৰ পৰিচয় সদায় শক্তিশালী কৰি ৰাখিছোঁ।”
ইফালে, মেঘালয়ৰ জীৱন্ত শিপাৰ দলংসমূহক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদাৰ বাবে স্থানীয় সমাজৰ উদ্যোগত যি মনোনয়ন আগবঢ়োৱা হৈছে, তাক জনসাধাৰণৰ অংশগ্ৰহণমূলক শাসনৰ এক অনন্য নিদৰ্শন হিচাপে প্ৰক্ষেপ কৰে কুমাৰে। তেওঁ কয় যে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে ৮৬ খনকৈ গাঁও জড়িত হৈ আছে।
আনহাতে, আলোচনাটো পৰিচালনা কৰি ইমেজ গুৰু তথা লিটিগেচন লেণ্ডস্কেপাৰ দিলীপ চেৰিয়ানে কয় যে কালিনাৰী কাচকেডছ আৰু চিটি ২.০-ৰ দৰে পদক্ষেপে মেঘালয়ৰ সম্ভাৱনাক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত গঢ়ি উঠা ক্ৰমবৰ্ধমান আত্মবিশ্বাসকে প্ৰতিফলিত কৰিছে।
দিলীপ চেৰিয়ানে কয়, “শীৰ্ষস্থানীয় চেফ আৰু আতিথ্য খণ্ডৰ বিশিষ্ট ব্যক্তিসকলক মেঘালয়লৈ আমন্ত্ৰণ জনোৱাটোৱেই ৰাজ্যখনৰ সামৰ্থ্যৰ ওপৰত থকা এক গভীৰ বিশ্বাসৰ পৰিচয়।” এনে মঞ্চসমূহে দূৰত্বৰ মানসিক হেঙাৰ নেওচি ৰাজ্যখনক মূলসুঁতিৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক নেটৱৰ্কৰ সৈতে অধিক নিবিড়ভাৱে একত্ৰিত কৰাত সহায় কৰিছে বুলিও তেওঁ মন্তব্য কৰে।
একে সময়তে, বৃহত্তৰ বজাৰ আৰু সহযোগিতাৰ সৈতে জড়িত হোৱাৰ সমান্তৰালভাৱে থলুৱা সাংস্কৃতিক পৰিচয়ক শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰতো বিশেষভাৱে জোৰ দিয়ে চেৰিয়ানে।
মেঘালয়ৰ বুকুত থলুৱা সমাজ, থলুৱা উপাদান আৰু পৰম্পৰাগত খাদ্য শৈলীৰ সৈতে একাত্ম হ’বলৈ চিটি ২.০-এ ভাৰতৰ প্ৰায় ৫০ গৰাকী শীৰ্ষস্থানীয় চেফ, পাক-বিশেষজ্ঞ আৰু কথাশিল্পীক এক পাঁচদিনীয়া নিবিড় যাত্ৰাৰ বাবে একত্ৰিত কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে উত্তৰ-পূবৰ খাদ্য ঐতিহ্যৰ এক অনন্য ব্যাখ্যা আৰু ইয়াৰ ব্যাপক প্ৰসাৰৰ জৰিয়তে ভাৰতৰ পাক-শৈলীৰ মূল ধাৰাত অঞ্চলটোক মৰ্যাদাৰে প্ৰতিষ্ঠা কৰা।
উল্লেখ্য যে, সমগ্ৰ মেঘালয়ত বৰ্তমান অব্যাহত আছে পাক-বিশেষজ্ঞ, সৃষ্টিশীল মন আৰু সাংস্কৃতিক সাধকসকলৰ সমাহাৰেৰে আয়োজিত পাঁচদিনীয়া বিশেষ পাক-বৈচিত্ৰ্যৰ যাত্ৰা চিটি ২.০। এই বিশেষ আয়োজনৰ সামৰণি পৰিব অহা ৩১ মাৰ্চত। আনহাতে, শনিবাৰে শ্বিলঙত সফল সমাপ্তি ঘটে কালিনাৰী কাচকেডছৰ।

Leave A Reply

Your email address will not be published.