অসম ডনবস্ক’ বিশ্ববিদ্যালয়ত কোৱাণ্টাম প্ৰযুক্তিৰ আলোচনাচক্ৰ

0

আজাৰা, ১৬ অক্টোবৰ : ইউনেস্ক’ৰ ঘোষণা অনুসৰি ২০২৫ চনৰ আন্তৰ্জাতিক কোৱাণ্টাম বিজ্ঞান আৰু প্ৰযুক্তি বৰ্ষৰ উপলক্ষত অসম ডনবস্ক’ বিশ্ববিদ্যালয়ত কোৱাণ্টাম প্ৰযুক্তি গোটৰ উদ্যোগত “কোৱাণ্টাম কম্পিউটিং” বিষয়ক এখন আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ আয়োজন কৰা হয় । এই অনুষ্ঠানত সমগ্ৰ ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানৰ ১১৭গৰাকী অংশগ্ৰহণকাৰীয়ে অ‘শগ্ৰহণ কৰে । আলোচনাচক্ৰখনত দিল্লীৰ ডিআৰডিঅ’ৰ বিশিষ্ট বিজ্ঞানী ড০ হৰিশ সাহুয়ে সমল ব্যক্তি হিচাপে উপস্থিত থাকি কোৱাণ্টাম কম্পিউটিঙৰ মৌলিক দিশ আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ ওপৰত অন্তৰ্দৃষ্টি সম্পন্ন ভাষণ প্ৰদান কৰে । তেওঁ ভাষণত কোৱাণ্টাম কম্পিউটিঙৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়োটা দিশ সামৰি বক্তব্য প্ৰদান কৰে । অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি বিদ্যাপীঠৰ সঞ্চালক অধ্যাপক মনোৰঞ্জন কলিতাৰ আদৰণি ভাষণেৰে আলোচনাচক্ৰখনৰ আৰম্ভণি কৰা হয় । অধ্যাপক কলিতাই গণনা আৰু উদ্ভাৱনৰ ভৱিষ্যত গঢ় দিয়াত কোৱাণ্টাম প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায় । অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক্স আৰু কমিউনিকেচন বিভাগৰ সহকাৰী অধ্যাপক ড০ সঞ্জীব কলিতাৰ সমন্বয়ত অনুষ্ঠিত আলোচনাচক্ৰখনত অংশগ্ৰহণকাৰীসকলে ক্যুবিট, ছুপাৰপজিচন আৰু কোৱাণ্টাম এলগৰিদমৰ দৰে মূল ধাৰণাসমূহ অন্বেষণ কৰিবলৈ সক্ষম হয় । বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক্স আৰু কমিউনিকেচন বিভাগৰ সহকাৰী অধ্যাপিকা ড° হেমাশ্ৰী বৰদলৈৰ ধন্যবাদসূচক ভাষণেৰে আলোচনাচক্ৰৰ সামৰণি পৰে । তেওঁ আলোচনাচক্ৰখনৰ লগত জড়িত সমল ব্যক্তি, অংশগ্ৰহণকাৰী আৰু আয়োজক দলটোক কৃতজ্ঞতা জ্ঞাপন কৰে ।

Leave A Reply

Your email address will not be published.