কামৰূপ মহানগৰ জিলা কবি সমাজৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন

গুৱাহাটী ,১৬ জুলাই: অসম কবি সমাজৰ স্বীকৃতিপ্রাপ্ত কামৰূপ মহানগৰ জিলা কবি সমাজৰ কার্যনির্বাহক সদস্যৰ শপত গ্রহণ অনুষ্ঠানটো ১৩ জুলাইত গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত শঙ্কৰদেৱ বিদ্যানিকেতনত অনুস্থিত হয়। জিলা সম্পাদক ৰঞ্জন কুমাৰ শর্মাই আঁত ধৰা অনুষ্ঠানত শপত বাক্য পাঠ কৰোৱাই অসম কবি সমাজৰ ভাৰপ্ৰাপ্ত সভাপতি চামচুল বাৰিকে । আনহাতে কামৰূপ মহানগৰ জিলা কবি সমাজৰ নৱ নির্বাচিত সভাপতি ৰত্নেশ্বৰ বসুমাতাৰীয়ে সভাপতিত্ব কৰা অনুষ্ঠানত অসম কবি সমাজৰ সভাপতি ৰাজীৱ কুমাৰ ফুননে নবগঠিত কামৰূপ মহানগৰ জিলা কবি সমাজল ভবিষ্যত কর্মপন্থা সম্পর্কে সাৰুৱা বক্তব্য দাঙি ধৰে। অনুষ্ঠানত অসম কবি সমাজৰ উপ সভাপতি গৌতমজ্যোতি তালুকদাৰ, সম্পাদক প্রধান বৰ্ণালী বৰা বৈশ্যই কেবাগৰাকী কবিক স্বীকৃতিপত্র প্ৰদান কৰে। অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ তিনিও গৰাকী উপ সভাপতি ক্ৰমে – কমলেশ্বৰ ডেকা, ডঃ দিবাকৰ নাথ, বিকাশ ৰায় মেধি আৰু কোষাধক্ষ্য অৰূপধৰ বৰুৱাই চমুকৈ ভাষণ প্ৰদান কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই সহকাৰী সম্পাদক ৰাজু কুমাৰ বৰুৱাই । অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে।