টপচেম চিমেণ্টৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে সুনীল গাভাস্কাৰৰে চুক্তি স্বাক্ষৰ

0

টপচেম চিমেণ্টে ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তী সুনীল গাভাস্কাৰ-“দ্য লিটল মাষ্টাৰ”ক তেওঁলোকৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিয়োগ কৰিছে।

কোম্পানীৰ চেলছ এণ্ড মাৰ্কেটিং (মেঘালয় চিমেণ্টছ লিমিটেড)ৰ অধ্যক্ষ ডঃ অনিল কাপুৰে উল্লেখ কৰে যে ” সুনীল গাভাস্কাৰ, যাক “ছানি” বুলি জনা যায়, তেওঁ বহু বছৰ ধৰি প্ৰমাণ কৰিছে যে অপেনিং বেটছমেনৰূপে যিকোনো মেচ জিকিবলৈ দক্ষতা আৰু স্থিৰতাৰ দ্বাৰা এটা ইনিংছৰ শক্তিশালী ভেটি প্ৰথমে স্থাপন কৰি লোৱাটো। একেদৰে, আমি বিশ্বাস কৰোঁ যে এটা শক্তিশালী অট্টালিকা নিৰ্মাণ কৰিবলৈ প্ৰথমে এক শক্তিশালী ভেটিৰ অতি প্ৰয়োজন।

টপচেম চিমেণ্টে পিপিচি, অ’পিচি আৰু ছলিড ধলাই চিমেণ্ট প্ৰস্তুত কৰে। কোম্পানীয়ে তেওঁলোকৰ সেৱাসমূহত সৰ্বশ্ৰেষ্ঠ কেঁচা সামগ্ৰী, বিশ্বমানৰ প্ৰযুক্তি প্ৰয়োগ কৰিছে আৰু গুণগত মানদণ্ডৰ সৈতে কেতিয়াও আপোচ কৰা নাই বুলি উল্লেখ কৰে ।

টপচেম চিমেণ্টে সকলো সময়তে সৰ্বশ্ৰেষ্ঠ মানদণ্ড আৰু সেৱা প্ৰদান কৰি আহিছে আৰু ইয়াৰ অনাগত বছৰবোৰত আৰু বৃদ্ধি হ’ব বুলি কোম্পানীটোৰ কৰ্ক্ষতৃপক্ষই উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.