মিৰ্জাত অগপৰ কামৰূপ জিলাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

0

*মিৰ্জা,১৯ ফেব্ৰুৱাৰী :* “পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান সপ্তাহ। আমাৰ দলে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰনকৌশল হাতত লৈছে। কামৰূপ জিলাৰ ছয়টা বিধানসভা সমষ্টিটেই দলে তীব্র প্ৰতিদ্বন্দিতা আগবঢ়োৱাটো নিশ্চিত। বৰ্তমানলৈ বিজেপি দলৰ সৈতে মিত্ৰতা সম্পৰ্কত আমাৰ একো আলোচনা হোৱা নাই। অৱশ্যে সন্মানজনক মিত্ৰতাৰ বাবে দুৱাৰ খোলা আছে” যোৱা ১৫ ফেব্ৰুৱাৰীত মিৰ্জাৰ সাতপাৰা দুৰ্গাপূজা প্ৰাংগণত অগপৰ কামৰূপ জিলাৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি পলাশবাৰী অগপৰ নেতা তথা দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাই এই মন্তব্য কৰে। দলৰ জিলা সভাপতি খগেন নাথৰ সভাপতিত্বত হোৱা গুৰুত্বপূৰ্ণ সভাখনত ডাঃ কলিতাই দলৰ নিষ্ঠাবান কৰ্মীসকলে জিলাখনত দলৰ হৃত মৰ্যাদা পুণৰুদ্ধাৰৰ ক্ষেত্ৰত যথেষ্ট কৰিবলগীয়া কৰ্তব্য আছে বুলিও মন্তব্য কৰে। আনহাতে, সভাখনত অংশগ্ৰহণ কৰি কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই প্ৰতিগৰাকী অসমীয়া মানুহৰ শৰীৰত অগপৰ তেজ বৰ্তমানো প্ৰবহমান হৈ আছে বুলি কয়। আগন্তুক নিৰ্বাচনত দলৰ তৃণমূলৰপৰা নেতৃত্বলৈ প্ৰতিগৰাকী কৰ্মীয়ে নিষ্ঠাৰে কাম কৰিব বুলিও তেওঁৰ গভীৰ বিশ্বাস। জিলাখনৰ ছয়টা বিধানসভা সমষ্টিৰপৰা অহা দুই শতাধিক কৰ্মীৰ উপস্থিতিত হোৱা সভাখনত বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস, জিলাৰ সম্পাদকদ্বয় পৰমেশ্বৰ বৰ্মন আৰু শুভৰাম দাস প্ৰমুখ্যে বহুকেইজন দায়িত্বশীল নেতা-কৰ্মীয়ে অগপই আজীৱন জাতীয় দায়বদ্ধতাৰ দিশটোক অগ্ৰাধিকাৰ দি অহাৰ কথাটো প্ৰতিগৰাকী স্বাভিমানী অসমীয়াই ভালদৰে জানে বুলি মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.