প্ৰকাশ পালে অসম সাহিত্য সভাৰ সভাপতি পদৰ তালিকা

0

অসম সাহিত্য সভাই মঙলবাৰে পৰৱৰ্তী সভাপতি পদৰ বাবে নতুন তালিকা প্ৰকাশ কৰে । ৫ গৰাকী সাহিত্যিকক লৈ প্ৰকাশ কৰা হয় নতুন পেনেল তালিকা । প্ৰকাশ হয় বসন্ত কুমাৰ গোস্বামী, ড৹ গোৱিন্দ প্ৰসাদ শর্মা, অধ্যাপক উপেন ৰাভা হাকাচাম, ভীমকান্ত বৰুৱা, অনুৰাধা শৰ্মা পূজাৰীৰ নাম । আটাইকেইগৰাকী সাহিত্যিকৰ সন্মতি সাপেক্ষে নাম প্ৰকাশ কৰা হয় ।

মঙলবাৰে উচ্চস্তৰীয় সমিতিৰ বৈঠকৰ অন্তত প্ৰকাশ কৰা হয় এই তালিকা ।

উল্লেখ্য যে, সোমবাৰে অসম সাহিত্য সভাৰ উপ-সভাপতি, প্রধান সম্পাদকৰ প্রার্থী তালিকা ঘোষণা কৰা হৈছিল ।

অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ কাৰ্যকালৰ বাবে ৫ গৰাকীয়ে উপ-সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছিল ।

Leave A Reply

Your email address will not be published.