ৰাণীত কোচ ৰাজবংশী জনগোষ্ঠীৰ বিষুৱা উৎসৱ পালনৰ আয়োজন
ৰাণী , 9 মে’: কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় উৎসৱ ‘বিষুৱা’ অহা ১০ মে’ত এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীত পালন কৰা হব । সদৌ অসম কোচ ৰাজবংশী সুৰক্ষা সমিতিৰ সৌজন্যত আৰু ৰাণী আঞ্চলিক কোচ ৰাজবংশী ছাত্র সন্থা (আক্ৰাছু)ৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীৰ লগত সংগতি ৰাখি সিদিনা পুৱা বিষুৱাৰ পতাকা উত্তোলন, সদৌ অসম কোচ ৰাজবংশী সুৰক্ষা সমিতিৰ পতাকা উত্তোলন, আক্ৰাচুৰ পতাকা উত্তোলন, শ্বহীদ তর্পণ, সাংস্কৃতিক শোভাযাত্রা, কুইজ আৰু চিত্ৰাংকণ প্রতিযোগিতা, স্মৃতিগ্রন্থ উন্মোচন, বৃহত্তৰ ৰাণী অঞ্চলৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হব। ইয়াৰ উপৰিও সন্ধিয়া বস্তি প্রজ্বলন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি, জুবিন গাৰ্গৰ গীতৰ আধাৰত একক আধুনিক নৃত্য প্রতিযোগিতা, সাংস্কৃতিক মঞ্চ উদ্বোধন আৰু বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। সাংস্কৃতিক অনুষ্ঠানত কোচ ৰাজবংশী জনগোষ্ঠীৰ জনপ্রিয় কণ্ঠশিল্পী মানসী চহৰীয়া আৰু কমল ৰায়ৰ লগতে কিশলয় বিহু হুঁচৰি দলে অনুষ্ঠান পৰিৱেশন কৰিব। আনহাতে কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সমাজকৰ্মী শিৱচৰণ দাসক সভাপতি, তাৰিণী কুমাৰ দাসক কাৰ্যকৰী সভাপতি, তৰুণ চন্দ্ৰ দাসক উপ সভাপতি , জ্যোতিপ্ৰসাদ দাস আৰু ৰঞ্জন দাসক সাধাৰণ সম্পাদক হিচাপে লৈ বিষুবা উৎসব উদযাপন সমিতি গঠন কৰা হৈছে। উদ্যোক্তা সকলৰ হৈ উদযাপন সমিতিৰ প্ৰচাৰ বিভাগৰ দায়িত্বত থকা ধৰ্মেন্দ্ৰ দাসে সিদিনাৰ বিষুৱা উৎসৱৰ কাৰ্যসূচীত বৃহত্তৰ ৰাণী অঞ্চলৰ ৰাইজৰ সহায় – সহযোগ আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।