মেধাৱী শিক্ষাৰ্থী তন্ময় কাকতিক পূব ধাৰাপুৰ মিলিজুলি ক্লাবৰ সম্বৰ্ধনা

আজাৰা , ৫ মে’ : সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কলা শাখাত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ পৰা ৬ টা বিষয়ত লেটাৰ নম্বৰসহ ৯০ শতাংশ লৈ বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ লগতে পূৱ ধাৰাপুৰ জঙ্গৰাবৰী চুবুৰীলৈ সুনাম কঢ়িয়াই অনা মেধাৱী শিক্ষাৰ্থী তন্ময় কাকতিক ৩ মে’ৰ দিনা পূৱ ধাৰাপুৰ মিলিজুলি ক্লাৱৰ তৰফৰ পৰা তেওঁক বাসগৃহত গৈ সম্বৰ্ধনা জনোৱাৰ লগতে অভিনন্দন জ্ঞাপন কৰা হয়। মিলিজুলি ক্লাৱৰ সভাপতি অৰুণ দাস, উপ সভাপতি কুশল দাস, জঙ্গৰাবৰী শ্ৰী শ্ৰীশ্যামৰায় গোঁসাইঘৰ কমিটিৰ সভাপতি হৰিকান্ত শৰ্মা, সম্পাদক ভৱেশ দাস, মিলিজুলি ক্লাৱৰ প্ৰাক্তন সম্পাদক প্ৰণৱ দাস, উৎপল দাস, বিশ্বজিৎ দাস, কমল দাসে বাসগৃহত গৈ গামোচা, জাপি, ফুলৰ থোপাৰে সম্বৰ্ধনা জনায় ই স উপস্থিত থাকে। ইয়াৰ উপৰিও তেওঁলোকে তন্ময় কাকতিক মিলিজুলি ক্লাৱৰ তৰফৰ পৰা আগন্তুক শৈক্ষিক যাত্ৰাত আৰু অধিক সফলতা আনিব পাৰে তাৰ বাবে উৎসাহ আগবঢ়ায়।