
গুৱাহাটী, ১৯ মাৰ্চ, ২০২৫: ভাৰতীয় পৰিয়ালৰ প্ৰজন্মৰ পিছৰ প্ৰজন্মৰ প্ৰিয় পানীয় ৰস্নাই এক অনন্য আৰু নব্য সামগ্রী মুকলি কৰিছে–“ৰস্না ৰিচ”–এয়া এটা কনচেন্ট্ৰেট পাউডাৰ, যিটো মাথো সোৱাদেৰে সুসমৃদ্ধ নহয় বৰং সুস্বাদু তথা সম্পূর্ণভাবে শৰীৰৰ বাবে অপূর্ব।ই এক তুলনাবিহীন সুলভ্যভাৱে আহিছে, প্ৰতিটো ১০ টকীয়া পেকেটত তিনি গিলাচ অৰ্থাৎ প্ৰতি গিলাচত ৩ টকা মূল্যত উপলব্ধ হ’ব। নতুন সামগ্রীভাগৰ ফ’কাচ ফ্লেভাৰ হৈছে ফলৰ ৰজা আম।আম হৈছে ৰস্নাৰ সৰ্বাধিক বিক্রী হোৱা ফ্লেভাৰৰ অন্যতম, সেই সুবাদতে “ৰস্না ৰিচ”লাইনআপত ইয়াৰ আৰম্ভণিৰ বাবে প্রথম প্ৰাকৃতিক পছণ্ড।আম প্ৰিমিয়াম তথা এক্সক্লুচিভিটি সহিতে সুসম্পর্কিত, কিন্তু নতুন ৰস্না ৰিচ আমৰ সৈতে অতিসম্প্রতি সমগ্র বছৰটো সুবিধাসূচকভাৱে উপলব্ধ হ’ব।নতুন ৰস্না ৰিচ কমলা, নেমু,আনাৰস,মধুৰিআমৰ সমান্তৰালকৈ মিক্সফ্ৰুইটৰ লেখিয়া বিভিন্ন সোৱাদতো উপলব্ধ।সুস্বাস্থ্যৰ লগতে পুষ্টিৰ প্ৰতিশ্ৰুতিৰ প্ৰতি ৰস্না ৰিচ ২১ প্ৰকাৰৰ ভিটামিন আৰু খনিজ পদার্থৰে সুৰক্ষিত, সেয়ে এই সামগ্রীভাগ সদায় অগ্রনী। শুভ উদ্বোধনী অনুষ্ঠানত ভাষণ প্রদান কৰি ৰস্না ইণ্টাৰনেচনেল গ্ৰুপ চেয়াৰমেন পিৰুজ খামবাট্টাই মন্তব্য কৰে, “আমাৰ নতুন সামগ্রীয়ে ভাৰতীয় গ্রাহকৰ আশা- আকাঙ্ক্ষাক মূৰ্ত কৰিছে, এয়া এটা আত্মনিৰ্ভৰ ব্ৰেণ্ড, যিটোৱে সুলভমূল্যত আন্তর্জাতিক মানসম্পন্নতা প্ৰদান কৰে।এই উৎক্ষেপণতাৰ সৈতে ৰস্নাই ভাৰতীয় পৰিয়ালত ইয়াৰ উপস্থিতি শক্তিশালী কৰে আৰু ২০ হাজাৰ কোটি টকাৰ ফলযুক্ত পানীয়ৰ বজাৰত সুদৃঢ় পদক্ষেপ গ্রহণ কৰে, ফলশ্ৰুতিত বিশ্বমানক সতেজতা অভাবনীয় মূল্যত প্ৰদান কৰা হয়”। নতুন আৰু ৰোমাঞ্চকৰ “ৰস্না ৰিচ” পানীয় লাইনআপৰ সম্পর্কত সজাগতা বৃদ্ধি কৰিবলৈ, কোম্পানীয়ে ২০২৫ চনৰ গ্ৰীষ্মকালৰ সঠিক সময়তে এটা হৃদয়স্পর্শী নব্য বিজ্ঞাপনৰো প্ৰচাৰৰ দিহা কৰিছে।এই অভিযানৰ সহায়েৰে ৰস্নাই গ্রাহকৰ সৈতে আবেগিক সুসম্পর্ক জোৰদাৰ কৰি তুলিব,তদুপৰি নব্য প্ৰজন্মৰ বাবে গ্ৰীষ্মকালীন সতেজতাৰো নবীন সংজ্ঞা দিব। এই আকৰ্ষণীয় প্ৰচাৰ অভিযানটো আগবঢ়াই নিবলৈ ৰস্নাই টেলিভিচন, প্ৰিন্ট, ডিজিটেল আৰু অন-গ্ৰাউন্ড সক্রিয়কৰণৰ সমান্তৰালভাৱে এটা গতিশীল ৩৬০-ডিগ্ৰী বিপণন ৰণনীতিও আৰম্ভ কৰিছে।
Leave a Reply