গুৱাহাটী, ১৫ নৱেম্বৰ, ২০২৪: এইচডিএফচি বেংকৰ চিএচ আৰ (CSR ) পদক্ষেপ ” পৰিৱৰ্তন ” ৰ অধীনত গুনগত শিক্ষাৰ জড়িয়তে সমগ্ৰ ভাৰত বৰ্ষৰ যুৱক যুৱতী সকলক উন্নীত আৰু সৱলীকৰণ প্রতিশ্রুতি পুনৰ দৃঢ় কৰি শিশু দিৱস উদযাপন কৰে।
সমৰ্থিত আৰু নিৰ্বাচিত বিদ্যালয় সমূহৰ ২০ লাখ ছাত্র- ছাত্রীৰ উপযুক্ত শিক্ষণ প্রণয়ন আৰু সৱলীকৰণৰ লক্ষ্য আৰু ২৫ হাজাৰ আৰ্ত আৰু বঞ্চিত ছাত্র – ছাত্রীয়ে উচ্চ শিক্ষা আৰু উন্নীত ভবিষ্যত সুবিধা প্রদানৰ উদ্দেশ্যে এইচডি এফচি বেংকৰ ” পৰিৱৰ্তন ” এ ডিজিটেল শিক্ষা আৰু প্রযুক্তি ৰ ব্যৱস্থা কৰি ২০২৫ চনৰ ভিতৰত ৩৫০০ বিদ্যালয়ত স্মার্ট শ্রেণী কোঠা ৰূপায়ণৰ পৰিকল্পনা কৰিছে।5‘’এইচ ডি এফ চি বেংকত আমি ভাবো যে আমাৰ সম্প্ৰদায়সমূহৰ বাবে অধিক আশাব্যঞ্জক আৰু ন্যায়সংগত ভৱিষ্যতৰ ভেটি হৈছে শিক্ষা। আমি ‘’পৰিৱৰ্তন’’ৰ অধীনত আমাৰ চিএচ আৰ (CSR) প্ৰচেষ্টাৰ জৰিয়তে শৈক্ষিক আন্তঃগাঁথনিৰ ৰূপান্তৰ, ব্যক্তিগত সবলীকৰণ, আৰু স্থিতিস্থাপক সম্প্ৰদায়ৰ বিকাশত অৰিহণা যোগাইছো। এই শিশু দিৱসত আমি যুৱক যুৱতী সকলক সবলীকৰণ, শিক্ষাবিদসকলক অনুপ্ৰাণিত কৰিব পৰা সঁজুলি প্ৰদান, আৰু অধিক অন্তৰ্ভুক্ত আৰু আশাব্যঞ্জক কাইলৈৰ বাবে আন্তঃগাঁথনি স্থাপন কৰাটো নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো’’, এইচ ডি এফ চি বেংকৰ উপ-পৰিচালন সঞ্চালক কাইজাদ এম ভাৰুচাই কয়।
বিগত দহ বছৰত পৰিৱৰ্তনে ২.৮৭ লাখৰো অধিক বিদ্যালয়ক সহায় কৰিছে, ২০.২২ লাখৰো অধিক শিক্ষকক প্ৰশিক্ষণ দিছে, আৰু ২.১৬ কোটিৰো অধিক ছাত্ৰ-ছাত্ৰীৰ জীৱন সলনি কৰিছে। এইচ ডি এফ চি বেংক পৰিৱৰ্তন সমৰ্থিত বিদ্যালয়ত অধ্যয়ন কৰা প্ৰতিভাৱান যুৱক-যুৱতী সকলক উজ্জ্বল কৰি তোলা #LittleSmilesBigDreams ডিজিটেল অভিযান আৰম্ভ কৰে বেংকে।
তেনে এক হৃদয়স্পর্শী কাহিনী আহিছে ৰাছিৰ দৈনিক মজুৰি কৰা শ্রমিকৰ সন্তান কালাছ আৰু কোমলৰ পৰা যি সকলে বাৰিষা কালৰ সময়ছোৱাত প্রবজন নকৰি বাৰানাসী জিলাৰ জামালপুৰত শেহতীয়াকৈ পুনৰ স্থাপন কৰা স্মার্ট বিদ্যালয় অধ্যয়ন অব্যাহত ৰাখিছে। এসময়ত লাজুকীয়া আৰু দীগ্বাবোধ কৰা কালাছ এতিয়া পঞ্চম শ্রেণীৰ মেধাৱী ছাত্র। এইচডিএফচি বেংক ‘’পৰিৱৰ্তন’’ আৰু অম্বুজা চিমেণ্ট ফাউণ্ডেশ্যনৰ সহযোগত বিদ্যালয়খনত এতিয়া ডিজিটেল শ্ৰেণীকোঠা, আধুনিক পুথিভঁৰাল, বিজ্ঞান পৰীক্ষাগাৰ, ক্ৰীড়াৰ সুবিধা, আৰু ৱাটাৰ কুলাৰৰ ব্যৱস্থা কৰা হৈছে। উন্নত পৰিৱেশৰ বাবে আৰ্ত আৰু বঞ্চিত ছাত্র-ছাত্ৰী সকলে শ্রেণীকোঠাত নিয়মিত ভাৱে উপস্থাপন থাকিবলৈ আৰম্ভ কৰিছে। ১৪৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ছোৱালীৰ সংখ্যা লৰাতকৈ বেছি।
সমগ্ৰ দেশতে শিক্ষাৰ মানদণ্ড উন্নীত কৰিবলৈ এইচ ডি এফ চি বেংক ‘’পৰিৱৰ্তন’’ৰ শৈক্ষিক পদক্ষেপসমূহ চৰকাৰৰ সৰ্বশিক্ষা অভিযানৰ সৈতে সযতনে সংগতি আৰু সমন্বয় কৰা হৈছে। প্ৰতিকাৰমূলক শ্ৰেণী, শিক্ষণ শিবিৰ, আৰু আৰ্ত আৰু বঞ্চিত শিশুসকলৰ বাবে বিশেষ বৃত্তিৰ জৰিয়তে এই কাৰ্যসূচীসমূহে শিক্ষাব্যবস্থাক প্ৰসাৰিত কৰে আৰু শিক্ষাৰ মানদণ্ড উন্নত কৰে। ইয়াৰ উপৰিও কেৰিয়াৰ পৰামৰ্শ, শিক্ষক প্ৰশিক্ষণ, বৃত্তি, আৰু আন্তঃগাঁথনিৰ সহায় আগবঢ়ায়। এইচ ডি এফ চি বেংকৰ ‘’পৰিৱৰ্তন’’ৰ পাঁচটা মূল কেন্দ্ৰবিন্দুৰ ভিতৰত অন্যতম হৈছে শিক্ষাৰ প্ৰসাৰ। ২০১৪ চনত আৰম্ভ হোৱাৰ পৰা এইচ ডি এফ চি বেংক ‘’পৰিৱৰ্ত’’নে বহনক্ষম আৰ্থ-সামাজিক উন্নয়নত ৫,১০০ কোটি টকাৰো অধিক বিনিয়োগ কৰিছে।
Leave a Reply