![](https://www.asombhumi.com/wp-content/uploads/2024/12/image-7-1024x474.png)
উত্তৰ পূৰ্বাঞ্চলৰ সামাজিক-সাংস্কৃতিক আৰু সাহিত্যৰ অন্যতম অনুষ্ঠান পূৰ্বাঞ্চল সমন্বয় মঞ্চ The NER Forum for Unity ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস কালি গুৱাহাটীৰ অসম সাহিত্য সভা ভৱন লক্ষ্মীৰাম বৰুৱা সদন প্ৰাঙ্গনত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় । পূৰ্বাঞ্চল সমন্বয় মঞ্চৰ প্ৰতিষ্ঠাপক প্ৰশাসিকা মণি গোস্বামীয়ে এক বিবৃতি যোগে জানিবলৈ দিয়া মতে প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি কালি পুৱাৰ ভাগত মঞ্চৰ পতাকা আনুষ্ঠানিক ভাৱে উত্তোলন কৰে মঞ্চৰ সভাপতি ডাঃ চিন্তামণি হাজৰিকাই আৰু বৃক্ষৰোপন কৰে জোৎস্নাৰাণী বেগমে । ইয়াৰ পিছত বন্তি প্ৰজ্জলন কৰে শিক্ষাবিদ ৰবীন শৰ্মা, ড: জগন্নাথ মহন্তই ।মঞ্চৰ সতীৰ্থ সকলে এটা জ্যোতি সংগীত পৰিৱেশন কৰাৰ পিছত মুকলি সভাৰ আৰম্ভণিতে উপস্থিত সকলোকে আদৰণি জনাই উদ্দেশ্যে ব্যাখ্যা কৰে মঞ্চৰ প্ৰতিষ্ঠাপক প্ৰশাসিকা মণি গোস্বামীয়ে । কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি গ্ৰন্থ উন্মোচন, কবিতা পাঠ, সম্বৰ্ধনা অনুষ্ঠান আৰু সন্মান প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয় । উক্ত অনুষ্ঠানত যশস্বী কবি সমীৰ তাঁতীক মঞ্চৰ তৰফৰ পৰা পূৰ্বাঞ্চল সমন্বয় “কাব্যপ্ৰজ্ঞা বঁটা-২০২৪” আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয় । তদুপৰি একেটা অনুষ্ঠানতে বাগ্ছা জিলাৰ যাত্ৰাদলৰ শিল্পী কনক কলিতাক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে এককালীন শিল্পী সাহায্য বঁটা প্ৰদান কৰা হয় । আনহাতে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক ৰবীন শৰ্মাই মণি গোস্বামীৰ ”ৰঙা মদাৰৰ গোন্ধ”, বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰাই প্ৰিয়ম ৰাগিনীৰ গল্প সংকলন ”সুদূৰৈত মোৰ সোণৰ নৈ”, ডঃ লুটফা হানুম ছেলিমা বেগমে ড: জাহান উদ্দিন ভূঞাৰ কাব্য সংকলন “দুৰন্ত ভাৱনাৰ প্ৰতিধ্বনি” , অভিনেত্ৰী মলয়া গোস্বামীয়ে আম্বিয়া বেগমৰ অণুগল্প সংকলন “অসমাপ্ত চিঠি”, যশস্বী কবি সমীৰ তাঁতীয়ে কৈলাশ চুতীয়াৰ “ডায়েৰীৰ পৃষ্ঠাত জীৱনৰ ৰং”, বিশিষ্ট নিবন্ধকাৰ- শিক্ষাবিদ ইছমাইল হোছেইনে কল্পনা হাতীবৰুৱাৰ “কাঁচিজোনৰ হাঁহি” আৰু হীৰেন গোহাঁইৰ “আই মোৰ আপোন” ,ড° কৰৱী হাজৰিকাৰ “সপোনে ৰিঙিয়ায়” গ্ৰন্থ কেইখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে । মঞ্চৰ সভাপতি ডাঃ চিন্তামণি হাজৰিকাৰ সঞ্চলনত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক ডঃ সুনীল কুমাৰ শইকীয়া, সত্ৰাধিকাৰ ডঃ জগন্নাথ দেৱমহন্ত, অধ্যাপক এডৱাৰ্ড ষ্টেডী এন চাংমা আৰু বিশিষ্ট সাংবাদিক আব্দুল আলিম । মুকলি সভাত মঞ্চৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰথম বৰ্ষশ্ৰেষ্ঠ কথাগল্পকৰ হিচাপে সাংবাদিক ভৱেশ কলিতা, দ্বিতীয় শ্ৰেষ্ঠ বুলবুল শৰ্মা আৰু তৃতীয় শ্ৰেষ্ঠ ৰমেশ চন্দ্ৰ ৰয়ক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়। লগতে কল্পনা দত্তক বিচাৰকৰ বিশেষ বঁটা প্ৰদান কৰা হয়। আনহাতে স্বাধীনতা দিৱস উপলক্ষে আয়োজিত কবিতা প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ কৈলাশ শৰ্মা, দ্বিতীয় শ্ৰেষ্ঠ প্ৰণীতা শইকীয়া বৰা আৰু তৃতীয় শ্ৰেষ্ঠ ভৱেশ কলিতাক বঁটা প্ৰদান কৰা হয়। তদুপৰি প্ৰৱন্ধ প্ৰতিযোগিতাৰ প্রথম শ্ৰেষ্ঠ বিজয়ী অনিল ডেকা আৰু দ্বিতীয় বিজয়ী পৰাগ কলিতা লগতে অণুগল্প প্ৰতিযোগিতাৰ ক্ৰমে প্ৰথম স্থান প্ৰাপক ৰীতা বেজ মোহন, দ্বিতীয় কৰবী দাস আৰু যুটীয়া ভাবে তৃতীয় ব্ৰজেন বৰা আৰু মানসী শৰ্মাক আনুষ্ঠানিক ভাৱে বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশিষ্ট সাংবাদিক আব্দুল আলিমকে ধৰি কেইবাগৰাকীয়ে কবিতা পাঠ কৰাৰ লগতে পাপৰি গোস্বামীয়ে এটি ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে । সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰে মণি গোস্বামী, দীপিকা ফুকন আৰু সনত মহন্তই । মঞ্চৰ সম্পাদিকা ইন্দিৰা কোঁৱৰ, মালবিকা শৰ্মা, আম্বিয়া বেগম, জলি সভাপণ্ডিত, বৰ্ণালী মহন্ত, আয়নাল হক, মনোৰঞ্জন ডেকা, কল্পনা হাতী বৰুৱা, ৰূপা বৰপূজাৰী, ৰীমা গায়ন বৰা, ৰাজশ্ৰী সেনাপতি, কিশোৰ চৌধুৰী, চন্দনা চৌধুৰী, ডাঃ চন্দনা মেধি, দীপ দাস, আফাজুৰ ৰহমান আদিকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু সংখ্যক লেখক-লেখিকাক সম্বৰ্ধনা জনোৱা হয়।
Leave a Reply