টপচেম চিমেন্টে আৰ্ত শিক্ষার্থীসকললৈ প্ৰদান কৰে বিদ্যায়তনিক সামগ্রী


গুৱাহাটী, ৯ ডিচেম্বৰ, ২০২৪: উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী চিমেন্ট ব্রেণ্ড টপচেম চিমেন্টে কামৰূপ আৰু কামৰূপ মেট্র’ জিলাৰ ১৩ খন প্ৰতিষ্ঠানৰ প্ৰায় ৫০০ আৰ্ত শিক্ষার্থীলৈ অত্যাবশ্যকীয় বিদ্যায়তনিক সামগ্রী বিতৰণ কৰে। সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে টপচেম চিমেন্টৰ এই পদক্ষেপৰ উদ্দেশ্য হ’ল আৰ্থিকভাৱে দুৰ্বল শিক্ষার্থীসকলৰ শৈক্ষিক ব্যৱধান দূৰীকৰণ কৰা। বিতৰণকৃত বিদ্যায়তনিক সামগ্ৰীসমূহৰ ভিতৰত আছে বহী, কলম, পেঞ্চিল, চাৰ্পনাৰ আৰু ইৰেজাৰ। যিবোৰ ইতিমধ্যেই অসম শিশু কল্যাণ সদন, চেভেন চিস্টাৰ্চ হোম,লঙ্কেশ্বৰ হোম,উৎসাহ ইডুকেচন চেন্টাৰ,আশা নীড়, চি এল হোম জালুকবাৰী, কস্তুৰী হোম, স্নেহ বন্ধণ দুই, জীৱনালয় চি এল হোম,চি এল হোম ফটাশিল,অৱজাৰ্ভেচন হোম বকো আৰু জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ হস্তান্তৰ কৰা হৈছে। প্ৰায় ৯,০০০ পেঞ্চিল, ৬০০০ কলম, ১,১০০ বহী, ৯,০০০ চাৰ্পনাৰ আৰু ইৰেজাৰ বিতৰণ কৰা হৈছে। মেঘালয় চিমেন্টচ লিমিটেডৰ বিক্রী আৰু বিপণন বিভাগৰ চিনিঅ’ৰ প্ৰেচিডেণ্ট ডঃ অনিল কাপুৰে এই বিদ্যায়তনিক সামগ্রী সমূহ হিতাধিকাৰী বিদ্যালয়সমূহলৈ হস্তান্তৰ কৰে। বিশেষ অনুষ্ঠানটোত তেওঁ বক্তব্য ৰাখি কয়, “শিক্ষা হৈছে প্ৰতিগৰাকী শিশুৰ অধিকাৰ আৰু আৰ্থিক দুৰবস্থাৰ কাৰণে কোনো যাতে শিক্ষাৰ পৰা বঞ্চিত হ’ব নালাগে। বিদ্যায়তনিক সামগ্রী বিতৰণৰ জৰিয়তে আমি আৰ্ত শিক্ষার্থীসকলৰ শৈক্ষিক সম্ভাবনা নিশ্চিত কৰিব বিচাৰো।উৎসাহ চাইল্ড ৰাইট অৰ্গেনাইজেচনক তেওঁলোকৰ অংশীদাৰীত্বৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো আৰু সক্রিয় ভূমিকা গ্রহণ কৰাৰ বাবে জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আদৰণি জনাইছো”। টপচেম চিমেন্টে ২০২১ চনৰ পৰাই এই প্ৰচেষ্টা অব্যাহত ৰাখি আহিছে যাতে শিক্ষাৰ জৰিয়তে উত্তৰ প্ৰজন্ম শক্তিশালী হ’ব পাৰে।এই কোম্পানীটো সৰ্বদায় শৈক্ষিক সম্ভাবনা গঢ়ি তোলা, শিক্ষাৰ্থীসকলৰ মাজত সহানুভূতি,দায়বদ্ধতা আৰু আৰ্ত শিক্ষার্থীসকলৰ শৈক্ষিক ব্যবধান আঁতৰাবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*