গুৱাহাটীৰ ৰেড ক্ৰছ হাস্পতালত হান্স ৰেনাল কেয়াৰ চেণ্টাৰ উদ্বোধন অসমৰ ৰাজ্যপালৰ

গুৱাহাটী, ১০ জানুৱাৰী : স্বাস্থ্যসেৱাৰ সুলভতাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে দ্য হান্স ফাউণ্ডেশ্যন (টিএইচএফ) আৰু ইণ্ডিয়ান ৰেড ক্ৰছ ছ’চাইটি (আইআৰচিএছ), আছাম ষ্টেট ব্ৰাঞ্চ (এএছবি)য়ে গুৱাহাটীৰ চান্দমাৰীৰ ৰেড ক্ৰছ হাস্পতালত মুকলি কৰে হান্স ৰেনাল কেয়াৰ চেণ্টাৰ। উল্লেখ্য যে, অঞ্চলটোৰ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা পূৰণত এক উল্লেখযোগ্য ভূমিকা পালন কৰি অত্যাধুনিক প্ৰযুক্তিৰে সজ্জিত এই ডায়েলাইছিছ কেন্দ্ৰটোৱে বিনামূলীয়া উচ্চমানৰ ৰেনাল কেয়াৰ সেৱা প্ৰদান কৰিব। এই ৰেনাল কেয়াৰ চেণ্টাৰটো উদ্বোধন কৰে অসমৰ ৰাজ্যপাল তথা আই আৰ চি এছ, এ এছ বিৰ সভাপতি শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই। এই অনুষ্ঠানত উপস্থিত থাকে ইণ্ডিয়ান ৰেডক্ৰছ ছ’চাইটিৰ আছাম ষ্টেট ব্ৰাঞ্চৰ সভাপতি এ কে অবছৰ হাজৰিকা, দ্য হান্স ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া সন্দীপ জে কাপুৰ, পদ্মশ্ৰী অজয় কুমাৰ দত্ত, হান্স ফাউণ্ডেশ্যনৰ জ্যেষ্ঠ সঞ্চালক বিজয় জামৱাল আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল। এই মুহূৰ্তটো অসমৰ স্বাস্থ্যসেৱাৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগত আক্ৰান্ত লোকসকলৰ বাবে হান্স ৰেনাল কেয়াৰ চেণ্টাৰ হৈছে এক নতুন আশাৰ কিৰণ। অত্যাধুনিক ডায়েলাইছিছ প্ৰযুক্তিৰে সজ্জিত এই কেন্দ্ৰটোৱে মূলতঃ পিছপৰা সম্প্ৰদায়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব আৰু তেওঁলোকক বিনামূলীয়াকৈ অত্যাৱশ্যকীয় চিকিৎসা সেৱা প্ৰদান কৰিব। দ্য হান্স ফাউণ্ডেশ্যন আৰু ইণ্ডিয়ান ৰেড ক্ৰছ ছ’চাইটি (আইআৰচিএছ), আছাম ষ্টেট ব্ৰাঞ্চৰ কৌশলগত সহযোগিতাৰে এই পদক্ষেপ ৰূপায়ণ কৰা হৈছে। হান্স ফাউণ্ডেশ্যনৰ চিইঅ’ সন্দীপ জে কাপুৰে কয় “আমাৰ মিছন হৈছে তেওঁলোকৰ আৰ্থ-সামাজিক অৱস্থা যিয়েই নহওঁক কিয়, কিন্তু প্ৰতিজন ব্যক্তিক জীৱন ৰক্ষাকাৰী স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰা। এই ডায়েলাইছিছ কেন্দ্ৰটো আমাৰ এই প্ৰতিশ্ৰুতিৰে প্ৰতীক, যিয়ে আমাক মানুহৰ মাজলৈ গুণগত স্বাস্থ্যসেৱা লৈ যাবলৈ আৰু সমাজক সবলীকৰণ আৰু আশাৰ প্ৰেৰণা যোগাবলৈ উৎসাহিত কৰিছে।’’ ইফালে, আই আৰ চি এছ, আছাম ষ্টেট ব্ৰাঞ্চৰ সাধাৰণ সম্পাদক দেৱ প্ৰসাদ শৰ্মাই কয়, ”হান্স ফাউণ্ডেশ্যনৰ সৈতে এই অংশীদাৰিত্ব অসমত স্বাস্থ্যসেৱা প্ৰদানৰ উন্নতিৰ বাবে আমাৰ প্ৰচেষ্টাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। চান্দমাৰীৰ ৰেড ক্ৰছ হাস্পতালৰ এই নতুন ডায়েলাইছিছ কেন্দ্ৰটোৱে কেৱল গুৰুত্বপূৰ্ণ চিকিৎসা প্ৰদান কৰাই নহয়, মানৱতা আৰু সেৱাৰ বিকন হিচাপেও পৰিগণিত হ’ব।’’ উল্লেখ্য যে, হান্স ৰেনাল কেয়াৰ চেণ্টাৰৰ লগতে একে স্থানতে উদ্বোধন কৰা হৈছে ৰেড ক্ৰছ ফিজিঅ’থেৰাপি চেণ্টাৰো। এই কেন্দ্ৰটোৱে শাৰীৰিক অক্ষমতা, আঘাত, বা দীৰ্ঘদিনীয়া অৱস্থাৰ বাবে পুনৰ্বাসনৰ বাবে বিস্তৃত সেৱা আগবঢ়াব। অত্যাধুনিক সা-সুবিধা আৰু অভিজ্ঞ ফিজিঅ’থেৰাপিষ্টেৰে সজ্জিত এই কেন্দ্ৰটোৱে ৰোগীৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব। আই আৰ চি এছ, আছাম ষ্টেট ব্ৰাঞ্চৰ অধ্যক্ষ এ কে অবছৰ হাজৰিকাই কয়, ”ৰেড ক্ৰছ ফিজিঅ’থেৰাপি চেণ্টাৰৰ উদ্বোধন অসমৰ জনসাধাৰণৰ মাজলৈ ব্যাপক আৰু সুলভ স্বাস্থ্যসেৱাৰ সমাধান আনিবলৈ আমাৰ দায়বদ্ধতাৰ প্ৰতীক। আমি নিশ্চিত যে এই কেন্দ্ৰটোৱে শাৰীৰিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ব্যক্তিসকলৰ গতিশীলতা, শক্তি, আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিব, আৰু তেওঁলোকক সুস্থ আৰু অধিক অৰ্থপূৰ্ণ জীৱন যাপন কৰাত সহায় কৰিব।” মন কৰিবলগীয়া যে, ক্ৰ’নিক কিডনী ডিজিজ (চিকেডি) হৈছে অসমত এক ভয়াৱহ স্বাস্থ্যজনিত সমস্যা। সুলভ মূল্যৰ ডায়েলাইছিছ সেৱাৰ অভাৱে ৰোগীৰ বাবে বিশেষকৈ অৰ্থনৈতিকভাৱে পিছপৰা সম্প্ৰদায়ৰ বাবে সমস্যাটো আৰু অধিক বৃদ্ধি কৰি আহিছে। এই জৰুৰী প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত হান্স ৰেনাল কেয়াৰ চেণ্টাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই পদক্ষেপৰ উপৰিও দ্য হান্স ফাউণ্ডেচনে স্বাস্থ্য, শিক্ষা, আৰু জীৱিকাৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল কাৰ্য্যকলাপৰ জৰিয়তে সামাজিক উন্নয়নত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। মাত্ৰ ডেৰ বছৰৰ ভিতৰতে উত্তৰ-পূব ভাৰতত দ্য হান্স ফাউণ্ডেশ্যনৰ গুৱাহাটী অধ্যায়টোৱে যথেষ্ট প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। তেওঁলোকৰ পদক্ষেপসমূহৰ ভিতৰত আছে হান্স ৰেনাল কেয়াৰ চেণ্টাৰ, হান্স মোবাইল মেডিকেল ইউনিট, হান্স হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ, হান্স উত্তম শিক্ষা প্ৰজেক্ট, হান্স লাইভলিহুড আৰু বিভিন্ন বিশেষভাৱে সক্ষমতা সম্পৰ্কীয় কাৰ্যসূচী। ২০০৯ চনত স্থাপিত এই ফাউণ্ডেশ্যনে স্বাস্থ্য, শিক্ষা, জীৱিকা, অক্ষমতা, আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কৰা প্ৰভাৱশালী কামৰ জৰিয়তে বিগত ১৫ বছৰত লাখ লাখ লোকৰ জীৱনক ৰূপান্তৰিত কৰিছে। ফাউণ্ডেশ্যনে ৪০০ৰো অধিক তৃণমূল পৰ্যায়ৰ সংস্থাক সহায় কৰিছে আৰু ১২খন ৰাজ্য চৰকাৰৰ সৈতে অংশীদাৰিত্ব কৰি ২২খন ৰাজ্যৰ ৩.৭ কোটি লোকৰ ওপৰত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। ১৯২০ চনত প্ৰতিষ্ঠা হোৱা ইণ্ডিয়ান ৰেড ক্ৰছ ছ’চাইটি হৈছে চৰকাৰৰ সহায়ত পৰিচালিত আৰু মানৱতা, অপক্ষপাত, নিৰপেক্ষতা, স্বাধীনতা, স্বেচ্ছামূলকতা, ঐক্য আৰু সাৰ্বজনীনতাৰ সাতটা নীতিৰ দ্বাৰা পৰিচালিত এক স্বায়ত্তশাসিত সংগঠন। ৩৬ টা জিলা শাখা আৰু ৫,০০০ৰো অধিক স্বেচ্ছাসেৱকৰে সৈতে আছাম ষ্টেট ব্ৰাঞ্চে গুৰুত্বপূৰ্ণ সামূহিক স্বাস্থ্য প্ৰকল্প পৰিচালনা কৰে। ইয়াৰ অৱদানৰ ভিতৰত আছে ১৯৬৫ চনত স্থাপিত গুৱাহাটীৰ চান্দমাৰীৰ ৰেড ক্ৰছ হাস্পতাল। ইয়াত শিশুৰ যত্ন, প্ৰসূতিৰ যত্ন, শিশু চিকিৎসা আৰু সামূহিক চিকিৎসাৰ ব্যৱস্থা কৰা হয়। ইয়াৰ উপৰিও উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি ৰেড ক্ৰছ নাৰ্চিং ট্ৰেইনিং চেণ্টাৰে ১৯৫৬ চনৰ পৰা অক্সিলিয়াৰী নাৰ্চিং এণ্ড মিডৱাইফাৰী (এএনএম) পাঠ্যক্ৰমৰ জৰিয়তে স্বাস্থ্যসেৱাৰ পেছাদাৰী প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*