এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ উদ্যোগত মাতৃ নিবাস বৃদ্ধাশ্ৰমৰ আৱাসীৰ সৈতে শ্ৰমিক নেতা মুনীন্দ্র শইকীয়াৰ জন্মদিন পালন

0

মালিগাওঁ, ১০ জানুৱাৰী : বিশিষ্ট শ্ৰমিক নেতা, উত্তৰ পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক , ৰেলৱেৰ জ্যেষ্ঠ অভিযন্তা মুনীন্দ্ৰ শইকীয়াৰ ৯ জানুৱাৰীৰ জন্মদিনটো ইউনিয়নৰ গুৱাহাটী শাখাৰ উদ্যোগত গীতানগৰস্থিত মাতৃ নিবাস বৃদ্ধাশ্ৰমত সিদিনা আবাসী সকলৰ সৈতে মত- বিনিময় আৰু দূপৰীয়া লগে ভাগে এসাজ খাই পালন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানটো কেক কাটি শুভাৰম্ভ কৰে আৱাস পৰিচালনাৰ দায়িত্বত থকা উৎপল তালুকদাৰ আৰু এগৰাকী জ্যেষ্ঠ আৱাসীয়ে । তাৰ পাছত শ্ৰমিক নেতা মুনীন্দ্ৰ শইকীয়া আৰু প্ৰায় ৪০ গৰাকী আৱাসীৰ প্ৰতিজনকে কেক খুৱাই ইউনিয়নৰ গুৱাহাটী শাখাৰ সভাপতি গুনীন বৰুৱা আৰু সম্পাদক অৰূপ কলিতাই । কাৰ্যসূচীত উপস্থিত আৱাসীসকলে জনপ্ৰিয় শ্ৰমিক নেতা মুনীন্দ্ৰ শইকীয়াক আশীৰ্বাদ প্ৰদান কৰি তেওঁৰ দীৰ্ঘজীৱন আৰু কৰাৰ সুস্বাস্থ্য কামনা কৰে। আনহাতে এই উপলক্ষে ইউনিয়নৰ গুৱাহাটী শাখাৰ শাখা সম্পাদক অৰূপ কলিতাই আঁত ধৰা অনুষ্ঠানটোত ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সহকাৰী সাধাৰণ সম্পাদক তথা প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মন , গুৱাহাটী শাখাৰ কাৰ্যকৰী সভাপতিদ্বয় নিপন কলিতা আৰু হেমাংগ দাস, যুটীয়া সম্পাদকদ্বয় শৈলেন কলিতা আৰু ৰাজীব দেৱনাথ, মহিলা শাখাৰ সম্পাদিকা নমিতা দাসকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকি মুনীন্দ্ৰ শইকীয়াৰ সুস্বাস্থ্য কামনা কৰে আৰু তেওঁৰ সবল নেতৃত্বত এম্পলইজ ইউনিয়ন পূৰ্বতকৈ অধিক শক্তিশালী হোৱা বুলি ব্যক্ত কৰে। আনহাতে আবাসী সকলেও এম্পলইজ ইউনিয়নৰ কৰ্মকৰ্তা সকলক ধন্যবাদ জ্ঞাপন কৰি এজন মহান শ্ৰমিক নেতাৰ জন্মদিনটো তেওঁলোকৰ সৈতে পালন কৰা কথাটোৰ শলাগ লয়।

Leave A Reply

Your email address will not be published.