ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ত আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ স্বৰ্ণ পদক বিজয়ী অংকুশিতা বড়োক সম্বৰ্ধনা

0

আজাৰা , ২৪ নবেম্বৰ : ফিনলেণ্ডৰ টামেৰত সদ্য সমাপ্ত আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা , অসম কন্যা অংকুশিতা বড়োক ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ গুৱাহাটীৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ত ২৩ নৱেম্বৰত সম্বৰ্ধনা জনোৱা হয় । এই উপলক্ষে ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষত আয়োজিত অনুষ্ঠানত অংকুশিতা বড়োক গামোচা, জাপি আৰু স্মাৰক প্ৰদান কৰি সম্বৰ্ধনা জনায় প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে। এই উপলক্ষে জাহ্নৱ কোঁৱৰে আঁত ধৰা আৰু বিশেষ কৰ্তব্যৰত বিষয়া হৰিলাল শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত অনুষ্ঠানটোত ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে চমু ভাষণত অংকুশিতা বড়োৰ উজ্বল ক্ৰীড়া ভৱিষ্যত কামনা কৰি আগন্তুক দিনত ইয়াতকৈও উন্নত প্ৰদৰ্শনৰে নিজৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা ব্যক্ত কৰে। অনুষ্ঠানত মহা প্ৰবন্ধক ক্ৰমে – এম জিমো ( এ টি এম), জি সত্যানন্দন ( চি এন এছ) , হৰিশ পাণ্ডে ( অভিযান্ত্ৰিক ) আৰু চমছেৰ সিং ( অপাৰেচন) কে ধৰি কেবাজনো বিষয়া, এয়াৰপৰ্ট অথৰিটী এম্পলইজ ইউনিয়নৰ উত্তৰ পূব মণ্ডল ক্ষেত্ৰীয় সমিতিৰ সভাপতি বিজিত দাস আৰু সম্পাদক পৱিত্ৰ দাস, প্ৰাধিকৰণৰ মহিলা কল্যাণ সংস্থা “কল্যাণময়ী”ৰ সম্পাদিকা লক্ষ্মী মেধি, কোষাধ্যক্ষ শালিনী দৈমাৰীকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে । আনহাতে সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত অংকুশিতা বড়োয়ে চমু ভাষণত পদক লাভৰ ক্ষেত্ৰত এজন খেলুৱৈক সদায় ভাগ্য আৰু ৰাইজৰ আশীৰ্বাদে সহায় কৰে বুলি ব্যক্ত কৰি অহা ডিচেম্বৰ মাহত মহাৰাষ্ট্ৰত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ বাবে নিজকে সাজু কৰিছে বুলি সদৰি কৰা। অনুষ্ঠানত তেওঁৰ প্রশিক্ষক ত্ৰিদীপ বৰাকো সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে ফিনলেণ্ডত অনুষ্ঠিত মহিলাৰ ৬৫ কেজি ওজন শাখাৰ ফাইনেলত অংকুশিতাই ইংলেণ্ডৰ ইলা থম্পষ্টনৰ বিৰুদ্ধে ৪-১ পইণ্টত জয়ী হৈছিল । ইয়াৰ পূৰ্বে তেওঁ ২০১৭ চনৰ আইবা বিশ্ব যুৱ বক্সিঙত সোণৰ পদকসহ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বক্সাৰৰ সন্মান লাভ কৰিছিল । শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ মেঘাই জাৰণি গাঁৱৰ জীয়ৰী অংকুশিতা বড়োয়ে ২০১২ চনত ১২ বছৰ বয়সত ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত জুনিয়ৰ শাখাত ভাগ লৈ পদক লাভ কৰিছিল।

Leave A Reply

Your email address will not be published.