অসম মহিলা অভিযন্তা সন্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিকৰ মেধাৱী আৰু আৰ্থিকভাৱে দুৰ্বল ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান আৰু সম্বৰ্দ্ধনা

গুৱাহাটী , ২৩ নৱেম্বৰ : ৰাজ্যৰ অভিযান্ত্ৰিকত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী মহিলা অভিযন্তা সকলৰ অন্যতম সংগঠন “অসম মহিলা অভিযন্তা সন্থা“ৰ অষ্টাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস ২২ নৱেম্বৰত বিয়লি গুৱাহাটীৰ পাণবজাৰস্থিত ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰৰ্ছৰ নতুন সভাগৃহত উদযাপন কৰা হয় ৷ এই উপলক্ষে সন্থাৰ সভানেত্ৰী মৃদুলা দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদিকা অন্তৰা বৰুৱাই আৰু আঁত ধৰে সদস্যা গীতাঞ্জলি কাকতিয়ে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানত প্ৰতিবছৰে সন্থাৰ তৰফৰ পৰা প্ৰদান কৰাৰ দৰে অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় সমূহৰ ভিতৰত ২০২৬-২৭ বৰ্ষৰ চিভিল আৰু মেকানিকেল ইঞ্জিনিয়াৰিঙত শীৰ্ষস্থান লাভ কৰা ছয়গৰাকী মেধাৱী যুৱতী অভিযন্তাক নগদ দহ হাজাৰ আৰু দুগৰাকীক নগদ সাত হাজাৰ টকাসহ বঁটা প্ৰদান কৰা হয়। তাৰ ভিতৰত কৱিতা দেৱী চাংকাকতি সোঁৱৰণী বঁটা লাভ কৰে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰী বিস্মিতা দাসে , ফণীধৰ দত্ত সোঁৱৰণী বঁটা লাভ কৰে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰী স্নেহা দেই, প্ৰদীপ কুমাৰ দত্ত সোঁৱৰণী বঁটা লাভ কৰে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰী নিকুমণি ভূঞাই, অভিযন্তা নয়ন ভাণ্ডাৰী শৰ্মাই আগবঢ়োৱা দহ হাজাৰ টকা লাভ কৰে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দিপাশ্ৰী বৰ্মনে, সত্যব্ৰত বৰুৱা সোঁৱৰণী বঁটা লাভ কৰে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সুহাসিনী বৈশ্যই । ইয়াৰ উপৰিও অসম মহিলা অভিযন্তা সন্থাৰ তৰফৰ পৰা প্ৰতিবছৰে আগবঢ়াই অহাৰ দৰে এইবছৰো ২০২৬ চনৰ বাবে ডিগ্ৰী আৰু ডিপ্লোমাৰ অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তি কৰা আৰ্থিক ভাৱে দুৰ্ৱল প্ৰথম বৰ্ষৰ তিনিগৰাকী মেধাৱী ছাত্ৰীক ক্ৰমে – যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বপ্নালী বৰগোহাঁইক দহ হাজাৰ টকাসহ ফণীধৰ দত্ত সোঁৱৰণী বঁটা, গুৱাহাটী অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ ছাত্ৰী জ্যোতিস্মৃিতা শৰ্মাক সাত হাজাৰ টকাসহ ৰবীন্দ্ৰ নাথ বৰুৱা সোঁৱৰণী বঁটা আৰু গাৰ্লছ পলিটেকনিৰ ছাত্ৰী প্ৰতিশ্ৰুতি চাংমাই বৰুৱাক নগদ সাত হাজাৰ টকাসহ দেৱেন্দ্ৰ নাৰায়ণ ডেকা সোঁৱৰণী বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ সাহিত্য অকাডেমি বঁটা প্ৰাপক দেবব্ৰত দাসে নিজৰ সাহিত্য কৰ্ম সন্দৰ্ভত এটা সুন্দৰ ভাষণ প্ৰদান কৰাৰ লগতে অসম মহিলা অভিযন্তা সন্থাৰ দীৰ্ঘায়ু কামনা কৰি বিগত সময়চোৱাত সন্থাই ছাত্ৰী , মহিলা – যুৱতীৰ সবলীকৰণৰ বাবে কৰি অহা কামৰ শলাগ লয় । অনুষ্ঠানত সন্থাৰ ফালৰ পৰা প্ৰকাশিত আলোচনী ‘নিউজ লেটাৰ’ উন্মোচন কৰা হয়। আনহাতে সন্থাৰ সদস্যাসকলৰ সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত সন্থাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ৰীতা ৰাজখোৱাকে ধৰি ভালেসংখ্যক প্ৰাক্তন আৰু বৰ্তমানৰ কৰ্মকর্তা , সদস্য উপস্থিত থাকে । অনুষ্ঠানত অনুৰাধা গোস্বামী , নমিতা শৰ্মা , বিজুলী গোস্বামী , ইলোৰা কলিতা, পদুমী শৰ্মা , গীতাঞ্জলি কাকতিয়ে সংগীত, শিশুশিল্পী শিৱক পৱন বৰুৱাই পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । অনুষ্ঠানত সুধাকণ্ঠ ,ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকীৰ লগত সংগতি ৰাখি উপস্থিত সকলোৱে বিশ্ব বন্দিত শিল্পী গৰাকীৰ কালজয়ী গীত মানুহে ‘মানুহৰ বাবে যদিহে অকণো নাভাবে’ গীতটো পৰিবেশন কৰে। শেষত শলাগৰ শৰাই আগবঢ়ায় কৰবী বৰা ডেকাই।