পাণ্ডুঘাট বিসৰ্জন কমিটিৰ দূৰ্গা পূজাৰ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন

0

জালুকবাৰী ,২৩ নৱেম্বৰ : গুৱাহাটী মহানগৰীৰ পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰত প্ৰতি বছৰে শাৰদীয় দুৰ্গোৎসৱৰ অন্তত দেৱী প্ৰতিমা বিসৰ্জন দিবলৈ অহা পূজা উদযাপন কমিটি সমূহৰ মাজত এক প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে পাণ্ডুঘাট বিসৰ্জন কমিটিয়ে। এইবেলিও ২০ আৰু ২১ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাৰ ফলাফল সমুহৰ বিজয়ী পূজা উদযাপন সমিতি সমুহক ২২ নৱেম্বৰত মালিগাঁও পাণ্ডৱ নগৰস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত বঁটা সমূহ প্ৰদান কৰা হয়। উল্লেখ্য যে এইবেলি দুয়োটা দিনতে গুৱাহাটী মহানগৰীৰ ১১২ খন দুৰ্গা পূজা উদযাপন সমিতিয়ে পাণ্ডুঘাটত প্ৰতিমা বিসৰ্জন দিছিল। আনহাতে এই উপলক্ষে পাণ্ডুঘাট বিসৰ্জন সমিতিৰ সভাপতি নিমাই চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আদৰণি ভাষণ দিয়ে কাৰ্যকৰী সভাপতি শ্যামল ভট্টাচাৰ্যই আৰু আঁত ধৰে সাধাৰণ সম্পাদক দ্বিজেন লহকৰে । সভাত গুৱাহাটী পৌৰ নিগমৰ পাৰিষদদ্বয় অজয় চক্ৰৱৰ্তী আৰু কল্লোল চক্ৰৱৰ্তী , অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভূপতি শৰ্মা, অসমৰ মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক কালিচৰণ সেন, বিজেপিৰ জালুকবাৰী মণ্ডল কমিটিৰ সভাপতি পিয়াল শংকৰ দে, সাংস্কৃতিক কৰ্মী বিপুল ভৰালী, কাৰ্ত্তিক কলিতা , সমাজকৰ্মী সুদেশ কুমাৰ জৈন ( মুন্নাভাই ) , মুন দত্ত , নিৰোদ দাসকে ধৰি কেবাজনেও ভাষণ প্ৰসংগত পাণ্ডুঘাট বিসৰ্জন সমিতিয়ে বহু বছৰ ধৰি এক ব্যতিক্ৰমী ধৰণেৰে অতি শৃংখলাবদ্ধভাৱে দেৱী প্ৰতিমা বিসৰ্জনৰ মাজেৰে প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহা কথাটোৰ শলাগ লয়। সভাত বঁটা প্ৰদানৰ লগত সংগতি ৰাখি কাৰ্ত্তিক কলিতাৰ সম্পাদনাত প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থ ‘বিজয়া দশমী’ৰ পঞ্চদশ সংখ্যাটো উন্মোচন কৰে পাণ্ডুঘাট বিসৰ্জন সমিতিৰ সভাপতি নিমাই চন্দ্ৰ দাসে । সভাত বিজয়ী উদযাপন সমিতিসমুহক বঁটা সমূহ প্ৰদান কৰা হয় । একেদৰে বিসৰ্জনৰ সময়ত দুটা দিনত পাণ্ডুঘাটত সহায় সহযোগিতা আগবঢ়োৱা স্বেশ্বাসেৱক সকলক ৰাজহুৱাভাবে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে এইবেলি বিজয়ী পূজা উদযাপন সমিতি সমুহক আটাইকেইটা পুৰস্কাৰ প্ৰদান কৰিছিল প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে। ঘোষিত ফলাফল অনুসৰি পাণ্ডুৰ জয় হিন্দ ক্লাব পূজা উদযাপন সমিতিয়ে প্ৰথম স্থান লাভ কৰি এক লাখ টকা, পুৰণি ষ্টেচন কলনী পূজা উদযাপন সমিতিয়ে দ্বিতীয় স্থান লাভ কৰি ৭৫ হাজাৰ টকা, পাণ্ডুৰ আজাদ হিন্দ ক্লাব পূজা উদযাপন সমিতিয়ে তৃতীয় স্থান লাভ কৰি ৫০ হাজাৰ টকা , পাণ্ডুৰ কামাখ্যা কলনী পূজা উদযাপন সমিতিয়ে চতুৰ্থ স্থান লাভ কৰি দহ হাজাৰ টকা , পাণ্ডুৰ কলেজ গেট সনাতন দেৱালয় পূজা উদযাপন সমিতিয়ে পঞ্চম স্থান কৰি দহ হাজাৰ টকা , কামাখ্যা নগৰ দুৰ্গা পূজা উদযাপন সমিতি আৰু ৰেষ্টকেম্প কালীবাড়ি দূৰ্গা পূজা উদযাপন সমিতিয়ে যুটীয়া ভাবে ষষ্ঠ স্থান লাভেৰে দহ হাজাৰ টকাকৈ লাভ কৰিছে । ইয়াৰ উপৰিও পাণ্ডু ইনষ্টিটিউট কলনী দূৰ্গা পূজা উদযাপন সমিতিয়ে সপ্তম, পাণ্ডু লকো কলনীৰ চিলড্ৰেন পাৰ্ক পূজা উদযাপন সমিতিয়ে অষ্টম, হিল চাইড কলনী পূজা উদযাপন সমিতিয়ে নৱম আৰু পাণ্ডু ট্ৰেংগুলাৰ কলনীৰ এছ আই ডি পি পূজা উদযাপন সমিতিয়ে দশম স্থান লাভ কৰিছে।আনহাতে এইবেলি ঢাক প্ৰতিযোগিতাত জয় হিন্দ ক্লাবে শ্ৰেষ্ঠ দলৰ সন্মানেৰে এক লাখ টকা , কলেজ গেট সনাতন দেৱালয় কমিটিয়ে দ্বিতীয় স্থানেৰে ৭৫ হাজাৰ টকা আৰু আজাদ হিন্দ ক্লাৱে তৃতীয় স্থানেৰে ৫০ হাজাৰ টকা লাভ কৰিছে । তেনেদৰে এইবেলি বেষ্ট মিডিয়া বঁটা লাভ কৰি পাঁচ হাজাৰ টকা পুৰস্কাৰ লাভ কৰিছে নিউজ লাইভ চেনেলে। এই ধনৰাশি প্ৰদান কৰিছে সমাজকৰ্মী ভাইটি চৌধুৰীয়ে ।

Leave A Reply

Your email address will not be published.