‘খেত বচাও অভিযান’ৰ অধীনত জ্ঞানকেন্দ্ৰত কৃষকৰ বাবে সজাগতা কাৰ্যসূচী সম্পন্ন

0

আজাৰা ,২৯ অক্টোবৰ : ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি ২২ অক্টোবৰৰ দেশজুৰি চলি থকা ‘খেত বচাও অভিযান’ৰ অহা ৩০ নৱেম্বৰত সামৰণি পৰিব। এই অভিযানৰ অংশ হিচাপে ২৭ অক্টোবৰত মাটিৰ স্বাস্থ্য সংৰক্ষণ, সুষম সাৰ প্ৰয়োগ আৰু বহনক্ষম কৃষি পদ্ধতিৰ প্ৰসাৰৰ উদ্দেশ্যে শৰাইঘাট দলঙৰ পাৰ্শ্ববৰ্তী দদৰাৰ জ্ঞান কেন্দ্ৰত এখন সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়।কাৰ্যসূচীত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ মুৰব্বী সোণমইনা ভূঞা , আৰু বিষয়বস্তু বিশেষজ্ঞ ডঃ ইলাক্ষী ডেকা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। কাৰ্যসূচীটো পৰিচালনা কৰে গেৰুৱা কৃষি উন্নয়ন চক্ৰৰ কৃষি উন্নয়ন বিষয়া অম্লানজ্যোতি ডেকাই । এই কাৰ্যসূচীত বহু সংখ্যক আগ্ৰহী আৰু প্ৰগতিশীল কৃষকে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত উপস্থিত সমল ব্যক্তিসকলে উপস্থিত কৃষকসকলক সুষম সাৰ প্ৰয়োগ, মাটিৰ স্বাস্থ্য ৰক্ষা আৰু বহনক্ষম কৃষি পদ্ধতিৰ বিষয়ে গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। এই কাৰ্যসূচীৰ জৰিয়তে অংশগ্ৰহণকাৰী কৃষকসকলৰ মাজত সাৰৰ সঠিক ব্যৱহাৰ আৰু স্বাস্থ্যসন্মত কৃষি পদ্ধতিৰ বিষয়ে সজাগতা বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

Leave A Reply

Your email address will not be published.