খানামুখত শ্ৰী শ্ৰীলক্ষ্মী পূজা উদযাপন; দিহা নাম প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

0

জালুকবাৰী , ২৯ অক্টোবৰ: গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখত বিগত বছৰ সমুহৰ দৰে এইবেলিও ২৫ আৰু ২৬ অক্টোবৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫৪ সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পূজা উদযাপন কৰা হয়। ২৫ অক্টোবৰত পুৱা ৯ বজাত ধৰ্মধজ্জা উত্তোলনৰে পূজাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি, অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ আৰক্ষী বিষয়া অনিল বৈশ্যই আৰু বন্তি প্ৰজ্বলন কৰে মুখ্য উপদেষ্টাদ্বয় বলেন্দ্ৰ চন্দ্ৰ ঠাকুৰীয়া আৰু যাদৱ চন্দ্ৰ কলিতাই। আনহাতে পূজাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ২৫ অক্টোবৰত বিয়লি এক বজাৰ পৰা অনুষ্ঠিত মহিলাৰ দিহা নাম প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি কেশৱ কলিতাই। প্ৰতিযোগিতাৰ পূৰ্বে অনুষ্ঠিত এক অনুষ্ঠানত লক্ষ্মী পূজাৰ জন্মলগ্নৰে লগত জড়িত কেবাজনো জ্যেষ্ঠ পুৰুষ আৰু মহিলাক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। আনহাতে দিহা নাম প্ৰতিযোগিতাত আজাৰা থানা এলেকাৰ আগছিয়া গাঁৱৰ শ্ৰী শ্ৰীবংশী গোপাল দিহা নাম দলে প্ৰথম বিজয়ী দলৰ সন্মান লাভ কৰি বৰদা কলিতা সোঁৱৰণি চলন্ত বঁটাসহ নগদ ৩,৫০১ টকা, জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদৰ ময়ুৰপংখী নামতি দলে দ্বিতীয় বিজয়ী দলৰ সন্মান লাভ কৰি অমৃত ঠাকুৰীয়া সোঁৱৰণি চলন্ত বঁটাসহ নগদ ৩,০০১ টকা আৰু দক্ষিণ কামৰূপৰ পলাশবাৰী পাল্লীৰ নামাঞ্জলী নামতি দলে তৃতীয় বিজয়ী দলৰ সন্মান লাভ কৰি প্ৰভাত চন্দ্ৰ কলিতা সোঁৱৰণি চলন্ত বঁটাসহ নগদ ২,৫০১ টকা লাভ কৰে। আনহাতে আগছিয়াৰ শ্ৰী শ্ৰী বংশী গোপাল দিহা নাম দলৰ মুখ্য নামতি গীতাঞ্জলি ভূঞাই শ্ৰেষ্ঠ নামতিৰ সন্মান লাভ কৰি আনন্দ মহন্ত সোঁৱৰণি বঁটাসহ নগদ ২,০০১ টকা লাভ কৰে। প্ৰতিযোগিতাৰ অন্তত বিজয়ী দলক বঁটা সমুহ বিতৰণ কৰা হয়। সন্ধিয়া ৬ বজাত প্ৰতিমা স্থাপনৰে পূজাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। নিশা ১০ বজাৰ পৰা গোৱালপাৰা জিলাৰ দুধনৈৰ ত্ৰিনয়ণ যান্ত্ৰিক থিয়েটাৰ দলৰ দ্বাৰা নাট প্ৰদৰ্শন কৰা হয়। ২৬ অক্টোবৰ দ্বিতীয় তথা শেহৰ দিনা পুৱা উষা কীৰ্তন, প্ৰসাদ আৰু নিৰ্মালী বিতৰণ কৰা হয়। বিয়লি ৪ বজাৰ পৰা সন্ধিয়ালৈ বৃহত্তৰ খানামুখ অঞ্চলৰ আটাইকেইখন খেলৰ আয়তীসকলে সমূহীয়াভাবে নাম – কীৰ্তন পৰিৱেশন কৰে । তাৰ পাছত সমূহীয়া চাহ মেল , অন্তৰংগ আলাপ অনুষ্ঠান আৰু নিশা প্ৰীতি ভোজৰে এইবেলিৰ দুদিনীয়া লক্ষ্মী দেৱীৰ পূজাৰ কাৰ্যসূচীৰ সামৰণি পৰে।

Leave A Reply

Your email address will not be published.