তৃণমূল পৰ্যায়ত যুৱ ক্ৰিকেট প্ৰতিভাৰ বিকাশৰ লক্ষ্যৰে টপচেম চিমেণ্টৰ বিশেষ পদক্ষেপ, অসমৰ ১০খন বিদ্যালয়ক ক্ৰিকেটৰ সামগ্ৰী বিতৰণ

গুৱাহাটী, ২৮ অক্টোবৰ : উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰণী চিমেণ্ট ব্ৰেণ্ড টপচেম চিমেণ্টে অসমৰ ১০খন বিদ্যালয়ত ক্ৰিকেটৰ সামগ্ৰী বিতৰণ কৰে। তৃণমূল পৰ্যায়ত ক্ৰীড়াৰ প্ৰসাৰ, যুৱ ক্ৰীড়া প্ৰতিভাৰ বিকাশ আৰু সমাজৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ক্ৰিকেটৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলা আৰু তেওঁলোকৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি যোগান ধৰাই হৈছে এই পদক্ষেপৰ মূল লক্ষ্য।
বেট, বল, পেড আৰু অন্যান্য প্ৰয়োজনীয় ক্ৰীড়া সামগ্ৰীসমূহ গুৱাহাটীৰ হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত অনুষ্ঠিত এক অনুষ্ঠানত বিতৰণ কৰা হয়। অনুষ্ঠানটোত মুখ্য অতিথি তথা টপচেম চিমেণ্টৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে উপস্থিত থাকে জনপ্ৰিয় ক্ৰিকেটাৰ, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আৰু পদ্মভূষণ বঁটাপ্ৰাপক সুনীল মনোহৰ গাভাস্কাৰ। তেখেতে সংশ্লিষ্ট বিদ্যালয়সমূহৰ প্ৰতিনিধিসকলৰ হাতত ক্ৰিকেটৰ সামগ্ৰীসমূহ প্ৰদান কৰে। এই অনুষ্ঠানত মেঘালয় চিমেণ্টছ লিমিটেডৰ সঞ্চালক বজৰং লোহিয়া আৰু প্ৰতিষ্ঠানটোৰ বিক্ৰী আৰু বিপণন বিভাগৰ ছিনিয়ৰ প্ৰেচিডেন্ট ড° অনিল কাপুৰো উপস্থিত থাকে।
অনুষ্ঠানত ভাষণ আগবঢ়াই সুনীল মনোহৰ গাভাস্কাৰে যুৱ ক্ৰিকেট প্ৰতিভাসকলক সহায় কৰাৰ লগতে তৃণমূল পৰ্যায়ত ক্ৰিকেটৰ প্ৰসাৰৰ বাবে টপচেম চিমেণ্টে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়। তেখেতে কয়, “যুৱ প্ৰতিভাসকলে ক্ৰিকেটক পেছা হিচাপে গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পৰা এনে পদক্ষেপ সঁচাকৈয়ে প্ৰেৰণাদায়ক। টপচেম চিমেণ্টে গ্ৰহণ কৰা এই পদক্ষেপৰ মই শলাগ লৈছোঁ। যুৱ প্ৰজন্মৰ মাজত ক্ৰিকেটৰ দক্ষতা বিকাশৰ বাবে এয়া এক ব্যতিক্ৰমী পদক্ষেপ। ২০২৭ বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া প্ৰথম গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথনত সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ।”
সুনীল গাভাস্কাৰৰ উপস্থিতি আৰু সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি মেঘালয় চিমেণ্টছ লিমিটেডৰ সঞ্চালক বজৰং লোহিয়াই কয়, “টপচেম চিমেণ্টে বিভিন্ন ক্ৰীড়া কাৰ্যকলাপক উৎসাহিত কৰাৰ উদ্দেশ্যে নিৰন্তৰভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। অঞ্চলটোত ক্ৰিকেটৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে এয়া এক ব্যতিক্ৰমী প্ৰয়াস। মই আশা কৰোঁ যে এই পদক্ষেপে কণ কণ শিক্ষাৰ্থীসকলক যথেষ্ট উপকৃত কৰিব আৰু তেওঁলোকৰ ক্ৰীড়া প্ৰতিভা বিকাশত সহায় কৰিব। এই পদক্ষেপৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ লগতে নিজৰ বহুমূলীয়া উপস্থিতিৰে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে পদ্মভূষণ বঁটাপ্ৰাপক সুনীল মনোহৰ গাভাস্কাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”
এই পদক্ষেপৰ জৰিয়তে অসমৰ ১০খন বিদ্যালয়ৰ ক্ৰিকেট দল উপকৃত হয়। বিদ্যালয়কেইখন হৈছে – হাজো এছ বি এছ কে আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, পি এম শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বালি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোৱৰ্ধন আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়, পাণ্টান উচ্চ মাধ্যমিক বিদ্যালয়, ছয়গাঁও, ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰোহিণী কুমাৰ চৌধুৰী উচ্চ মাধ্যমিক বিদ্যালয়, কুকুৰমাৰা আৰু উপৰহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়।
ক্ৰিকেটৰ সামগ্ৰী প্ৰদানৰ এই পদক্ষেপে শিক্ষাৰ্থীসকলৰ নিয়মীয়া অনুশীলনক সহায় কৰাৰ লগতে প্ৰয়োজনীয় ক্ৰীড়া সা-সঁজুলি লাভৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে বিদ্যালয় পৰ্যায়ৰ লগতে অন্যান্য ক্ৰিকেট প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিবলৈ উৎসাহিত হ’ব। তদুপৰি এই পদক্ষেপৰ লক্ষ্য হৈছে যুৱ খেলুৱৈসকলৰ মাজত আত্মবিশ্বাস, অনুশাসন, দলীয় সহযোগিতা আৰু ক্ৰীড়াসুলভ মনোভাবৰ বিকাশ সাধন কৰা।
এই পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি মেঘালয় চিমেণ্টছ লিমিটেডৰ বিক্ৰী আৰু বিপণন বিভাগৰ ছিনিয়ৰ প্ৰেচিডেন্ট ড° অনিল কাপুৰে কয়, “এটি শিশুৰ সৰ্বাংগীণ বিকাশত বিশেষকৈ শাৰীৰিক আৰু মানসিক দিশত ক্ৰীড়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেই উদ্দেশ্যে আমি এই বিদ্যালয়কেইখনক ক্ৰিকেটৰ সামগ্ৰী প্ৰদানৰ জৰিয়তে সহায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। জনপ্ৰিয় ক্ৰিকেটাৰ সুনীল মনোহৰ গাভাস্কাৰৰ দৰে এগৰাকী মহান খেলুৱৈৰ হাতৰ পৰা ক্ৰিকেটৰ সামগ্ৰী লাভ কৰি বিদ্যালয়কেইখনৰ শিক্ষাৰ্থীসকল যথেষ্ট উৎসাহিত আৰু অনুপ্ৰাণিত হ’ব বুলি আমি আশা কৰিছোঁ। সুনীল গাভাস্কাৰে উল্লেখ কৰাৰ দৰেই ২০২৭ বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া প্ৰথম গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথনত অধিক সংখ্যক লোকে অংশগ্ৰহণ কৰাটো কামনা কৰিছোঁ।”
ক্ৰিকেটৰ সামগ্ৰী বিতৰণৰ এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়া প্ৰতিভাক উৎসাহিত কৰাৰ লগতে তৃণমূল পৰ্যায়ত ক্ৰিকেটৰ বিকাশৰ বাবে টপচেম চিমেণ্টে অব্যাহত ৰখা প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে। বিদ্যালয়ৰ ক্ৰিকেট দলসমূহক সহায় আগবঢ়োৱাৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে যুৱ খেলুৱৈসকলৰ বাবে প্ৰয়োজনীয় ক্ৰীড়া সা-সঁজুলিৰ সহজলভ্যতা বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। ইয়াৰ ফলত উদীয়মান খেলুৱৈসকলে নিজৰ দক্ষতা বিকাশ, আত্মবিশ্বাস বৃদ্ধি আৰু দলীয় সহযোগিতা তথা একাগ্ৰতাৰ দৰে গুণ আয়ত্ত কৰাৰ সুযোগ লাভ কৰিব।
ক্ৰীড়াৰ উপৰি টপচেম চিমেণ্টে শিক্ষা, স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা, সমাজ কল্যাণ তথা অঞ্চলটোৰ জনসাধাৰণৰ সৰ্বাংগীণ বিকাশৰ সৈতে জড়িত বিভিন্ন পদক্ষেপৰ জৰিয়তে সমাজৰ উন্নয়নৰ প্ৰতিও নিজৰ দায়বদ্ধতা অব্যাহত ৰাখিছে। এনে নিৰন্তৰ প্ৰচেষ্টাৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে যুৱ প্ৰজন্মৰ বিকাশৰ লগতে সেৱা আগবঢ়োৱা অঞ্চলসমূহৰ সামগ্ৰিক উন্নয়নত অৱদান আগবঢ়াবলৈ প্ৰয়াস কৰিছে।
এই অনুষ্ঠানৰ সফল ৰূপায়ণত আগবঢ়োৱা সহযোগিতাৰ বাবে টপচেম চিমেণ্টে সুনীল মনোহৰ গাভাস্কাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছে। ইয়াৰ লগতে অনুষ্ঠানটো সফল কৰি তোলাত সহযোগিতা আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকল, বিদ্যালয়সমূহৰ প্ৰতিনিধি আৰু উপস্থিত সকলোৰে প্ৰতিও প্ৰতিষ্ঠানটোৱে কৃতজ্ঞতা প্ৰকাশ কৰিছে।