ভাৰতৰ শীৰ্ষ বৈদ্যুতিক বাহনত এতিয়া অনন্য আভিজাত্যৰ পৰশ

গুৱাহাটী, ২৮ অক্টোবৰ : দেশৰ বৈদ্যুতিক বাহনৰ জগতত ব্যৱসায়িক শ্ৰেণীৰ আৰাম আৰু আধুনিক বৈভৱক এক অনন্য উচ্চতালৈ লৈ যোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে জেএছডব্লিউ এম জি মটৰ ইণ্ডিয়াই। প্ৰতিষ্ঠানটোৱে আজি ভাৰতৰ আগশাৰীৰ ইভিৰ* অধিক বিলাসী ৰূপ ‘এম জি উইণ্ডচৰ ইনডাল্জ সংস্কৰণ’বজাৰত মুকলি কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ৩৮ কিলোৱাট-ঘণ্টা ক্ষমতাৰ বেটাৰীযুক্ত এই বাহনখনে ১০০ কিলোৱাট (১৩৬ পিএছ) শক্তি আৰু ২০০ নিউটন-মিটাৰ টৰ্ক উৎপাদন কৰাৰ লগতে প্ৰদান কৰে ৩৩২ কিলোমিটাৰৰ# প্ৰত্যায়িত যাত্ৰা পৰিসৰ।
এম জি উইণ্ডচৰৰ ভৱিষ্যতমুখী আৰ্হি, প্ৰশস্ত ভিতৰচৰা আৰু সুপৰিচিত বিজনেছ-ক্লাছ আৰামৰ ভেটিত নিৰ্মিত ইনডাল্জ সংস্কৰণে কঢ়িয়াই আনিছে সুকীয়া আভিজাত্যৰ এক নতুন মাত্ৰা। পথত এক বলিষ্ঠ আৰু স্বতন্ত্ৰ পৰিচিতি গঢ়ি তুলিবলৈ এই বিশেষ সংস্কৰণত প্ৰথমবাৰৰ বাবে সংযোজিত হৈছে ডুৱেল-টোন বাহ্যিক ৰূপ, য’ত শ্বেড’ গ’ল্ড মূল ৰঙৰ সৈতে ব্যৱহাৰ হৈছে বৈপৰীত্যপূৰ্ণ ব্লেক ৰুফ। ব্লেক অ’আৰভিএম, আৰ-১৮ ব্লেক এলয় আৰু চি-পিলাৰত খোদিত বিশেষ ‘ইনডাল্জ’ নামফলকে বাহনখনৰ প্ৰিমিয়াম চৰিত্ৰ অধিক স্পষ্ট কৰি তুলিছে।
ভিতৰচৰাৰ কেবিনত স্থান পাইছে এক সুকীয়া আৰ্বান টেন আৰু ক’লা ৰঙৰ আসন সজ্জাই, যিয়ে পৰিৱেশটোক প্ৰদান কৰিছে অধিক উষ্ম আৰু মাৰ্জিত ৰূপ। সন্মুখৰ হেডৰেষ্টসমূহত বিশেষভাৱে কৰা ‘ইনডাল্জ’ এম্ব্ৰয়ডাৰীয়ে তুলি ধৰিছে সংস্কৰণটোৰ স্বকীয়তা। দ্বিতীয় শাৰীৰ যাত্ৰীৰ বাবে বিজনেছ-ক্লাছ অভিজ্ঞতাক অনন্য মাত্ৰা দিয়াৰ উদ্দেশ্যে এম জি উইণ্ডচৰ ইনডাল্জ সংস্কৰণত মান্য সুবিধাসম্পন্ন প্ৰাইভ স্ক্ৰীন সংযোগ কৰা হৈছে। এই ব্যৱস্থাই পিছফালৰ যাত্ৰীক বিশেষ বিনোদন আৰু স্বাচ্ছন্দ্য প্ৰদান কৰিব। সমগ্ৰ পৰিৱেশটোক অধিক আৰামদায়ক আৰু অনন্য কৰি তুলিছে ইনডাল্জ থিমযুক্ত কুশ্বন আৰু নেক পিল’ৱে।
বাহনখনত নিজা ৰুচি আৰু পছন্দৰ সুকীয়া চাপ বহুৱাব খোজা গ্ৰাহকৰ বাবে প্ৰতিষ্ঠানটোৱে উপলব্ধ কৰিছে বিশেষভাৱে নিৰ্বাচিত উপকৰণৰ এক আকৰ্ষণীয় সম্ভাৰ। ইয়াৰ জৰিয়তে চালক আৰু আৰোহীয়ে অধিক স্বতন্ত্ৰ শৈলী তথা ব্যক্তিগত স্বাচ্ছন্দ্যৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব।
এই নতুন সংস্কৰণ মুকলি কৰি জেএছডব্লিউ এম জি মটৰ ইণ্ডিয়াৰ মুখ্য বাণিজ্যিক বিষয়া বিনয় ৰাইনাই কয়, “এম জি উইণ্ডচৰ কেৱল আমাৰ বাবেই নহয়, সমগ্ৰ ইভি খণ্ডৰ বাবেই এক গুৰুত্বপূৰ্ণ বাহন। বৈদ্যুতিক বাহন ক্ৰয়ক লৈ দ্বিধাদ্বন্দ্বত থকা বহু ব্যক্তিক নতুন গতিশীলতা আঁকোৱালি ল’বলৈ উৎসাহিত কৰিছে এই বাহনে। মাত্ৰ ২৪ মাহতে ৮০,০০০তকৈ অধিক পৰিয়ালৰ মাজলৈ যোৱাটো এক উল্লেখযোগ্য মাইলৰ খুঁটি। এই যাত্ৰাই গ্ৰাহকক উইণ্ডচৰে প্ৰদান কৰা মূল্য আৰু বিশ্বাসক প্ৰতিফলিত কৰে। এই সফলতাক ভেটি কৰিয়েই আমি ইনডাল্জ সংস্কৰণত বিশেষ সংযোজন আৰু উন্নত কেবিন অভিজ্ঞতা আগবঢ়াইছোঁ। ইয়াৰ জৰিয়তে গ্ৰাহকে উইণ্ডচৰ জীৱনশৈলীৰ এক অধিক প্ৰিমিয়াম আৰু ব্যক্তিগত অভিব্যক্তি লাভ কৰিবলৈ সক্ষম হ’ব। গ্ৰাহকৰ সলনি হোৱা ৰুচি আৰু পছন্দৰ সৈতে সংগতি ৰাখি আমি উইণ্ডচৰক ধাৰাবাহিকভাৱে অধিক উন্নত কৰি নিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। লগতে উইণ্ডচৰক ইভি বজাৰত জনপ্ৰিয় কৰি তোলা মূল বৈশিষ্ট্যসমূহো আমি সম্পূৰ্ণৰূপে বাহাল ৰাখিছোঁ।”
মন কৰিবলগীয়া যে, ভাৰতৰ প্ৰথম বুদ্ধিমত্তাসম্পন্ন চিইউভি হিচাপে নগৰীয়া যাতায়াতৰ মানচিত্ৰত এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে এম জি উইণ্ডচৰে। চেডানৰ প্ৰশস্ত আৰাম আৰু এছইউভিৰ বলিষ্ঠ ৰূপৰ এক নিখুঁত মেলবন্ধন ঘটিছে এই বাহনখনত। গতানুগতিক বাহনৰ ধাৰণাক অতিক্ৰম কৰি এম জি উইণ্ডচৰত প্ৰতিফলিত হৈছে এক ভৱিষ্যতমুখী ‘এৰ’ গ্লাইড’ আৰ্হি। বাহনখনৰ ভিতৰচৰাত যাত্ৰীৰ বাবে সংলগ্ন কৰা হৈছে ১৩৫ ডিগ্ৰীলৈকে হেলনীয়া কৰিব পৰা এৰ’ লাউঞ্জ আসন। এনে আসনৰ জৰিয়তে আৰোহীয়ে লাভ কৰিব পাৰিব ব্যৱসায়িক শ্ৰেণীৰ অতুলনীয় আৰাম আৰু স্বাচ্ছন্দ্য। একেদৰে কেবিনৰ ভিতৰৰ পৰিৱেশ অধিক আধুনিক কৰি তুলিবলৈ চেন্টাৰ কনচোলত ১৫.৬ ইঞ্চিৰ প্ৰশস্ত গ্ৰেণ্ডভিউ টাচ ডিচপ্লে’ সংযোজন কৰা হৈছে। এই উন্নত ব্যৱস্থাই চালকক প্ৰদান কৰিব এক সহজ আৰু মনোৰম চালন অভিজ্ঞতা।